সমললৈ যাওক

পৃষ্ঠা:পদ্যমালা- প্ৰথম ভাগ.djvu/৩৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৫

বিদ্যা বুদ্ধি জ্ঞান আছে কাৰ মোৰ সম।
মোৰ ওচৰত হয় সকলো অধম॥
অহঙ্কাৰী এই কথা ভাবন্ত মনত।
জগতক তৃণ সম মানয় সতত॥
সৰ্ব্বদা ফুৰন্ত গাক চাই আপোনাৰ।
গুরুজন দেখিও ন কৰে নমস্কাৰ॥
কাৰো সঙ্গে ন কৰন্ত কথোপকথন।
ধৰ্ম্ম কৰ্ম্ম একো মনে ন কৰে চিন্তন॥
এনে লোকে যদি ভাগ্যে পান্ত উচ্চ পদ।
শত লক্ষ গুণে বাঢ়ে তাৰ গৰ্ব্বমদ॥
হেন অহঙ্কাৰী লোক জগতে নিন্দিত।
সবাৰো অপ্ৰিয় হৈয়া থাকে পৃথিবীত॥
ঈশ্বৰৰ আগে দোষী অহঙ্কাৰী জন।
তাৰ ফল পাব মৃত্যু মিলিবে যেখন॥
অহঙ্কাৰ মহাৰিপু শাস্ত্ৰৰ বচন।
আক জানি অহঙ্কাৰ এড়া অনুক্ষণ॥

অহিংসা।

যত জীব জন্তুগণ আছে পৃথিবীত।
কাৰো প্ৰতি দ্বেষ কৰা নোহয় উচিত॥