পৃষ্ঠা:এলকহ’লিক ঈশ্বৰ.pdf/৪৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
 

মৃতালাপ

ওচৰা উচৰিকৈ থকা দুটা মৃতদেহ
হাউলি পৰা আন্ধাৰত আঁউজি
দুয়ো মৃতালাপ কৰে।

গীত গাই যোৱা গৰখীয়া এজনে
উজুটি খায় মৃতকে মেলি থোৱা ভৰিত
তাৰ খোজে খোজে বৈ গৈ থাকে
তেজৰ এখনি নৈ

আন্ধাৰৰ আঁচল টানি
বেগাই খোজ লয় দুয়োটা মৃতদেহে
আৰু আগচি ধৰি গৰখীয়াজনৰ বাট
তাক সোধে
এই যে এখন তেজৰ নৈ
কি নাম তাৰ?
কি নাম তাৰ?

৪৪॥ এলকহ’লিক ঈশ্বৰ॥