পৃষ্ঠা:পদ্যমালা- প্ৰথম ভাগ.djvu/৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

(৩)

সদগুণৰ শোভাকৰ হোৱন্ত বিনয়।
বিনয় ন হলে লোক শোভা ন পাৱয়॥
যদি বা হোৱয় লোক সদগুণপূৰিত।
অসামান্য বিদ্যা বুদ্ধি জগতে বিদিত॥
কিন্তু যদি সুবিনয় গুণ না থাকয়।
যত বিদ্যা বুদ্ধি সব ঘৃণিত হোৱয়॥
লোকে যদি প্ৰশংসা কৰন্ত সুবিহিত।
তথাপি বিনীত হোৱা নিতান্ত উচিত॥
সৰ্ব্বগুণ চূড়ামণি বিনয় ভূষণ।
পৰিধান কৰি কৰা সাৰ্থক জীবন॥

মাতৃস্নেহ।

আহা! কি অপূৰ্ব্ব স্নেহ, জননীৰ অন্তৰত,
বৰ্ণিবাক কাৰ সাধ্য আছে সংসাৰত।
মাতৃয়ে অসীম স্নেহ, প্ৰচাৰন্ত অনুক্ষণ,
দেখা কি না উপকাৰ হয় সংসাৰত॥

মাতৃয়ে পুত্ৰৰ হেতু, কত যে যন্ত্ৰণা সহে,
দশ মাস দশ দিন জঠৰত ধৰি।
যদি লৰা প্ৰসবিলে, মাকে তাৰ হেতু সদ',
অমৃত সমান স্তন দেন্ত মুখ ভৰি॥