পৃষ্ঠা:পদ্যমালা- প্ৰথম ভাগ.djvu/১২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

(৮)

জীবন মরণ তাৰ উভযে সমান।
ইহ পৰ কালে তাৰ নাই গুণগান॥
সুখ নাই যদি মিছা কহন্ত সদাই!
সুখ নাই যদি সতী স্ত্ৰীৰ পতি নাই॥
যৌবনত বোগ হলে ন থাকয় সুখ।
অৰ্থহীন হলে হয মানীৰ অসুখ॥
ভোগহীন নিৰোগীৰ একো সুখ নাই।
সুখ নাই যি তিৰীত মনে প্ৰেম নাই॥
পৰাধীন জীবনত কিবা আছে সুখ।
কৃপণৰ সেবা হয় ততোধিক দুঃখ॥
স্বাধীনতা ন থাকয় করিলে চাকৰী।
পৰাপক্ষে ন কৰিবা কখন চাকৰী॥
অসুখৰ হেতু বহু বিবাহত হয়।
যাৰ আছে ভাবি চাওক হয় কি ন হয়॥
পর-গৃহ-বাসী যিতো হোৱয় সতত।
কেতিয়াও সুখ শান্তি না থাকে মনত॥
আনৰ বস্তুক লোভে হৱে অনুক্ষণ।
কেবল হোৱন্ত তাৰ দুঃখ অনুক্ষণ॥
বৃদ্ধৰ যুবতী ভাৰ্য্যা দুঃখৰ কাৰণ।
এতেকতে জানি শুনি কিবা আচৰণ॥