এলকহ’লিক ঈশ্বৰ
[ ২ ]
এলকহ’লিক ঈশ্বৰ
আখৰ প্ৰকাশ
ALCOHOLIC ISWAR
A collection of assamese poems
Written by BITOPAN DAS
Published by Bornali Borgohain, Akhar Prakash,
Saraswati Plaza, Jaswanta Road, Panbazar, Guwahati-1
and printed at Akhar Prakash, Silpukhuri, Ghy-3
Ph.: +91 9864078175, +91 9854474605
E-mail : akharprakash@gmail.com
Price : Rs.45/- only
প্ৰকাশক : আখৰ প্ৰকাশ
সৰস্বতী প্লাজা, যশোৱন্ত ৰোড, পাণবজাৰ, গুৱাহাটী-১
প্ৰথম প্ৰকাশ : ডিচেম্বৰ, ২০১২
বেটুপাত /অংগসজ্জা : মৃণাল আকাশ মেধি
স্বত্ব: লেখকৰ দ্বাৰা সৰ্ব সংৰক্ষিত
মূল্য: ৪৫.০০ টকা
অৰ্পণ
নিদাৰুণ মানসিক যন্ত্ৰণাৰ বাহিৰে
যাক আৰু একোৱেই দিব নোৱাৰিলো
সেয়া মোৰ দেউতা শ্ৰী ভৰত চন্দ্ৰ দাস
আৰু মা শ্ৰী সুশীলা দাসৰ হাতত
[ ৫ ] কৃতজ্ঞতা
নীলিম কুমাৰ, মনোজ শৰ্মা, সনন্ত তাঁতী, প্ৰাণজিৎ বৰা, কিশোৰ কুমাৰ কলিতা,
বিজয় শংকৰ বৰ্মন, পংকজ পৰাণ, হিমাংশু প্ৰসাদ দাস, হিমাংশু কুমাৰ মেধি,
প্ৰাঞ্জল দলৈ, কংকনা দত্ত, গোকুল কলিতা, স্নেহাংকৰ, ডাঃ লী, ছাহজাহান,
ডুলুজিৎ দাস, ভাৰ্গৱজ্যোতি চহৰীয়া, জিৎজ্যোতি পাটগিৰি, ডেইজী শৰ্মা,
নিকুঞ্জ নাথ, আব্দুল ৱাহেদ, মুকুট ডেকা, মানৱ কাকতি, কমল কাকতি, ভৃণ্ড
কুমাৰ ডেকা, বিনয় কাকতি, জিতুমণি ডেকা, সুব্ৰত ভৰালী, নৱজ্যোতি ভৰালী,
অজিত কাকতি, হেমেন্দ্ৰ শৰ্মা, বিশ্বজ্যোতি শৰ্মা, উৎপল সিং ভৰালী, কৈলাশ
কাকতি, মুকুট দাস, হিতেন শৰ্মা, হেৰম্ব কাকতি, লীমা কলিতা, ভনীতা নাথ,
মৃগেন কলিতা, মৃত্যুঞ্জয় কাকতি, মলয়া কলিতা।
অকৃতজ্ঞতাৰে যাৰ ওচৰত চিৰ দিন ঋণী হৈ থাকিব খোজো⸺ প্ৰণৱ কুমাৰ বৰ্মন, কমল কুমাৰ মেধি, বৰ্ণালী বৰগোহাঁই, মৃণাল আকাশ মেধি, প্ৰাঞ্জল এ. শৰ্মা, মৃগেন মেধি।
যাৰ বাবে আকাল মোৰ শব্দৰ ভঁৰাল— অশোক আৰু মণিকংকনা আৰু নো কি ক’মঙ্গ
বিতোপন দাস
ফোন : ৯৮৬৪৯-১৪৭৮৫
পাতনি
সাম্প্ৰতিক সময়ৰ এজন প্ৰবল সম্ভাৱনাময় প্ৰতিভা বিতোপন দাস। প্ৰেমময় ভাবনা আৰু নৃশংস বাস্তৱৰ মাজত তেওঁৰ চিন্তাৰ অৱস্থান। যদিও কবিতা ‘চিন্তা’ৰ পৰিৱৰ্তে 'অনুভূতি’হে, তথাপি বিতোপনে অনুভূতিক চিন্তালৈ আৰু চিন্তাক অনুভূতিলৈ ৰূপান্তৰিত কৰিবলৈ নান্দনিক প্ৰচেষ্টা চলাইছে। এই প্ৰচেষ্টাই তেওঁক নতুন কাব্য ভাষা এটা সৃষ্টি কৰিবলৈও প্ৰেৰণা যোগাইছে। হয়তো এই চৰ্চাত তেওঁ ভালেমান উজুটিও খাইছে— সেয়া হৈছে মূলতঃ কবিতাত তেওঁৰ একাণপতীয়া মনোসংযোগৰ বিচ্ছিন্নতা। যেনে চালভাদ'ৰ ডালি বহুবাৰ তেওঁৰ কবিতাত ভুমুকি মাৰিছে যদিও ডালিৰ অনুপস্থিতিয়ে ‘ধৰা হওক’ কবিতাটোত আমাক শূন্যতাৰ গভীৰ দৰ্শনত উপস্থিত নকৰায় অথবা জীৱনৰ অৰ্থহীনতাৰ যি দৰ্শন তাৰো সন্ধান দিবলৈ সক্ষম নহয়৷ কবি বিভ্ৰান্ত তাত। ডালি নতুন খালী গাড়ীৰ চালকৰ আসনত— ই এক চমক হ'লেও সৰ্বস্বান্ত বৌদ্ধগণৰ বাবে আশাৰ বতৰা ই লৈ নাহে। আত্ম প্ৰৱঞ্চনাত লেটি লৈ কবিয়ে অদ্ভুতভাৱে জীয়াই থকাৰ যি আত্মগৌৰৱত নিমজ্জিত— সি আমাক শোকাকুল নকৰে। বিতৃষ্ণাৰ সৃষ্টি কৰে (নিৰুদ্দেশ)। নৈৰাশ্য আৰু জীৱনৰ ভ্ৰান্তিয়ে কবিক যেতিয়া অস্থিৰ কৰি ৰাখে সেই সময়তো 'মৃতালাপ' কবিতাত কবিয়ে জীৱন আৰু সময়ক অনন্য নান্দনিকভাবে উপস্থাপনত সফল হৈছে। 'ভোক' আৰু তাৰ পৰা উৎপত্তি হোৱা বিদ্ৰোহক লৈ তেওঁ অনন্য চিত্ৰ এখন আঁকিবলৈ সক্ষম হৈছে— [ ৭ ] অবশ্যে তাত সমাধানৰ বৈপ্লবিক পৰিৱৰ্তনৰ প্ৰসংগ তেওঁ সজাগভাবেই অনা নাই বা ৰাজনৈতিকভাৱে সেই মাৰ্গ ঢুকি পোৱা নাই। কবিতাৰ চিন্তা আৰু অনুভূতিৰ লেটাটোত অৱশ্যে শব্দবোৰ পখিলা হৈ উৰিছে। লেটাৰ সংকীৰ্ণতাৰ পৰা চেতনাৰ বিশাল ব্যক্তিলৈ তেওঁ উত্তৰিত হ'ব পাৰিলে তেওঁৰ কবিতা কেবল পখিলা নহৈ যুগমীয়া ফুলাম গছত পৰিণত হ'ব। মৃত্যু চেতনাই যিদৰে কবিক সৃষ্টিলৈ অনুপ্ৰেৰণা প্ৰেৰণ কৰিছে সেই একেদৰে মৃত্যুৰ স'তে সহাৱস্থান কৰি মৃতক কেতিয়াবা হৈ উঠিছে কথক— যদিও সেই কথকতা জীৱনৰ সমান গভীৰ হৈ উঠা নাই৷ ‘মূৰ কটা ছাগলীটোৰ দৰে পৰি থাকিল ৰাতিটো’ৰ দৰে পংক্তিয়ে আমাক এলিয়টলৈ মনত পেলাই দিয়ে। অৱশ্যে আমাৰ কবি পৰম্পৰাক সন্মান জনাইছে যদিও নৈৰ্ব্যক্তিক হৈ উঠিব পৰা নাই। বিষয়বস্তুৰ বৈচিত্ৰ্য, নতুনকৈ নিৰ্মাণ কৰিব খোজা কাব্যভাষাই তেওঁৰ কবিতাৰ প্ৰতি আমাক আগ্ৰহী কৰি তোলে— কিন্তু কবিতাবোৰৰ শেষৰ পিছৰ আৰম্ভণি কি হ'ব তাত চিন্তা-ভাবনাৰ জঁট লাগে। তেওঁৰ কবিতাৰ বিষয়বোৰে শব্দত ৰোমান্টিক ভাবালুতা দাবী নকৰে⸺কিন্তু কবিয়ে তাকেই আঁজুৰি আনে। প্ৰেম, নিৰাশা আৰু মৃত্যুৰ কৰি শব্দ-সংযমেৰে আৰু গভীৰতৰলৈ যাওক— অনুজ কবি বন্ধুলৈ আন এজন কাব্য চৰ্চাকাৰী আৰু পাঠকৰ সেয়াই আবেদন।
প্ৰণৱ কুমাৰ বৰ্মন ২৫/১২/২০১২
[ ৮ ] সূচীপত্ৰ
ধৰা হওক /৯
কিছু বলিয়ালি /১২
মাজনিশাৰ মালিতা /১৮
এৰালডাল /২০
আধৰুৱা /২১
জলকুঁৱৰীৰ সাধু / ২২
অঘৰী ঘড়ী এটাৰ কাহিনী /২৪
পঁইতাচোৰা /২৭
জিন্দাবাদ মহবৃত /৩০
নিৰুদ্দেশ /৩৪
আপোনাৰ মোৰ আৰু তেওঁৰ বাবে /৩৭
তেওঁলোকৰ কবিতা /৩৮
এক দুই তিনি /৪০
১ জানুৱাৰী, ২০১০ /৪২
মৃতালাপ /৪৪
বুদ্ধ /৪৭
তেনেকুৱা কোনো কথা নাছিল/৪৮
তুমি আহিবা বুলি /৫০
অজ্ঞতাৰ এটা অনুবাদ কবিতা /৫২
প্ৰেমৰ এসন্ধ্যা /৫৪
সাধুকথা— এক /৫৫
উচুপনিৰ কবিতা /৫৬
তুমি মেলি দিয়া হাত দুখনিৰ দৰে /৫৭
ওখোৰা-মোখোৰা এটা দুপৰীয়া /৫৮
এলক’হলিক ঈশ্বৰ আৰু এটা প্ৰেমৰ কবিতা /৫৯
ধৰা হওক এখন খালী গাড়ী
জালুকবাৰী-আদাবাৰী, জালুকবাৰী-আদাবাৰী
ভিৰৰ মাজত হেৰাই যোৱা মইজনক আপুনি
সাউত কৰে টানি নি বহুৱাই দিলে কোনোবাখন আসনত
নাম দিলে যাত্ৰী আৰু হেৰাই গ'ল আপুনি।
মই নিজকে এবাৰ চিকুটি চালোঁ
আপুনিতো বুজি নাপালে মই যে ইতিমধ্যেই
ক’ৰবাত নিজকে হেৰুৱাই আহিছোঁ৷
খালী গাড়ীখনত মই ক’ৰবালৈ গৈ আছোঁ
জালুকবাৰী অথবা আদাবাৰী
আপুনি জানে নেকি ক’ত থাকে ছালভাদৰ ডালি?
পাণবজাৰ এটা প্ৰেমৰ পুখুৰী
পাৰত দেখোঁ কেতিয়াবা ডালি
কঁকালৰ খোঁচনিত তেওঁৰ ঘৰমুৱা বেলি
ধৰা হওক গাড়ীখন এতিয়াও খালী হৈয়েই আছে
সেইবাবেই হয়তো পাণবজাৰ পাওঁতে
অলপ পলম হ'ব পাৰে
পাণবজাৰত ডালি নাই
পাণবজাৰত পুখুৰীটোও নাই
খিৰিকীখন খোলা আছিল বাবে
হয়তো মোৰ টোপনি আহিছিল
কিজানি কোনোবাটো ষ্টপেজত উঠি ডালি
মোৰ কাষতে বহি আহিছিল আৰু
মই চকু মেলাৰ আগতেই তেওঁ নামি ৰৈছিল
হায়! মই তেওঁক দেখা নাপালোঁ
হায়! মই পুখুৰীটোৰ পাৰত ন-কৈ গঁজালি মেলা
বেলিটোক চুই চাব নোৱাৰিলোঁ
ক্ষমা কৰিব
আপুনি উঠাই দিয়া গাড়ীখন এৰি
মই খোজকাঢ়িবলৈ ল’লোঁ
পাণবজাৰখন আজি বহুত বেলেগ হৈছে
কিবা এটা মাছৰ দৰে
মূৰটো জোঙা, ফিচাখন বহল
গাটো ভাঁজ লগাই ঘূৰণীয়া হৈ পৰি আছে
মানুহবোৰে তাৰ পিঠিৰ ওপৰেৰে ঘূৰি ফুৰিছে।
মূৰটো পাৰ হৈ ফিছা, ফিছাখন পাৰ হৈ আকৌ মূৰ।
মাজৰ দখিনিত বহুতে আত্মহত্যা কৰিছে।
আধাপোৰা চিগাৰেটৰ টুকুৰাই তাৰ পিঠিখন বৰ বেয়াকৈ পুৰিছে
পাণবজাৰ নামৰ পুখুৰীটো এতিয়া এটা গেলা মাছ
মই জানো ডালি ইয়াত নাথাকে
ডালি ইয়াত থাকিব নোৱাৰে
কোনোবাই জুই লগাই দিছে তেওঁৰ খেৰৰ জুপুৰিটো
সঁচাকৈয়ে গলি গৈছে তেওঁৰ মৰমৰ ঘড়ীটো
ডালি ইয়াত নাথাকে
তেন্তে ক’লৈ গ’ল তেওঁ! জালুকবাৰী? ওহোঁ!
অন্ততঃ আজি তেওঁৰ প্ৰেমত পৰিবৰ মন নাই।
এনেতে ক’ৰবাৰ পৰা আহি আপুনিয়েই মোক খবৰটো দিলে
ডালিয়ে এখন নতুন ছবি আঁকিছে—
পাণবজাৰখন এটা গেলা মাছৰ দৰে পৰি আছে।
মই আকৌ অপেক্ষাৰত অইন এখন খালী গাড়ীৰ বাবে
ধৰা হওক চালকৰ আসনত ছালভাদৰ ডালি।
কিছু বলিয়ালি
Because everybody thinks I'm mad,
that's why I'm not mad.
ছালভাদৰ ডালি
এটা সপোনৰঙী শূন্যত ওপঙি মই
সেইখন দেশলৈ গৈ আছোঁ য’ত তুমি
চকুপানীৰে ভৰ্তি কলহ এটাত মোক মুখ চাবলৈ নিদিয়া
মোৰ হাতৰ তলুৱাৰ একা-বেঁকা ৰেখাবোৰত
তোমাৰ ছাইৰঙী কান্দোন এটা অকাই-পকাই বগাই ফুৰিছে
আজি সন্ধিয়াৰ জোনটো পনীয়া হৈ মোৰ
হাতৰ তলুৱাত কিলবিলাই ফুৰিছে আৰু
তোমাৰ কান্দোনৰ ছাইৰঙী সূতাবোৰ
ছুৱেটাৰ এটা হৈ মোৰ গাত লিপিট খাই আছে
এটা সপোনৰঙী শূন্যৰ ভিতৰত মই
মকৰাৰ জাল এখন গুঠিছোঁ য’ত আঠা লাগি ধৰিব
এবুকু চকুপানী আৰু কিছু শূন্যতা
আজি তাপমাত্ৰা মাইনাছ কিমান মই ক'ব নোৱাৰিম
কিন্তু শূন্যতাৰ আবুৰতাতো মই অকণো উম অনুভব কৰা নাই
অলপ আগেয়ে এটি গৰম সপোন গলাধকৰণ কৰিছিলোঁ
কিন্তু তথাপিও যোৱাৰাতি কিবা ভাবি সোলোকাই থোৱা
তোমাৰ কান্দোনৰ সূতাৰে গুঁঠা চুবেটাৰটো
এয়া পিন্ধিবলৈ আৰম্ভ কৰিছোঁ
হয়তো তোমাৰ কান্দোনক
মোৰ তেজৰ পৰা কাহানিও পৃথক কৰিব নোৱাৰোঁ
মোৰ হাতৰ তলুবাত কিলবিলাই ফুৰা পনীয়া জোনটো আজি
হাতৰ পৰা পিছলি পৰি দুটা শামুক হ’ল
আৰু আদিমতাত দুয়ো উটি গ'ল
অ' তোমাক কোবাই নাই, জোনটো পনীয়া হৈ
মোৰ হাতত পৰাৰ পিছত আকাশত এটা শূন্য হ'ল
এই অন্ধকাৰ ৰাতি শূন্যত ওপঙি মহাশূন্যৰ মাজত তোমাক ক'ত বিচাৰোঁ!
তোমাক দিয়া কলমটো মোক দিয়া
আশাৰ কাগজত এটা শূন্য আঁকোঁ
ঠিক শূন্যৰ দৰে; তোমাক দিয়া লিপষ্টিকডাল দিয়া
শূন্যটো ৰঙাই তোলোঁ ঠিক আগৰ জোনটোৰ দৰে
তোমাক দিয়া প্ৰেম অলপ দিয়া
আকাশত জোনটো আঠা লগাই থৈ আহো
আৰু শৰতৰ জোৎস্না ভৰা নিশা মই
সপোনৰঙী শূন্যত ওপঙি তোমাক বিচাৰি ফুৰোঁ...
I do not understand why, when I asked for a
grilled Lobster in a restaurent, I'm not
served a cooked telephone.
ছালভাদৰ ডালি
এটা সপোনৰঙী শূন্যৰ ভিতৰত ওপঙি মহাশূন্যৰ মাজেৰে
মই সেইখন দেশলৈ গৈ আছোঁ য’ত
চুমা এটা বিচাৰিলে তুমি মোক চৰ মাৰি নিদিয়া
অবশ্যে তোমাৰ হাতৰ প্ৰতিটো আঙুলিৰ স্পৰ্শত
মোৰ গালত সাৰ পাই উঠে এশটা শৰৎ আৰু মই
বগলী এটা হৈ মিছামাছ বিচাৰি দুপৰীয়াৰ জুহালত
সিজাই থোৱা টেলিফোনটোৰ ওচৰলৈ যাওঁ
ঠিক তেনেতে দীঘলীয়া ৰিং কেইটামানেৰে টেলিফোনটো বাজি উঠিল
নহয়, মোৰ ভুল হ’ল
ৰান্ধি থোৱা টেলিফোনটো এতিয়াও জীয়াই থকা নাই
কাষৰ ঘৰৰ কেঁচা টেলিফোনটোহে চাগে’
কিন্তু এয়া যে সপোন আৰু সপোনত সকলো সম্ভৱ।
সিজোৱা টেলিফোনটোৰ পৰা আলফুলকৈ
ৰিচিভাৰটো দাঙি মোৰ কাণত লগালোঁ
খন্তেক নীৰৱতা, খন্তেক শূন্যতা...
তুমি হেল্ল’ বুলি কোৱাৰ আগতেই সিজি কোমল হোৱা
ৰিচিভাৰটো ভাগি গ'ল আৰু মই গোটেই টেলিফোনটো
এটা পোৰা মিছামাছৰ দৰে চোবাই চোবাই গিলি থ'লোঁ
এতিয়া মোৰ পেটৰ ভিতৰত বাজি আছে তোমাৰ গুণগুণনিবোৰ
আজি বাহিৰত বৰ জাৰ পৰিছে
কুঁৱলীবোৰ হাতুৰী এটা হৈ খেদি আহি
মোক পিটি পিটি টেলিফোন এটাৰ ৰূপ দিলে
মই মিছামাছ এটাৰ দৰে লাহে লাহে খোজকাঢ়ি গৈ
চহৰখনৰ আটাইতকৈ দামী ৰেষ্টুৰেণ্টখনত উপস্থিত হ'লোঁ
আৰু পোৰা মিছামাছ এটা বিচাৰিলোঁ
লগে লগে ৰান্ধনি এজনে মোক জুইত সুমুৱাই দিলে
আৰু মই সিজিবলৈ ধৰিলোঁ
অলপ পিছতে ৰন্ধা টেলিফোনটো, যিটো মই আছিলোঁ,
মোৰ আগত পৰিৱেশন কৰা হ'ল আৰু মই
নিজকে এটা পোৰা মিছামাছৰ দৰে চোবোৱাত লাগিলোঁ
এইদৰে নিজকে নিজে খাই শেষ কৰাৰ পিছত
বাহিৰলৈ ওলাই আহি দেখিলোঁ দামী ৰেষ্টুৰেণ্টখন ক্ৰমশঃ
এটা টেলিফোন হৈ দুপৰীয়াৰ চৰুটোত
ভকভকাই উতলি পনীয়া কান্দোন এটাৰ দৰে
মোৰ বুকুত উকমুকাই থাকিল আৰু মই আকৌ
সপোনৰঙী শূন্য এটাৰ ভিতৰত সোমাই মহাশূন্যৰ মাজেৰে
তোমাক বিচাৰি সেইখন দেশলৈ গৈ থাকিলোঁ য'ত তুমি
ছাইৰঙী কান্দোন এটা হৈ মোৰ তেজত কিলবিলাই ফুৰিবা।
I saw things which determined me that I would say
nothing further of this blessed one, untill such time as
I could discourse more worthily concerning her.
ডান্টে
আজি প্ৰথমবাৰৰ বাবে মই ওপঙি থকা সপোনৰঙী শূন্যটোৰ গাত
এটুকুৰা শুকুলা মেঘে আঘাত কৰিলেহি আৰু
জৰ্ জৰকৈ সৰি পৰিল এৰাতি টোপনি
সাৰ পাই উঠি মই তোমাক বুকুত খেপিয়াই চালোঁ— তুমি নাই
মই দৌৰিলোঁ আৰু মাথোঁ দৌৰিলোঁ আৰু
তোমাক স্পৰ্শ নকৰালৈকে একো নিলিখিবলৈ শপত খালোঁ
মই ৰাস্তা পাৰ হৈ পথাৰ পালোঁ, পথাৰ পাৰ হৈ অৰণ্য
অৰণ্য পাৰ হৈ হঠাৎ মই আকাশলৈ উৰি গ'লোঁ আৰু
ডাৱৰৰ মাজে মাজে দৌৰি থাকিলোঁ
ডাৱৰ পাৰ হৈ নীলাবোৰ পালোঁ, নীলাবোৰ পাৰ হৈ শূন্যতাত ভৰি থ’লোঁ
আৰু শূন্য... নহয়, মহাশূন্যৰ মাজেৰে মই দৌৰি থাকিলোঁ
জোনৰ ওপৰত আৰু এশটা জোন, সূৰ্যৰ ওপৰত আৰু এশটা সূৰ্য
সমস্ত পাৰ হৈ মই অন্ধকাৰত ডুব গ'লোঁ আৰু নিজকে হেৰুৱাই পেলালোঁ
মই দৌৰিছোঁ আৰু দৌৰিছোঁ
নিজকে বিচাৰি মই মোক আৰু অধিক হেৰুৱাইছোঁ
আশাবোৰ উৰি গৈ সোণাৰুৰ ডাল ভৰাই নোতোলালৈকে
মই দৌৰি থাকিম, সোণাৰুৰ ফুলবোৰ সৰি নপৰালৈকে মই দৌৰি থাকিম
মোক বিচাৰি, তোমাক বিচাৰি মই দৌৰি থাকিম, মই দৌৰি থাকিম
এজন বলিয়াৰ দৰে অন্ধকাৰ মহাশূন্যত মই যে দৌৰিয়েই থাকিম
If my life continue with me a few years
it is my hope that I shall yet write concerning her
what hath not before been writen of any woman.
ডান্টে
মাজনিশাৰ মালিতা
মাজনিশা তোমাৰ উদং বুকুখনত হাত বুলাই
হঠাতে আৱিষ্কাৰ কৰিলোঁ মই মানুহজন সোমাব পৰা
জোখেৰে এটা দীঘল সুৰংগ আৰু একো নভবাকৈয়ে
যাত্ৰা আৰম্ভ কৰিলোঁ
সম্পূৰ্ণ এহেজাৰ এনিশাৰ সমাপ্তিৰ পিছত উপস্থিত হলোঁ
এটা শেষ বিন্দুত
এটা নীলা চৰাইৰ পিঠিত উঠি মই নামি দিলোঁ
চাইবেৰিয়াৰ কোনোবাটো বৰফ শীতল হ্ৰদত
মই অকণো জাৰ অনুভৱ কৰা নাই
টানি টানি যে মেৰিয়াই লৈছোঁ তোমাক
নীলা চৰাইটো এতিয়াও উৰি যোৱা নাই
সি মাথোঁ চিঞৰি আছে তাৰ নিজৰ ভাষাত
এনেতে সাগৰ তলিৰ পৰা উঠি আহিল সূৰুযটো
আৰু মই সাৰ পালোঁ চাহাৰা মৰুভূমিৰ কোনোবা স্থানত
মোৰ ভোক নাই, মোৰ ভাগৰ নাই
মোৰ ভোক নাই, মোৰ ভাগৰ নাই।
শুকাব ধৰা কেক্টাছৰ কাঁইটেৰে
মোৰ শৰীৰ বিদ্ধ কৰি মই মাথোঁ আঁকি গৈছোঁ
যন্ত্ৰণাৰ একোখনি ৰঙীন চিত্ৰ
তাত তুমি নাই, তাত মই নাই।
আছে মাথোঁ দীঘল সুৰংগ এটাৰ শোকগাথা
নীলা চৰাইটো এতিয়াও উৰি আহি পোৱা নাই
তাৰ ভোক আছে, তাৰ ভাগৰ আছে।
সি কেতিয়াও সুৰংগৰ শেষ বিন্দু বিচাৰি নুফুৰে
মই মোক হেৰুৱাই পেলাইছোঁ
চাইবেৰিয়াৰ বৰফ গলক
চাহাৰাত পলস পৰক
আৰু এহেজাৰ এনিশা মোক গাবলৈ দিয়া
যন্ত্ৰণাৰ একোটি দীঘল গান।
নীলা চৰাইটোক খাবলৈ দিয়া
সুখৰ এমুঠি পকা ধান
এৰালডাল
এৰালডাল হেনো হেৰাল
আবেলিৰ বেলিৰ বুকুত হেৰোৱা হালোৱা হাল
সীৰলুত জী উঠে মোৰ ভালপোৱাৰ এফাল
আবেলি আবেলি গৰুহাল হেৰোৱাই ভাল।
বেলিৰ বুকুত আঁকা আছে তোমাৰ
তেজৰঙা গোলাপী গাল
হেৰোৱা এৰালডাল নিবিচৰাই হেনো ভাল!
আধৰুৱা
তুমি খুলি পেলোৱা কাপোৰসাজৰ
ঠিক মাজডোখৰত ভাঁজ লাগি পৰি থকা
ৰাতিটোৰ সমান দীঘল উশাহ এটা সলাই
হঠাৎ মই আৱিষ্কাৰ কৰিছোঁ
এসোপা সূতাৰ মাজত লেটাটোৰ দৰে গা-ঘেলাই পৰি আছোঁ
আৰু এটা বিক্ৰিয়াৰ অন্তত
লাহে লাহে সূতাবোৰ মই হৈ গৈছে
অথবা মই সূতাবোৰ হৈ নিজৰ ভিতৰতে পাক খাই আছোঁ
মোৰ মনত নাই জলফাইৰঙী গছজোপাত
কিমান সময়ৰ বাবে ওলমি আছিল সময়
আৰু কিমান সময়ৰ বাবে তুমি খুলি পেলোৱা কাপোৰসাজৰ
আধৰুৱা ভাঁজটোত পৰি আছিলোঁ মই
একো মনত নথকা হ’লেই ভাল আছিল
আকৌ শুই থাকিলোঁহেঁতেন ৰাতিটোৰ সমান দীঘল
জলফাইৰঙী কোনোবা এটা উশাহৰ মাজত
জলকুঁৱৰীৰ সাধু
আৰু এসময়ত সকলোবোৰ স্তব্ধ হৈ ৰ'ল
মূৰ কটা ছাগলীটোৰ দৰে পৰি থাকিল ৰাতিটো
মই বিজলুৱা এন্ধাৰবোৰ ফালি ফালি বহু দূৰলৈ বিচাৰি গ'লোঁ তোমাক
তুমি চাগে' কোনোবাখিনি পালাগৈ নৈৰ ঘাটত অকলশৰে জলকেলি
কৰিবলৈ
মই তোমাক বিচাৰি গৈ আছোঁ
বিচাৰি গৈ আছোঁ আৰু তোমাৰ নগ্নতাৰ সুবাস খেদি
মাথোঁ এহাত দূৰতে তোমাক বিচাৰি পাইছোঁ
এক আদিম বাসনাৰ পৰিতৃপ্তিৰ বাবে তুমি নামি গৈ আছা গভীৰলৈ...
আই মোৰ ভৰি কুটেকুটায়
আই মোৰ কঁকাল কুটেকুটায়
আই মোৰ ডিঙি কুটেকুটায়
আৰু হঠাৎ তুমি খামুচি ধৰিছা
জাক জাক মাছবোৰৰ সন্মুখত খুলি পেলাইছা তোমাৰ সমস্ত আভৰণ
এক অদ্ভুত বাসনাৰ নিবৃত্তিৰ বাবে তুমি
সহবাস কৰিছা ৰূপোৱালী মাছবোৰৰ স'তে
তুমিতো কাহানিও নাছিলা জাকৈয়া ছোৱালী;
অথচ এই নদীখনে জানে
তোমাৰ উত্তাপিত দেহৰ পৰা কিমানটা ঘামৰ টোপাল সৰে
তোমাৰ গৰ্ভত থিতাপি লোৱা মাছবোৰে জানে
কোনটো বাটেৰে সিহঁতে পানী পাব পাৰে
মই মাথোঁ এহাত আঁতৰত
নদীখনক মই ভয় কৰোঁ
মাছবোৰক মই ঘিণ কৰোঁ
আৰু তোমাৰ উদং দেহাটিৰ
কোনোবাটি ভাঁজত হেৰাও যাওঁ বুলি পাৰৰ আঁহতজুপিত খামুচি
মাথো এহাত আঁতৰত থিয় দি থাকোঁ
অঘৰী ঘড়ী এটাৰ কাহিনী
অঘৰী ঘড়ী এটা এদিন বেদুইনৰ বেশত
ফুটপাথত পৰি আছিল
তাৰ জলফাইৰঙী হাত-ভৰিত কোনোবাই
শিকলি লগাই দিছিল
তিনিটা অন্ধকাৰ কোঠাত বন্দী হৈ আছিল
ঘড়ীটোৰ হেৰোৱা কাঁটা তিনিডাল
অঘৰী ঘড়ীটো ফুটপাথত পৰি মৰি আছিল
তাৰ টিক্ টিক্কৈ বাজিবলৈ বৰ হেঁপাহ হৈছিল
কিন্তু কোনোবাই তাক পিন্ধাই থৈ গৈছিল
বগা সাজ এযোৰ
অঘৰী ঘড়ী এটা বেদুইনৰ বেশত বহুদিন
মৰুভূমিৰ বালিত পোত খাই আছিল
তাৰ কেন্দ্ৰবিন্দুত গজি উঠিছিল জলফাইৰঙী গছ এজোপা
আৰু মৰুভূমিৰ মাজত মৰুদ্যান এখন গঢ়ি উঠাৰ সময়তে
ঘড়ীটোৰ বুকুৰ পৰা হেৰাই গৈছিল কাঁটা তিনিডাল
অঘৰী ঘড়ীটো আৰু কোনোদিনেই বজা নাছিল
সময়বোৰ লাহে লাহে গজি উঠিছিল
লতাৰ দৰে সিহঁতে মেৰিয়াই ধৰিছিল জলফাইৰঙী গছজোপা
আৰু পাহৰি গৈছিল ঘড়ীটোৰ অস্তিত্বৰ কথা
অচিনাকি ঘৰচিৰিকা এটাই ঘড়ীটো এদিন
পেলাই থৈ গৈছিল মহানগৰীৰ মজিয়াত
চুঁচৰি চুঁচৰি চিৰিবোৰ বগাই অঘৰী ঘড়ীটো
পৰি আছিল ফুটপাথত
কোনোবাই তাৰ হাত-ভৰিত শিকলি লগাই দিছিল
আৰু ঘড়ীটো এদিন মৰি থাকিল
পুনশ্চঃ
মই এটা সপোেন দেখিছিলোঁ
অঘৰী ঘড়ীটো এদিন এজনী পৰীৰ বেশত
উলাহত ডেউকা কোবাই আছিল
আৰু টিক্ টিককৈ বাজি বাজি ক'ৰবালৈ উৰি গৈ আছিল
হঠাতে মই সাৰ পালোঁ
ঘৰচিৰিকাৰ দৰে সৰু চৰাই এটাই
মোৰ হাতৰ আঙুলিবোৰ খুঁটিয়াই আছিল
মই বাৰে বাৰে বেঁকা হ’ব খুজিছিলোঁ
আৰু টিক্ টিক্কৈ বাজি বাজি ৰাতিটো পুৱাই দিছিলোঁ
পঁইতাচোৰা
‘তেনেহ'লে আহক আমি যাত্ৰা আৰম্ভ কৰোঁ’
হঠাতে কথাষাৰ কোনোবাই কোৱা যেন পালোঁ
মই কোঠাটোৰ ইফালে সিফালে চালোঁ
ওহোঁ! কোনোটো নাই ইয়াত
তেনেতে দেখিলোঁ মোৰ পুৰণি জোতাযোৰৰ ভিতৰত
প্ৰাচীন পঁইতাচোৰা দুটা।
এটাই পাল তৰি আছে আৰু আনটোৱে
প্ৰশ্নবোধক চিহ্নটোৰ দৰে শুং দুডাল ভাঁজ লগাই
মোৰ ফালে ক্ৰমশঃ আগুৱাই আহিছে।
মোৰ ভাল লাগিল।
মোৰ খং উঠিল
মোৰ ভাল লাগিল এইবাবেই যে
অন্ততঃ আজি ৰাতিটোৰ বাবে মই নিঃসংগ নহয়
মোৰ খং উঠিল এইবাবেই যে সংগমৰত মোৰ
জোতা আৰু মোজাযোৰ নেফানেফ কৰি সিহঁতে
কোনখন বৈতৰণী পাৰ হ'ব খুজিছে?
বহু সময় ডুলি থাকিলোঁ মই ভাল লগা আৰু খং উঠাৰ দোমোজাত
আৰু শেষত বহি ললোঁ কুচি-মুচি জোতা এপাটৰ সোঁমাজত
দুদিন দুৰাতি ভাহি থাকিল শীতল সমুদ্ৰত
মোজাৰ পালতৰা জোতাৰ নাও
আৰু তৃতীয় দিনা হঠাৎ সাৰ পাই দেখিলোঁ
মতা পঁইতাচোৰা এটাৰ বীৰ্যৰ পুখুৰীটোত
আমি আকণ্ঠ ডুবি আছোঁ
মই পুখৰীটোৰ পাৰলৈ উঠি আহি
নিজকে অলপ শুকোৱাত লাগিলোঁ আৰু
ক্ৰমে ক্ৰমে মোৰ অনুভৱ হ'ল মোৰ প্ৰতিটো কোষৰ পৰা
যেন জন্ম হ'ব খুজিছে একোটা পঁইতাচোৰাৰ
মোৰ নাক-মুখ, হাত-ভৰি, মোৰ লিংগ, সকলোবোৰ
ক্ৰমশঃ ৰূপান্তৰিত হ’ল একোটা পঁইতাচোৰালৈ
আৰু ক্ৰমশঃ ইটোৰ পৰা সিটো বিচ্ছিন্ন হৈ গ'ল
মই নিজৰ পৰা নিজে ক্ৰমশঃ বিচ্ছিন্ন হৈ পৰিলোঁ
মই নিজৰ ভিতৰত নিজে ক্ৰমশঃ বিলীন হৈ গ'লোঁ,
অজস্ৰ পঁইতাচোৰাৰ মাজত মই মোক বিচাৰি থাকিলোঁ
জোতাৰ জাহাজ এৰি পঁইতাচোৰাবোৰ নামি আহিল
মাটিৰ মজিয়ালৈ আৰু সিঁচৰতি হৈ পৰিল মোৰ কোঠাটোৰ চৌদিশে
সিহঁত সংগমৰত হয় ইটোৱে সিটোৰ লগত
আৰু অসংখ্য পঁইতাচোৰাৰ ৰূপত প্ৰসৱ কৰে মোক
লাহে লাহে মোৰ কোঠাটো পঁইতাচোৰাৰে ভৰি পৰিছে
মই বিচাৰি ছলাথ কৰোঁ মোক সিহঁতৰ মাজত আৰু
মন গ'লেই মোজাৰ পাল তৰি দিওঁ জোতাৰ জাহাজত
পৰিভ্ৰমণ কৰোঁ এখন প্ৰাচীন পৃথিৱী
চৌদিশে কেৱল পঁইতাচোৰা আৰু
পঁইতাচোৰা।
জিন্দাবাদ মহব্বত
‘ইস্ক নে তো গালিবকো নিকম্মা বনা দিয়া
নেহীতো হমভী আদমী থে কামাল কে।’
মিৰ্জা গালিব
কিছু ক্ষোভ :
উস! অসহ্য
ইমান উচ্চস্বৰত নিচিঞৰিবা হে হৃদয়
তোমাৰ ৰিক্ত চিৎকাৰ শুনিবলৈ
মইতো তোমাৰ গোলাম নহয়
নতুবা ভোকত স্বাধীনতা বেচা
মইতো কোনো লাৱাৰিছ কুত্তা নহয়
আৰু শুনা—
তোমাৰ বেদৰ্দী দিলৰুবাক লৈ
দিনেৰাতি সপোন দেখিবলৈ
মই সেই নিকম্মা গালিবো নহয়
ইমান উচ্চস্বৰত নিচিঞৰিবা হে হৃদয়
কিছু নক’বলগীয়া :
এৰা, নিকম্মা গালিব
শ্বয়েৰী লিখিতো আৰু যৌৱনৰ দাম দিয়া নাযায়
চুন্নাজানৰ দিলদৰিয়াত কিনো বিচাৰিলা ভাই
মহব্বতৰ নীলা নীলা সাগৰ তলিত শামুকৰ খোলাহে পায়
শুনা গালিব ভাই—
ফেনিল সাগৰৰ উত্তাল তৰংগত এবাৰলৈয়ো নকঁপে তাই!
লাভ নাই ওমৰ
ৰুৱাইয়েৎ লিখি ওঁঠত ওঁঠ লগাবলৈ টিকট জানো পোৱা যায়?
কিহৰ পিয়লাত চুমুকিছিলা তুমি
সুৰাৰ ৰাগিত তোমাৰ আজিও ৰুবাইয়েৎ ওলাই?
তাতকৈ যৌৱনৰ জস্ন মনোৱা ভাই
হাজাৰ দিল কুৰৱানী কৰাৰ কোনোতো অৰ্থই নাই।
"Eat, drink and be merry
For tomorrow you die"
অ’ হাফিজ ভাই
ইমান উদাস কিয়?
শুনিছোঁ হিন্দুস্তান, চমৰখণ্ড আৰু পাৰস্য
দিবা হেনো দিলৰুবাৰ গালৰ এটা তিলৰ বাবে বিলায়?
বেজান দিলৰ মৰমী তাই
বেপনাহ প্ৰেমৰ ৰাগিণী তাই
কিন্তু হাফিজ ভাই
হবস্ বিহীন তো জিন্দেগীয়েই নাই।
তুমি বাৰু কি পাবা?
এপিয়লা জিন্দেগী!
সোধা তোমাৰ দিলৰুবাক সোধা
মহব্বতৰ পিয়লাত কি বিচাৰে তাই
কিছু ক’বলগীয়া :
ভুল নুবুজিবা মোক হে মোৰ বেকচ্ হৃদয়
তোমাৰ আৰ্ত চিৎকাৰে মোক বাৰে বাৰে কন্দুৱাই
সঁচায়ে নিকম্মা মই,
কাবাবত হাড্ডি মই
সেয়ে চাগে’ দিলৰুবা দূৰতে বিদূৰ হয়
আহা আমি আকৌ প্ৰেমত পৰোঁ
প্ৰেমৰ পিয়লাত হেনো জিন্দেগী বিচাৰি পায়
বেকাৰ প্ৰেম জানিও গালিব, ওমৰহঁতে তাকেই বিচাৰি যায়
প্ৰেমবিহীন তো খাল্লাচ জিন্দেগী, নাথাকো জীয়াই
সামৰণি :
ইস্ক নে তো মুঝে ভী নিকম্মা বনা দিয়া
নহীতো হমভী আদমী থে কামাল কে।
পুনশ্চ :
বহুতো ক্ষোভ ৰৈ যায়, বহুতো নক’বলগীয়া কোৱা যায়
বহুতো ক’বলগীয়া ৰৈ যায়
সামৰণিত স্পষ্টতঃ একোৱেই নাই
কত প্ৰেমিক এনেকৈয়েই শেষ হৈ যায়
দুগালেদি ধাৰাসাৰে চকুলো বোৱাই
মহব্বত জিন্দাবাদ ভাই।
নিৰুদ্দেশ
হঠাতে কোনোবাদিনাখন ভিৰৰ মাজৰ পৰা
মই হেৰাই গৈছোঁ
পাহৰি গৈছোঁ কোনটো আছিল মোৰ শেষ উশাহ
মই ক'ৰবালৈ গৈ আছোঁ
সকলোৱে মোক বিচাৰি ফুৰিছে
মই বিচাৰি ফুৰিছোঁ সকলোকে
অথচ কোনেও কাকো বিচাৰি পোৱা নাই
যিহেতু মই নিৰুদ্দেশ হৈছোঁ
কোনো সংজ্ঞাই মোৰ মনত নাই।
মই ক'ৰবালৈ গৈ আছোঁ
নিজকে বিচাৰি মই হায়ৰাণ হৈ পৰিছোঁ
আৰু কেতিয়াবা ভোকত কলমলাই মূৰ্ছা গৈছোঁ
সাৰ পাই উঠি আকৌ হেৰুৱাইছোঁ
ক'ৰবাত বেলিটোৰ সমান ঘূৰণীয়া হৈ পৰি আছোঁ
অথবা বৰষুণৰ টোপাল হৈ সৰি পৰিছোঁ
নাম নজনা নদীখনৰ পাৰত শামুক এটা হৈ শুই আছোঁ
শামুক বোটলা ছোৱালীজনীৰ হাতৰ টিপত এঘুমটি মাৰিছোঁ
মই নিজকে চুই চাইছোঁ আৰু জড় বুলি অনুভৱ হোৱাত
ঠাইতে থিয় দি আছোঁ
ক’ৰবাৰ পৰা উফৰি অহা শিলগুটিটোৰ আঘাতত
আইনাখনৰ দৰে জৰ্ জৰকৈ ভাঙি পৰিছোঁ
বগলী এটাৰ পেটত মই মাছ হৈ উক্মুকাই আছোঁ
মোৰ ছিৰলা-ছিৰিলি দেহা জোৰা লগাই
আকৌ থিয় দিছোঁ
মই ঘড়ীটোৰ কাঁটাডাল হৈ টিক্-টিক্ কৈ বাজি আছোঁ
আৰু স্তব্ধ সময়খিনিত ভাগৰ জিৰাইছোঁ
এইদৰে মই ক'ৰবালৈ গৈ আছোঁ
সকলোৱে মোক বিচাৰি ফুৰিছে
আৰু মই সকলোকে
এনেতে এদিন সকলোৱে হাহাকাৰ লগাই দিলে
দূৰণিৰ গাঁওখনিৰ কোনোবাখন নৈৰ পাৰৰ
ওখ আমজোপাত ওলমি আছে মোৰ মৃতদেহ
কাউৰী-শগুণে মোক ফালি ছিৰাছিৰ কৰিছে
চিনিবই নোৱাৰি মই হয় নে নহয়
সকলোবোৰ আহিল আমজোপাৰ তললৈ
দুখ কৰিব জনাসকলে ক'লে—
ই বাৰু কিহৰ দুখত ফাঁচি ল'লে!
ফাঁচি!
হঠাৎ যেন মই চক খাই উঠিলোঁ
প্ৰশ্ন কৰিলোঁ নিজকে
মইনো বাৰু কেতিয়া ফাঁচি ল'লোঁ
কোনদিনাখন মোৰ ডিঙিত চিপজৰী আঁৰিলোঁ?
ভুলটো হ’লে কাৰোৱেই নাভাঙিল
আচলতে মই আমজোপাত ন-কৈ মলিয়াইছিলোঁ
মোৰ গাটো ক্ৰমশঃ সেউজীয়া হোৱাৰ আগতেই
তলৰ পৰা ল'ৰা-ছোৱালীবোৰে মোলৈ
ফৰ্মুটি দলিওৱাৰ আগতেই
তেওঁলোকে দাহ কৰিলে মোৰ মৃতদেহ
মই কিন্তু ভিতৰি ভিতৰি অদ্ভুতভাৱে জীয়াই আছিলোঁ
এইবাৰ মই শ্মশানত ছাই হৈ গৈছোঁ
মানুহবোৰে মোক এৰি ঘৰমুৱা হৈছে
মোক কোনেও বিচাৰি নাপালে
মই কাকোৱেই বিচাৰি নাপালোঁ
ক'ব নোৱাৰোঁ এইবাৰ বৰষুণত নে চকুপানীত তিতিছোঁ!
আপোনাৰ মোৰ আৰু তেওঁৰ বাবে
এন্ধাৰবোৰ লাহে লাহে ঘন হৈ আহিছে আৰু
পুৰণি বেৰখনৰ দৰে খহিব লাগিছে চকলা-চকলে
মই তেওঁৰ কথাত হয়ভৰ দিলোঁ আৰু
সৰি পৰা এন্ধাৰবোৰ পানীত সিজাই প্ৰস্তুত কৰিলোঁ
এবিধ সুস্বাদু পানীয়
আপুনি মাতাল হৈ পৰি থাকিল গোটেইটো দুপৰীয়া
সন্ধিয়া ছয় বজাৰ পিছত চৌদিশে এন্ধাৰ আৰু
তৃতীয় দিনা বেৰখনৰ সিটো পাৰে পুনৰ জী উঠিছে যীশু
মই তেওঁৰ কথাত হয়ভৰ দিলোঁ
আৰু নিকা মাটিৰে বেৰখনত লেপ এটা মাৰি
ক্ৰুছডাল বিচাৰি গ'লোঁ
আপুনি অন্ধজনক চকুহাল দান দি ৰাস্তাত ভিক্ষা মাগি ফুৰিছে
আকৌ আপুনি মাতাল হৈ পৰিছে
ক্ৰছডালত বিদ্ধ কৰি ওলোমাই থোৱা হৈছে তেওঁৰ দেহ
তিনি বছৰৰ মূৰতো তেওঁ আৰু জী নুঠে
দুচকল এন্ধাৰৰ মাজৰ খালী ঠাইখিনিত মই আত্মগোপন কৰিছোঁ
আপোনাৰ, মোৰ আৰু তেওঁৰ সংস্থাপনৰ বাবে
তেওঁলোকৰ কবিতা
তেওঁ তেওঁক ক'ৰবাৰ পৰা বিচাৰি আনিছিল আৰু
বন্দী কৰি থৈছিল পুৰণি চন্দুক এটাৰ ভিতৰত
তেওঁৰ ভাঁজখোৱা বুকুৰ কামিহাড়বোৰৰ তলত
সংগোপনে বাঢ়ি আহিছিল নিৰ্জনতা
হয়তো তেওঁ মৃতক আছিল
তেওঁ তেওঁৰ পত্নীক সুখী কৰিবলৈ তেওঁৰ
কামিহাড়বোৰৰ তলেৰে হাতখন সুমুৱাই দিছিল
আৰু উভালিব খুজিছিল কিছুমান অপতৃণ
তেওঁৰ পত্নীক সুখী কৰিবলৈ পুৰণি চন্দুক এটাৰ ভিতৰত
তেওঁ সিঁচি দিছিল
নৈশব্দ।
হয়তো তেওঁ মৃতক আছিল কাৰণ তেওঁ দেখিছিল
তেওঁৰ গোটেই গাত গজি উঠা নিৰ্জনতাৰ নোম
দেখি তেওঁ এক মুহূৰ্তৰ বাবে থৰ হৈ ৰ'ল
আৰু পিছ মুহূৰ্ততে তেওঁক
ক'ৰবাৰ পৰা বিচাৰি আনি শুৱাই দিলে তেওঁৰ
মৃত পত্নীৰ কাষত
তেওঁ তেওঁক চিনিব পৰা নাছিল
তেওঁ গেলি যোৱা দেহ!
তেওঁ ভাবিছিল
তেওঁ হয়তো বৰশী বাই আছিল
বেলি লহিওৱা পুখুৰীটোত
খুঁটিয়াই থকা ৰূপোৱালী মাছবোৰ দেখি
তেওঁ হয়তো তেওঁৰ পত্নীৰ ওঁঠত লাগি ৰোৱা
বৰশীটোৰ কথা মনত পেলাইছিল।
তেওঁ তেওঁৰ পত্নীৰ বাবে কবৰ খান্দিছিল
তেওঁ তেওঁৰ কামিহাড়ৰ তলখন খেপিয়াই ফুৰিছিল
পুৰণি চন্দুকটোৰ ভিতৰত সোমাই তেওঁ
আঁওৰাই আছিল প্ৰেমৰ স্বৰ্গীয় বাণী
তেওঁলোক মৃতক আছিল
এক দুই তিনি
তিনি বাজিবলৈ ঠিক ত্ৰিশ মিনিট থাকোঁতে
বাঁও হাতখনৰ পৰা পিছলি পৰি
দুফাল হ'ল মোৰ ঘড়ীটোৰ দুই
উঁয়ে খোৱা তাৰ সোণালী দেহত ক্ৰমাৎ জিলিকি উঠিছিল
ছেকেণ্ডৰ চাবুকৰ আঁচোৰ
বিষণ্ণ ‘এক’ৰ ছাঁত খন্তেক জিৰাব খুজিছিল
দুখত ওলমি পৰা দুফাল দুই
দুই-এ চকুপানী টুকিছিল আৰু
লাহে লাহে কুহুমীয়া হৈ পৰিছিল ঘড়ীটোৰ ভিতৰখন
‘এক’ক আঁকোৱালি দুফাল দুই ক্ৰমশঃ গৈ আছিল
তিনিক টানি টানি
আৰু হঠাৎ জলফাইৰঙী গছজোপাৰ কাষত
ৰৈ গ'ল মোৰ ঘড়ীটো কঢ়িয়াই অনা
আস্তাবলৰ আটাইতকৈ নোদোকা ঘোঁৰা
মই ভবা নাছিলোঁ কোনোবাদিনা যে মই সাৰ পাম
তিনি বাজিবলৈ আৰু ঠিক দহ মিনিট থাকোঁতে
‘দুই’ৰ চকুপানীৰ ধাৰাসাৰ বৃষ্টিত তিতি তিতি
মৰি থাকিল মোৰ ঘড়ীটো আৰু ঘোঁৰাটো
মৰা ঘড়ীটোৰ কাষত পৰি থকা এটা
প্ৰাচীন ঘোঁৰাৰ পিঠিত উঠি
ক'ৰবালৈ গুচি গ'ল মোৰ সোণালী ঘড়ীৰ
এক, দুই, তিনি
জলফাইৰঙী গছজোপাৰ তলত
মই থৰ্ থৰকৈ কঁপিছিলোঁ
আবতৰীয়া বৰষুণ এজাকত তিতি তিতি
এতিয়া মোৰ বাবে এটা কবৰ খান্দি আছোঁ মই
আৰুতো উভতি নাহে মোৰ সোণালী ঘড়ীৰ সময়।
১ জানুৱাৰী, ২০১০
উমানন্দত সিদিনা শিলৰ ফাঁকত সোমাই আছিল
দীঘল দুপৰীয়া এটা
মোক ক্ষমা কৰিবা হে মমতাময়ী
বাৰে বাৰে চেষ্টা কৰিও মই তাক টানি উলিয়াব নোৱাৰিলোঁ
আৰু গুজি দিব নোৱাৰিলোঁ তোমাৰ দুহাতত
উমানন্দত সিদিনা শিলৰ ফাঁকত সোমাই আছিল
দীঘল দুপৰীয়া এটা আৰু
তুমি শিলৰ মূৰ্তি এটা সাজি সাজি মোক মহাকাব্যৰ
আখ্য়ান শুনোৱাই আছিল
বিবৰ্ণ দুপৰীয়াটোৰ গালৈ বগাই আহিব খুজিছিল পৰুৱাৰ
দীঘলীয়া লানি এটা
মই বিচাৰিছিলো এবাৰৰ বাবে মাথোঁ এবাৰৰ বাবে তুমি
আঁতৰাই থোৱা সেই শিলাময় শিল আৰু
চুই চোৱা ওফন্দি উঠা এটা দীঘল দুপৰীয়া তুমি বিচাৰিছিলা...
তুমি কি বিচৰা সেই প্ৰস্তৰ মূৰ্তিৰ পৰা
কি বিচাৰি অনাহাৰে কটোৱা দিন?
উমানন্দত সিদিনা শিলৰ ফাঁকত সোমাই আছিল
ওফন্দি উঠা দুপৰীয়া এটা আৰু তুমি হঠাতে চিঞৰি দিছিলা
চোৱা, চোৱা দুপৰীয়াটোৰ বুকুত ফুলি উঠিছে নাৰ্চিচাছ এপাহ!
তোমাক কেনেকৈ বুজাওঁ হে মমতাময়ী
সেই দৃশ্যটো মই চুৰি কৰি আনিছিলো ছালভাদৰ ডালিৰ
এখন ছবিৰ পৰা আৰু কণীটোৰ খোলাটো ভাঙি
ওলাই আহিছিলোঁ মই— গাত তেতিয়াও বিজলুৱা
তুমি মোক এবাৰ চুই চাব খুজিছিলা
আৰু আমাৰ চৌদিশে
অনাথ প্ৰজন্ম এটা নাচি থকাৰ সময়তে
সোণালী সূৰুযৰ আভাত প্ৰতিবিম্বিত হৈছিলোঁ আমি
তামৰঙী লুইতৰ পানীত
তুমি তেতিয়াও মৌন হৈ আছিলা
মই প্ৰাৰ্থনা কৰিছিলোঁ
হে মমতাময়ী মোক মৃতক কৰি তোলা আৰু
শুৱাই লোৱা তোমাৰ কোঁচত
মই চিৰনিদ্ৰাত চিৰদিন তোমাৰ প্ৰেমত অৱগাহন কৰি থাকিম
মোক এবাৰৰ বাবে প্ৰস্তৰ মূৰ্তি কৰি তোলা হে মমতাময়ী
মই চিৰদিনৰ বাবে মোক কঢ়িয়াই ফুৰিম।
মৃতালাপ
ওচৰা উচৰিকৈ থকা দুটা মৃতদেহ
হাউলি পৰা আন্ধাৰত আঁউজি
দুয়ো মৃতালাপ কৰে।
গীত গাই যোৱা গৰখীয়া এজনে
উজুটি খায় মৃতকে মেলি থোৱা ভৰিত
তাৰ খোজে খোজে বৈ গৈ থাকে
তেজৰ এখনি নৈ
আন্ধাৰৰ আঁচল টানি
বেগাই খোজ লয় দুয়োটা মৃতদেহে
আৰু আগচি ধৰি গৰখীয়াজনৰ বাট
তাক সোধে
এই যে এখন তেজৰ নৈ
কি নাম তাৰ?
কি নাম তাৰ?
গুচি যায় গৰখীয়া বাঁহীটো বজাই
দুয়োজন মৃতকে তাৰ গমকে নাপায়।
মৃতকে আকৌ সোধে ইজনে সিজনক
এই যে এজন গৰখীয়া
কি নাম তাৰ?
কি নাম তাৰ?
মৃতকে চিঞৰি থাকে
কি নাম নদীৰ?
কি নাম তেজৰ?
আৰু উত্তৰ নাপাই আকৌ
হাউলি পৰা আন্ধাৰত আঁউজি
দুয়ো মৃতালাপ কৰে।
বিঃ দ্ৰঃ
পিছদিনা মৃতকে বাতৰি কাকতত পঢ়িলে
পুলিচৰ গুলীত নিহত গৰখীয়া বেশধাৰী
অচিনাক্ত উগ্ৰপন্থী।
পুলিচে সুধিছিল
কি নাম তোৰ?
কি নাম তোৰ?
মৃতক হোৱাৰ পিছত গৰখীয়াজনে উত্তৰ দিছিল—
যি নাম ভাতৰ
যি নাম ভোকৰ।
পুনশ্চঃ
মৃতকৰ সভাত আজি আৰু এজন মৃতক উপস্থিত হৈছে
চিনাকি গৰখীয়াজন অথবা
অচিনাক্ত উগ্ৰপন্থী এজন।
বুদ্ধ
মাজবাটতে আলিবাট এটা উবুৰি খাই পৰি আছে
মৰা ঘোঁৰাটো চোঁচৰাই চোঁচৰাই মানুহজন ঘামি গৈছে
আৰু সৰি পৰা প্ৰতিটোপাল ঘামত গজি উঠিছে
একোখনকৈ মৰুভূমি
গছবোৰ শুকাই গৈছে
চৰাইবোৰ উৰি গৈছে
আঁহতজুপিৰ ভগা ডাল এটাত ওলমি আছে বুদ্ধ
বালি বৰণীয়া তেওঁৰ দেহত কেক্টাছৰ কাঁইটীয়া
মৰা ঘোঁৰাটো চোঁচৰাই চোঁচৰাই মানুহজন গৈ আছে
বুদ্ধৰ ওচৰলৈ আৰু আধামান বাট পাওঁতেই জী উঠিছে ঘোঁৰাটো
মৰা মানুহজন চোঁচৰাই চোঁচৰাই ঘোঁৰাটো ঘামি গৈছে
আৰু সৰি পৰা প্ৰতিটোপাল ঘামত গজি উঠিছে
একোখনকৈ মৰুদ্যান
বীজবোৰ গজালি মেলিছে
চৰাইবোৰ বাহলৈ উভতিছে
পুখুৰীটোৰ পাৰত ভৰি নচুৱাই নচুৱাই বহি আছে বুদ্ধ
বালি বৰণীয়া তেওঁৰ দেহত কেক্টাছৰ সেউজীয়া।
তেনেকুৱা কোনো কথা নাছিল
তেনেকুৱা কোনো কথা নাছিল যাৰ বাবে
তুমি ফালি পেলাইছিলা মোৰ আকাশখন
ঠিক পুৰণি ডায়েৰীখন অস্পৃশ্য পাতকেইখিলাৰ দৰে
তেনেকুৱা কোনো কথা নাছিল যাৰ বাবে
তুমি চকুলো টুকিছিলা আৰু হেঁচি ঠেলি
চন্দুক এটাত ভৰাই থৈছিলা মোৰ প্ৰিয় ৰাতিবোৰ
যি কথাৰ বাবে তুমি মেলি নাচালা বৰষুণৰ পাণ্ডুলিপি
যি কথাৰ বাবে তুমি মচি দিছিলা খৰাং দিনৰ সপোন
যি কথাৰ বাবে তুমি....
তেনেকুৱা কোনো কথা নাছিল
তেনেকুৱা কোনো কথা নাছিল যাৰ বাবে
তুমি সহবাস কৰিছা ৰূপোৱালী নৈখনৰ স'তে
যাৰ বাবে যি নীলাচলত মোৰ কোঁচত মূৰ থৈ শুইছিলা
সেই নীলাচলত মোক কবৰ দি আহিছা
বগৰীজোপাৰ পৰা আনাৰস বৰণীয়া বেলিটো
ছিঙি আনি বুঢ়া লুইতত দলিয়াই দিছা
তেনেকুৱা কোনো কথা নাছিল
তেনেকুৱা কোনো কথা নাছিল যাৰ বাবে
এই মৃত্যুদণ্ড মোৰ প্ৰাপ্য
যাৰ বাবে তুমি ফালি পেলাইছা মোৰ আকাশ
লুকুৱাই থৈছা মোৰ প্ৰিয় ৰাতিবোৰ
যাৰ বাবে তুমি হাঁহিছা
তেনেকুৱা কোনো কথা নাছিল
তেনেকুৱা কোনো কথাই নাছিল
যাৰ বাবে তুমি কান্দিবা..
তুমি আহিবা বুলি
তুমি আহিবা বুলিয়েই অতবোৰ আয়োজন
তুমি আহিবা বুলিয়েই গা জোকাৰিছে
মোৰ কোঠাটোৱে
এৰুৱাই পেলাইছে ধূলিৰ আৱৰণ
জোতাৰ বাকচৰ পৰা
মেজখনৰ চুক অথবা ট্ৰাংকটোৰ তলৰ পৰা
ওলাই আহিছে পঁইতাচোৰাবোৰ
তুমি অহাৰ খবৰ শুনি আৰু
কোঠাটোৰ ইমূৰৰ পৰা সিমূৰলৈ
খেদি ফুৰিছে উৎপতীয়া মকৰাবোৰ
বেচেৰাহঁতে জনা নাছিল তুমি আহিবা বুলি
সেয়ে সিহঁতে ছানি ধৰি মোৰ সৰ্বশৰীৰ
মোক থিয় কৰাই ৰাখিছিল
যেন এক প্ৰাচীন প্ৰাচীৰ৷
তুমি আহিবা বুলিয়েই পাৰফিউম লগাই
চুপ-চাপ শুই আছিল নিগনিবোৰ
ওৰেটো দিন জিৰাব পোৱা নাছিল আৰ্চীখনে
চেনিৰ বৈয়ামত নাছিল ৰঙা ৰঙা পৰুৱাবোেৰ
তুমি আহিবা বুলি মোৰ কোঠাটোৰ ধ্বংসস্তূপত
ধৰফৰাই ধৰফৰাই থিয় দিছিল অলেখ ভগ্নাৱশেষ
আৰু প্ৰাচীন একোটা ভাস্কৰ্যৰ দৰে
মহান হৈ পৰিছিল কিতাপৰ দ’ম অথবা
পুৰণি জোতা আৰু মোজাযোৰ
তুমি আহিবা বুলিয়েই ক্ৰমশঃ
শুহি গৈ আছিল এটা দুপৰীয়া
তুমি নাহিলা
এতিয়া মৃত্যুৰ দৰে শীতল
এঙাৰ বৰণীয়া
দেই যোৱা সন্ধিয়া
অজ্ঞতাৰ এটা অনুবাদ কবিতা
আৰু তুমি ক্ৰমশ বিয়পি পৰা
অকস্মাত এটা গোন্ধৰ দৰে
মই সোঁৱে বাঁৱে খেপিয়াই ফুৰো
যন্ত্ৰনাৰ দুডাল দীঘল শিপা
হাজাৰ বছৰীয়া আমাৰ এই অজ্ঞতা
কোনেও নুবুজিলো কাৰো মুখৰ ভাষা
তুমি বিয়পি পৰা
মই খেপিয়াই ফুৰো
পুৱাৰ পৰা ৰাতিলৈ
এন্ধাৰৰ পৰা পোহৰলৈ
আৰু মোৰ আই যেতিয়া ৰৈ যায়
নিচুকণি গীত এটাৰ শেষৰ শাৰীটোত
মই হাহাকাৰ কৰি উঠো
একোটি শব্দৰ বাবে
তুমি বিয়পি পৰা
তুমি বিয়পি ক'লৈ যোৱা
মই খেপিয়াই ফুৰো
অনুবাদকৰ পাদটীকা
মই তোমাক কাহানিও নুবুজিলো
যিদৰে নুবুজিলো কিয় শেষ হৈ যায়
মোৰ আইৰ ওঁঠত নিচুকণি গীত এটা
প্ৰেমৰ এসন্ধ্যা
মূৰত ওৰণি লৈ সন্ধিয়াটো গৈ আছিল ক'ৰবালৈ
মই তাইৰ পিছ লৈছিলোঁ আৰু ঘূৰি চালেই
আঁহতকেইজুপিৰ আঁৰত অদৃশ্য হৈছিলোঁ
কিন্তু এবাৰ হঠাৎ তাইৰ চকুৱে চকুৱে পৰাত
লুকাবৰ সুযোগেই নাপালোঁ
বেছ কিছু সময়ৰ বাবে তাই ভৰিৰে মাটি খুঁচৰি খুঁচৰি
একে ঠাইতে থিয় দি ৰ'ল আৰু আকৌ গুচি গ'ল
তাই জানিছিল তাইৰ পিছে পিছে আৰু কোনো গৈ থকা নাছিল
মই জানিছিলোঁ মোৰ ফালে সন্ধিয়া নামৰ ছোৱালী এজনী
মূৰত ওৰণি লৈ দীঘল দীঘল খোজেৰে আহি আছিল
(যিহেতু পৃথিৱীখন ঘূৰণীয়া মোৰ ধাৰণা শুদ্ধই আছিল)
আৰু এদিন সঁচাকৈয়ে সন্ধিয়া পৰত দুয়ো মুখামুখি হলোঁ
অলপ বতাহ বলিছিল, পাতবোৰ কঁপি উঠিছিল
আৰু তাই উচুপি উচুপি মোৰ চোলাটো তিয়াই দিছিল
মই একো বুজা নাছিলোঁ
একো নুবুজাকৈয়ে নৈৰ পাৰৰ বতাহজাকত উৰুৱাই দিছিলোঁ
চিগাৰেটৰ ধোঁৱা
শান্তিত অথবা ক্লান্তিত!
সন্ধিয়া লাগি তেতিয়াও ভগা নাছিল।
সাধুকথা⸺ এক
বতিয়াই বতিয়াই লেবেজান হৈ পৰি আছে মানুহজন
অথচ কাৰো কৌতূহল নাই
কাৰো পুতৌ ওপজা নাই
নোপজাৰে কথা
বতিয়াই বতিয়াই মানুহজনেতো মৃত্যুৰ আখৰা কৰা নাই
কিন্তু হঠাৎ মৰি থাকিল তেওঁ আৰু
মৰিশালিৰ বাটটোৱেদি পোনাই আহি
ঢকিওৱাত লাগিল মোৰ ভগা দুৱাৰখনত
মই শ্মশানলৈ ওলাই আহি দেখিলোঁ
মানুহজনৰ হাতৰ মুঠিত তেওঁৰেই চিতাভস্ম
সাধুকথাটোৰ মই নাম দিলোঁ
‘এটা ফিনিক্স পখীৰ জন্ম যন্ত্ৰণা’
বতিয়াই বতিয়াই মই লেবেজান হৈ পৰি ৰ'লোঁ
আৰু হঠাৎ মৰি থাকিলোঁ
মৰিশালিৰ বাটটোৱেদি পোনাই আহি
আপোনাৰ ভগা দুৱাৰখনত ঢকিয়াই আছোঁ
ওলাই আহকচোন!
সাধুকথা - দুই এতিয়াও অনাৱিষ্কৃত...
উচুপনিৰ কবিতা
প্ৰতিটো দিনেই একোটা ক্লান্ত ৰাতিৰ উচুপনি
জীৱন পিয়াসী মৰাশ এটাই উঠি আহি মোক ক'লে
হাহাকাৰত হাবিখন ল’ৰে
মৰাশবোৰৰ ওপৰেৰে উৰি ফুৰে শগুণ
সিহঁতে আজিকালি মঙহ নাখায়
আঁতৰৰ পৰাই শোহে তেজ
এন্ধাৰবোৰ ক্ৰমাৎ ঘন হৈ আহিছে
সৰকিব নোৱাৰে চকুপানী
মোৰ বুকুৰ এফালে বাঢ়ি আহিছে
বন্ধ্যা ৰাতিবোৰৰ উকমুকনি
জীবন পিয়াসী মৰাশ এটাই উঠি আহি মোক ক'লে
প্ৰতিটো দিনেই একোটা ক্লান্ত ৰাতিৰ উচুপনি!
তুমি মেলি দিয়া হাত দুখনিৰ দৰে
তুমি মেলি দিয়া হাত দুখনিৰ দৰে
এদিন এটা চৰাই উৰি আহিছিল
মোক থপিয়াই নি ওলোমাই থৈছিল
গছ এজোপাৰ ফেৰেঙনিত
আৰু বাট চাই ৰৈছিল মই মৰমৰীয়া হোৱালৈকে
শেষদিনাখন সি মোক খুঁটিয়াই খুঁটিয়াই
ছটিয়াই দিছিল এটা অচিনাকি গ্ৰহৰ বুকুত
মই দূবৰিৰ দৰে গজি উঠিবৰ দিনা
তুমি আকৌ মেলি দিছিলা তোমাৰ হাত দুখনি
দুখনি নৈৰ দৰে বৈ আহিছিল যি
মই মাটিৰ পৰা ক্ৰমশঃ গছজোপাৰ পাতলৈ
প্ৰসাৰিত হৈছিলোঁ
আৰু টোপাটোপে সৰি পৰিছিল
তুমি তিতিছিলা আৰু তিতিছিলোঁ
আৰু অলপ পনীয়া হৈ
ক'ৰবালৈ বৈ গৈ আছিলা...
ওখোৰা-মোখোৰা এটা দুপৰীয়া
বগৰীবোৰ পকিছে
পকা বগৰীবোৰৰ দৰে ওখোৰা-মোখোৰা দুপৰীয়া এটাত
কুঁৱাটোৰ পৰা তুলি আনি
উৰণীয়া ৰ'দত মোক শুকাবলৈ মেলি দিয়া হৈছে
বাদুলী এটাৰ দৰে বাঁহৰ তাঁৰডালত ওলমি আছোঁ মই
চোকা ৰ'দজাকত শুকাই গৈছে
মোৰ শৰীৰ নিৰ্মাণকাৰী সূতাবোৰ
একত্ৰিত কৰি ৰখা ৰাসায়নিকবোৰ
আৰু তোমাৰ দীঘল চুলিটাৰিৰ দৰে লাহী অথচ কঠিন হৈ পৰিছোঁ মই
এনেতে ক'ৰবাৰ পৰা আহি ছোৱালীজনীয়ে
সুমুৱাই দিলে মোক চেৰেকীটোত আৰু
মহুৰা ফুৰোৱাত লাগিল তাইৰ ভেন্দিৰ দৰে কোমল আঙুলিবোৰত
পকা বগৰীবোৰৰ দৰে গোটেই দুপৰীয়াটো ঘূৰি থাকিল
যঁতৰৰ চকাত
মই ক্ৰমশঃ সুলকি গৈ আছোঁ
সুলকি গৈ আছোঁ
আৰু অজস্ৰবাৰ তাইৰ ভেলন্দিৰ দৰে কোমল আঙুলিত
চুমা খাইছোঁ
এলক’হলিক ঈশ্বৰ আৰু এটা প্ৰেমৰ কবিতা
কিমান দিন মোৰ বুকুত সৰি পৰা নাই
তোমাৰ চকুপানী?
কিমান দিন মোৰ চকুলৈ নামি অহা নাই
নৃত্যৰতা নিদ্ৰাদেৱী
কিমান দিন?
আস!
কিমান দিন তুমি কঢ়িয়াই ফুৰিবা মোৰ
কবৰ?
চোৱা!
চোৱা হে পৌৰাণিক নাৰী
এবাৰ চোৱা সেই কবৰৰ দুৱাৰ খুলি
মোৰ শংকাৰ কংকাল এৰি
তোমাৰ সন্মুখত মই
এবাৰ উচুপি উঠা মোৰ বুকুত সোমাই
জপাই দিওঁ মোৰ দুচকুৰ পতা
মোৰ নৰকত গজিব নোৱাৰে ঈশ্বৰৰ বীজ
তুমি গৈ থকা পথৰ দুয়োকাষে ঈশ্বৰ
একোডাল গছৰ সমান ওখ...
মোৰ কবৰ কঢ়িয়াই কঢ়িয়াই
তুমি যেতিয়া টোপনি যোৱা সেই গছৰ ছাঁত
ডালৰ পৰা নামি আহি ঈশ্বৰ
মোক শপত খুৱাই লৈ কয় তোমাক নক'বলৈ
ঈশ্বৰ নাই৷
এটা শতাব্দী প্ৰাচীন সূৰ্যৰ চাৰিওফালে
ঈশ্বৰে এপাক ঘূৰে আৰু তোমাৰ
টোপনি ভগাৰ ঠিক আগে আগে
ভগা ডালৰ ফেৰেঙনিত তেওঁ ওলমি থাকে।
তুমি আকৌ গৈ থাকা ক'ৰবালৈ
মোৰ কবৰ কঢ়িয়াই
কবৰৰ ওপৰত বহি লয় ঈশ্বৰ
তেওঁ চাই যায় অৰণ্য, পাহাৰ-পৰ্বত, নদী
বাদাম ভজা চোবাই তেওঁ সুহুৰি বজায়
সকলো মনত পৰাৰ পিছতো বাকী ৰয়
এটা নিশাৰ স্মৃতি।
মোৰ মনত নপৰে একোকে
পিছদিনা এটা সপোন দেখিছিলোঁ।
মোৰ বিছনাৰ বেৰৰ ফালে শুই আছিল
এগৰাকী মৃত নাৰী
ওৰণি তলত তেওঁৰ অলেখ ভগ্নাবশেষ
শ্মশানৰ বন্ধুজনে কৈছিল
জুলাই দিয়াৰ পাছত তেওঁৰ হাড়বোৰ হেনো
শিল হৈ পৰিছিল
আৰু কোনোবাই তাত ঈশ্বৰক খোদিত কৰিছিল
ঈশ্বৰে বিচাৰি ফুৰিছিল ঈশ্বৰক
শিলাময় বুকুত ঈশ্বৰে বিচাৰিছিল এটা কলিজা
ঈশ্বৰে বিচাৰিছিল অলপ তেজ
নাও বাই যাবলৈ
শিলৰ ৰেখা পাৰ হৈ মাটিত ভৰি থ'বলৈ
তেওঁ চুব পৰা নাছিল আকাশ অথবা মাটি
সুখী হ'ব পৰা নাছিল অথৰ্ব ঈশ্বৰ
মই জানো
মই ঠিকেই জানো
সেই নগৰীত পোত খাই আছিল ঈশ্বৰ
গৰম লাভাই পুৰি পেলাইছিল ঈশ্বৰৰ দেহ
মেঘৰ মাজলৈ উৰি গৈছিল
ঈশ্বৰৰ তেজৰ বাষ্প
কিন্তু
ঈশ্বৰ অবিনশ্বৰ
ঈশ্বৰ অবিনশ্বৰ
আকাশেদি উৰি আহে
টিক্ টিকীয়া ৰঙা মেঘ
আমাৰ চহৰত সৰি পৰে তেজৰ বৰষুণ
ঈশ্বৰ বীজ হৈ গজে
মোৰ নৰকলৈয়ো পোখাব খোজে ঈশ্বৰৰ বীজ
আৰু মই সিদিনা বেছিকৈ মদ খাওঁ
ঈশ্বৰক যিদিনা চাক্ না সজাওঁ
মোৰ পেটত ঘূৰি ফুৰে এলক’হলিক ঈশ্বৰ
ঈশ্বৰ হজম নহয় মোৰ।
নলাৰে উটি যায় মোৰ বমি আৰু ঈশ্বৰ
আৰু গজি উঠে তোমাৰ পথৰ কাষে কাষে
তুমি কঢ়িয়াই নিয়া মোৰ কবৰ
মোৰ কবৰৰ ওপৰত বহি যায় ঈশ্বৰ
বাদাম ভজা চোবাই চোবাই ঈশ্বৰে চাই যায়
অৰণ্য,পাহাৰ-পৰ্বত নদী...
চোৱা, চোৱা হে পৌৰাণিক নাৰী
এবাৰ চোৱা সেই কবৰৰ দুৱাৰ খুলি
তোমাৰ সন্মুখত মই
তুমি কিয় নাবান্ধা চুলি?
কিমান শুকান হৈ পৰিছে।
যেন শীতৰ লঠঙা অৰণ্যখনি
বতাহত ফাটি গৈছে তোমাৰ ওঁঠ
যেন চ’তত ছিৰালফটা পথৰুৱা মাটি
চোৱা তোমাৰ সন্মুখতে খহিব লাগিছে।
এলকহ’লিক ঈশ্বৰৰ সমাধি
এই লেখাটো মুক্ত আৰু ইয়াক সকলোৱে যিকোনো কাৰণত বা যিকোনো উদ্দেশ্যত ব্যৱহাৰ কৰিব পাৰে। আপুনি যদি এই সমল ব্যৱহাৰ কৰিব বিচাৰে, তেন্তে এই পৃষ্ঠাত উল্লিখিত অনুজ্ঞাপত্ৰৰ প্ৰয়োজনীয়তাসমূহ অনুসৰণ কৰিলে আপুনি অনুমতি বিচৰাৰ প্ৰয়োজন নাই ।
ৱিকিমিডিয়াই ই-মেইলযোগে এই লেখাৰ স্বত্বাধীকাৰীৰ পৰা এই লেখাক এইটো পৃষ্ঠাত উল্লিখিত চৰ্তসমূহৰ অধীনত ইয়াৰ ব্যৱহাৰৰ অনুমোদন লাভ কৰিছে। এই বাৰ্তালাপক এজন OTRS সদস্যই পৰিদৰ্শন কৰিছে আৰু ইয়াক আমাৰ অনুমতিৰ সংগ্ৰহালয়ত সংৰক্ষণ কৰি ৰখা হৈছে। এই বাৰ্তালাপ বিশ্বাসযোগ্য স্বেচ্ছাসেৱকসকলৰ বাবে উপলব্ধ।
এই লেখা ক্ৰিয়েটিভ কমন্স এট্ৰিবিউচন-শ্বেয়াৰ এলাইক 4.0 আন্তৰ্জাতিক অনুজ্ঞাপত্ৰৰ অধীনত মুকলি কৰা হৈছে, ইয়াৰ মতে আপুনি এই লেখাৰ অনুজ্ঞাপত্ৰ পৰিবৰ্তন নকৰাকৈ আৰু স্পষ্টকৈ উল্লেখ কৰি, আৰু মূল লেখকৰ নাম উল্লেখ কৰি বিনামূলীয়াকৈ ব্যৱহাৰ, বিতৰণ, আৰু বিকাশ কৰিব পাৰিব—আৰু যদি আপুনি বিকল্প, পৰিবৰ্তন, বা এই লেখাৰ পৰা অন্য কোনো লেখা প্ৰস্তুত কৰে, সেই লেখাও একে অনুজ্ঞাপত্ৰৰ অধীনতহে মুকলি কৰিব পাৰিব।