পৃষ্ঠা:পদ্যমালা- প্ৰথম ভাগ.djvu/১০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

(৬)

পুত্ৰ যদি দূৰ দেশে, যান্ত কোন কাৰণত,
শৰীৰমাত্ৰক ধৰি থাকন্ত কেবল।
পত্ৰ বা লোকৰ মুখে,লৰাৰ শুভবাতৰি,
শুনিবাক হয় মন অত্যন্ত বিহ্বল॥

যদি অকুশল বাৰ্ত্তা, শুনন্ত লোকৰ মুখে,
নিতান্ত হোৱয় মাতা শোকতে আকুল।
অস্থিৰ হইয়া চিত্ত, দেখে সব শূন্যময়,
মুখৰ আকৃতি হয় যেন বাহি ফুল॥

পুত্ৰৰ কুশল বাৰ্ত্তা, শুনিলে কৰ্ণত তাৰ,
আনন্দে লোতক ধাৰা বহিতে থাকয়।
আনন্দ সাগৰে মজি, হাততে আকাশ পায়,
মনে বাৰম্বাৰ সুখ-সিন্ধু উথলয়॥

এহেন জননী যাঁৰ, বিহীন হোৱন্ত তাৰ,
ইজনম হয় মাত্ৰ বৃথায় ধাৰণ।
বিদ্যাহীনজন যেনে, লোকত ন পান্ত শোভা,
ফলহীনা বৃক্ষ যেনে নোহয় শোভন॥

পতিহীনা তিৰোতাৰ, কিছুমাত্ৰ নাই সুখ,
সুখৰ আকৰ হয় জননী বিশেষ।