পৃষ্ঠা:পদ্যমালা- প্ৰথম ভাগ.djvu/৩২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
( ২৮ )

সৰ্ব্বদা বতাহ বয়,   ফল শস্য জন্ম হয়,
  পৃথিবীৰ মাঝে নিৰন্তৰ॥
পিতৃ মাতৃৰ মনত,   স্নেহ দিলে যথাবত,
  যি স্নেহত পালিত সন্তান।
এতেকে হে মূঢ় মন!   স্মৰা তাঙ্ক প্ৰতিক্ষণ,
  সেই জন জগত প্ৰধান॥৬॥
গেন্ধাই যুতি বকুল,   আদি যত আছে ফুল,
  ফুলি ফুলি গুণ প্ৰকাশয়।
পক্ষি সবে মাতমাতি,   মৃদু স্বৰে দিনে ৰাতি,
  ব্ৰহ্ম গুণ দিয়ে পৰিচয়॥
প্ৰত্যেকৰ অন্তৰত,   স্নেহ দিছে নীতিমত,
  তাঙ্ক জানিবাক আরু জ্ঞান।
এতেকে হে মূঢ় মন!   স্মৰা তাঙ্ক প্ৰতিক্ষণ,
  সেই জন জগত প্ৰধান॥৭॥



ধাৰ্ম্মিক লোকৰ দুঃখতো সুখ।


যি সব পৰম ভক্ত ঈশ্বৰৰ হয়।
তাঁৰ আজ্ঞা শিৰে ধৰি থাকিব নিশ্চয়॥
মৰণতো সি সবৰ ন হব সংশয়।
মুক্তিৰ আহলাদে সিতো থাকিব নিৰ্ভয়॥