পৃষ্ঠা:পদ্যমালা- প্ৰথম ভাগ.djvu/৩৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(৩০)

হেন বন্ধু সঙ্গে যাৰ বসতি সদাই।
প্ৰতি দিন সুকমলমে[১]দিন তাৰ যাই॥

পরাধীন আৰু স্বাধীন।

পৰাধীন জীবনৰ হয় অতি দুঃখ।
তিলেকো মনত তাৰ নাথাকয় সুখ॥
সময়ত খোৱা বোৱা পিন্ধা উৰা কৰি।
থাকিব নোৱাৰে সিতো ইচ্ছা অনুসৰি॥
বিশ্বাসৰ অনুসাৰে কামক কৰিব।
নোৱাৰিয়া মনোদুঃখে দিনক যাপিব॥
সি জনে সত্যক সত্য বুলিব নোৱাৰে।
লোকৰ মনক চাই ”হুই নুই” কৰে॥
সুখৰ না থাকে সীমা হইলে স্বাধীন।
আত্মবশে থাকি সদা কটাৱন্ত দিন॥
বিশ্বাসৰ মতে চলি সত্যৰ পথত।
ইহ পৰ কালে সুখ লভে যথাবত॥
কাম ক্ৰোধ লোভ আদি যত ৰিপুচয়।
নিজ বশে ৰাখি ভুঞ্জে [২] সুখক অক্ষয়॥

  1. * সুকমলমে-নিৰ্ব্বিয়ে।
  2. † ভুঞ্জে -ভোগ কৰে।