সমললৈ যাওক

পৃষ্ঠা:পদ্যমালা- প্ৰথম ভাগ.djvu/৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

(৫)

তেতিয়া মাতৃয়ে দুঃখে, দেখন্ত বাটৰ ফালে,
নেদেখিলে পুনু মগ্ন হোৱয় দুঃখত॥

আহোতে পুত্ৰৰ যদি, দেখন্ত মুখৰ বান,
আছঁলে মুছিয়া কৰে মুখক চুম্বন।
অতি মৰমেৰে পাছে, জলপান কৰাৱন্ত,
নিজ সন্নিধানে ৰাখে প্ৰিয় পুত্ৰ ধন॥

এক পাঠি মুখে বলি, শুনে পুত্ৰ গঢ়ে ভাল,
নিয়মিত সময়ত হয় উপস্থিত।
তেতিয়া মাতৃয়ে মনে প্ৰশংসন্ত আপোনাক,
পুত্ৰৰ স্বভাবে হৈয়া অতি আহলাদিত॥

যদি কাৰো মুখে শুনে, লৰাৰ কুৰীতি কথা,
সীমা ন থাকয় তেবে মাতৃৰ দুঃখৰ।
সেই ৰীতি দূৰহেতু, কত যে যতন কৰে,
কতবাৰ কৰে তাঙ্ক কত তিৰস্কাৰ॥

তথাপিতো পুত্ৰ যদি, নভৈলন্ত শুদ্ধমতি,
মাকে কি বিমুখ হয় স্নেহে কদাচিত।
কাচিত নোহয় সিতো, মাতৃৰ মনত সম,
কুপুত্ৰে সুপুত্ৰে আছে স্নেহ সুবিহিত॥