পৃষ্ঠা:পদ্যমালা- প্ৰথম ভাগ.djvu/১৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

(৯)

জগতত বসতি কৰন্ত যত জন।
সকলোয়ে হয় এক পিতৃৰ নন্দন॥
পৰস্পৰে ভাই ভনী সম্বন্ধ হোৱয়।
সকলোকে প্ৰীতি কৰা উচিত নিশ্চয়॥
সকলোৰে ওচৰত সকলোৰে দোষ।
পৰম্পৰে[১] সংশোধিবা পৰস্পৰ দোষ॥


প্ৰকৃত মানুহ কাক বোলে?

সদাই মিছা কৈ ফুৰে পৰহিংসা কৰে।
ঈশ্বৰলৈ ভয় নাই ধনকে বিচাৰে॥
দুঃখীয়াৰ দুখ দেখি নকৰে যি দুঃখ।
দিনে ৰাতি ভাবে কেনে হব নিজ সুখ॥
পৰৰ যন্ত্ৰণা দেখি আনন্দ কৰয়।
কদাচিতো নৰ সিতো ন হয় ন হয়॥
ধীৰে ধীৰে খোজ কাঢ়ে মুৰুতি গহীন।
অশুচি শুচিৰ কথা বোলে ৰাতি দিন॥
দেখিলে পৰৰ দোষ নয়ন পকাই।
সিজনে নিজৰ দোষ কদাপি না চাই॥

  1. পৰম্পৰ-ইটেসিটে।