পৃষ্ঠা:এলকহ’লিক ঈশ্বৰ.pdf/৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

অবশ্যে তাত সমাধানৰ বৈপ্লবিক পৰিৱৰ্তনৰ প্ৰসংগ তেওঁ সজাগভাবেই অনা নাই বা ৰাজনৈতিকভাৱে সেই মাৰ্গ ঢুকি পোৱা নাই। কবিতাৰ চিন্তা আৰু অনুভূতিৰ লেটাটোত অৱশ্যে শব্দবোৰ পখিলা হৈ উৰিছে। লেটাৰ সংকীৰ্ণতাৰ পৰা চেতনাৰ বিশাল ব্যক্তিলৈ তেওঁ উত্তৰিত হ'ব পাৰিলে তেওঁৰ কবিতা কেবল পখিলা নহৈ যুগমীয়া ফুলাম গছত পৰিণত হ'ব। মৃত্যু চেতনাই যিদৰে কবিক সৃষ্টিলৈ অনুপ্ৰেৰণা প্ৰেৰণ কৰিছে সেই একেদৰে মৃত্যুৰ স'তে সহাৱস্থান কৰি মৃতক কেতিয়াবা হৈ উঠিছে কথক— যদিও সেই কথকতা জীৱনৰ সমান গভীৰ হৈ উঠা নাই৷ ‘মূৰ কটা ছাগলীটোৰ দৰে পৰি থাকিল ৰাতিটো’ৰ দৰে পংক্তিয়ে আমাক এলিয়টলৈ মনত পেলাই দিয়ে। অৱশ্যে আমাৰ কবি পৰম্পৰাক সন্মান জনাইছে যদিও নৈৰ্ব্যক্তিক হৈ উঠিব পৰা নাই। বিষয়বস্তুৰ বৈচিত্ৰ্য, নতুনকৈ নিৰ্মাণ কৰিব খোজা কাব্যভাষাই তেওঁৰ কবিতাৰ প্ৰতি আমাক আগ্ৰহী কৰি তোলে— কিন্তু কবিতাবোৰৰ শেষৰ পিছৰ আৰম্ভণি কি হ'ব তাত চিন্তা-ভাবনাৰ জঁ‌ট লাগে। তেওঁৰ কবিতাৰ বিষয়বোৰে শব্দত ৰোমান্টিক ভাবালুতা দাবী নকৰে⸺কিন্তু কবিয়ে তাকেই আঁজুৰি আনে। প্ৰেম, নিৰাশা আৰু মৃত্যুৰ কৰি শব্দ-সংযমেৰে আৰু গভীৰতৰলৈ যাওক— অনুজ কবি বন্ধুলৈ আন এজন কাব্য চৰ্চাকাৰী আৰু পাঠকৰ সেয়াই আবেদন।


প্ৰণৱ কুমাৰ বৰ্মন ২৫/১২/২০১২