পৃষ্ঠা:পদ্যমালা- প্ৰথম ভাগ.djvu/২১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

( ১৭ )

জ্ঞান বিচার কৰাঁ॥

ধন জন যৌবনৰ গৰ্ব্ব কৰা মন॥
নাজানা নিমেষে হৰে সকলো শমন॥
এহি হেতু ৰিপু সব কৰিয়া দমন।
যাতে জ্ঞানোদয় হয় কৰাহাঁ তেমন॥
দিবাকৰ নিশাকৰ দীপ-শিখা আৰ।
নোৱাৰে নাশিব হৃদয়ৰ অন্ধকাৰ॥
জ্ঞানে পাৰে নাশিবাক মনৰ আন্ধাৰ।
জ্ঞানে সে পৰম জানা সুখৰ আধাৰ॥
হেৰা সখি? জ্ঞান বিনে সকলো অসাৰ।
জ্ঞান হয় সকলোৰে সুখৰ আধাৰ॥
জ্ঞানী লোক লোকান্তৰে কৰিলে গমন।
কীৰ্ত্তি তাৰ পৃথিবীতে কৰন্ত বমণ॥
হেন জ্ঞান শিক্ষা কৰিবাক যত্ন কৰা।
আলাস এড়িয়া জ্ঞানপথ অনুসৰা॥
সুনিৰ্ম্মল ৰত্ন বহু দেখিতে সুনাৰ।
আন্ধাৰ সমুদ্ৰ মাঝে গুপ্ত কলেবৰ॥
ফুটন্ত অনেক ফুল গহন কাননে।
সুগন্ধ বিনষ্ট কৰে বনৰ পবনে॥