সমললৈ যাওক

পৃষ্ঠা:এলকহ’লিক ঈশ্বৰ.pdf/৩৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

তেওঁ তেওঁক চিনিব পৰা নাছিল
তেওঁ গেলি যোৱা দেহ!

তেওঁ ভাবিছিল
তেওঁ হয়তো বৰশী বাই আছিল
বেলি লহিওৱা পুখুৰীটোত
খুঁটিয়াই থকা ৰূপোৱালী মাছবোৰ দেখি
তেওঁ হয়তো তেওঁৰ পত্নীৰ ওঁঠত লাগি ৰোৱা
বৰশীটোৰ কথা মনত পেলাইছিল।

তেওঁ তেওঁৰ পত্নীৰ বাবে কবৰ খান্দিছিল
তেওঁ তেওঁৰ কামিহাড়ৰ তলখন খেপিয়াই ফুৰিছিল
পুৰণি চন্দুকটোৰ ভিতৰত সোমাই তেওঁ
আঁওৰাই আছিল প্ৰেমৰ স্বৰ্গীয় বাণী

তেওঁলোক মৃতক আছিল

॥ এলকহ'লিক ঈশ্বৰ॥ ৩৯