সমললৈ যাওক

পৃষ্ঠা:পদ্যমালা- প্ৰথম ভাগ.djvu/৩১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
( ২৭ )

এতেকে হে মূঢ় মন!   স্মৰা তাঙ্ক প্ৰতিক্ষণ,
  সেই জন জগত প্ৰধান॥৩॥
পুত্ৰাদিৰ স্নেহৰস,   যি হতে জগত বশ,
  আৰু দিবা ৰাতি আহে যায়।
বিষয় সুখৰ আশে,   স্ত্ৰী পুরুষ সহবাসে,
  দেহ সমে জীব জন্ম হয়॥
আশ্চৰিত এই সব,   ভাবিলে যি জ্ঞান হব,
  প্ৰকাশিব নোৱাৰোঁ কখন।
এতেকে হে মুঢ় মন!   স্মৰা তাঙ্ক প্ৰতিক্ষণ,
  সেই জন জগত কাৰণ॥৪॥
সাকাৰ বুলিয়া আঙ্ক,   স্মৰণ কৰিলে তাঙ্ক,
  অনাদি অনন্ত বোলা টান।
যদি কাশী বৃন্দাবন,   ঘৰ তাঁৰ হয় মন
  সৰ্ব্বব্যাপী নাহয় কখন॥
তীৰ্থ যাত্ৰা পৰিশ্ৰম,   সকলো মনৰ ভ্ৰম,
  সাৰ মাত্ৰ প্ৰভু নিৰঞ্জন।
এতেকে হে মূঢ় মন!   স্মৰা তাঙ্ক প্ৰতিক্ষণ,
  সেই জন জগত কাৰণ॥৫॥
যাঁৰ শুভ আদেশত,   জুই জ্বলি জগতত,
  মানুহৰ সাধে উপকাৰ।