পৃষ্ঠা:এলকহ’লিক ঈশ্বৰ.pdf/৪৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

গুচি যায় গৰখীয়া বাঁহীটো বজাই
দুয়োজন মৃতকে তাৰ গমকে নাপায়।

মৃতকে আকৌ সোধে ইজনে সিজনক
এই যে এজন গৰখীয়া
কি নাম তাৰ?
কি নাম তাৰ?

মৃতকে চিঞৰি থাকে
কি নাম নদীৰ?
কি নাম তেজৰ?
আৰু উত্তৰ নাপাই আকৌ
হাউলি পৰা আন্ধাৰত আঁউজি
দুয়ো মৃতালাপ কৰে।

॥এলকহ'লিক ঈশ্বৰ॥ ৪৫