পৃষ্ঠা:পদ্যমালা- প্ৰথম ভাগ.djvu/৩৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(২৯)

ঈশ্বৰৰ হেতু যদি ভুঞ্জি থাকে দুঃখ।
তাকো সহি সিতো জনে কৰিৱন্ত সুখ॥
পৰম আনন্দ কথা মনত পড়িব।
প্ৰভুৰ প্ৰেমত মন মজিয়া থাকিব॥
অকপট প্ৰেমে যিতো ভক্তিত থাকিব।
অনন্ত সুখক পৰকালত লভিব॥
ভুঞ্জোক অনেক দুঃখ পড়ি সংসাৰত।
তথাপি ধৰ্ম্মৰ সুখ পাৱন্ত মনত॥
ঈশ্বৰত যাৰ মন সৰ্ব্বদা থাকয়।
সাংসাৰিক দুঃখে কিবা কৰিতে পাৰয়॥

যথাৰ্থ বন্ধু।

যি জনে পাপৰ পৰা কৰি নিবাৰণ।
শুভকাৰ্য্য কৰিবলৈ দেন্ত অনুক্ষণ॥
দোষক গুপুত কৰি গুণ প্ৰকাশয়।
বিনয় ভাৱেৰে সদা দোষ সংশোধয়॥
দুঃখে দুঃখী সুখে সুখী হোৱন্ত যি জিন।
কপট এড়িয়া কৰে মঙ্গল সাধন॥
প্ৰাণান্তে বিপদে নেড়ে একে ভাবে ৰয়।
পৃথিবী মাঝতে সত্য বন্ধু সেই হয়॥