পৃষ্ঠা:পদ্যমালা- প্ৰথম ভাগ.djvu/২৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
( ২০ )

কিন্তু কোনো বৃক্ষ ই কালত, দুঃখী অতি।
পত্ৰ এড়ি এড়ি হয়, জীৰ্ণ কলেবৰ॥
আসিব বসন্ত ৰজা, মহানন্দ কৰি।
তাৰ বাৰ্ত্তা জানি তুমি, গৰ্ব্ব ন কৰিবা॥
বিষম দৈবৰ গতি এই সংসাৰত।
আহা! চিৰকাল প্ৰাণী একত্ৰে নেথাকে॥
আক দেখি, শিক্ষালোৱা, সকল জিজ্ঞাসু, [১]
জগদীশ মাত্ৰ বল, সমস্ত প্ৰকৃতি॥

জি, ব,।




বিদ্যা।


রূপতো অধিক বিদ্যা মানুহৰ হয়।
বিদ্যা হ'লে অসুন্দৰে সুন্দৰ হোৱয়॥
বিদ্যা হয় ভোগ যশ কল্যাণ আলয়।
পৰম গুরুৰ গুরু বিদ্যা হে নিশ্চয়।
পৰম দেবতা বিদ্যা কৰা আৰাধন।
বিদ্যা বিদেশ স্থানত হয় বন্ধুজন॥
ৰজাৰ আগত বিদ্যা দিয়ন্ত মৰ্য্যতা।
ধনৰ শকতি নাই জানা সাৰ কথা॥


  1. * জিজ্ঞাসু - সুধাৰু।