পৃষ্ঠা:এলকহ’লিক ঈশ্বৰ.pdf/৫৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
 

এলক’হলিক ঈশ্বৰ আৰু এটা প্ৰেমৰ কবিতা

কিমান দিন মোৰ বুকুত সৰি পৰা নাই
তোমাৰ চকুপানী?
কিমান দিন মোৰ চকুলৈ নামি অহা নাই
নৃত্যৰতা নিদ্ৰাদেৱী

কিমান দিন?
আস!
কিমান দিন তুমি কঢ়িয়াই ফুৰিবা মোৰ
কবৰ?

চোৱা!
চোৱা হে পৌৰাণিক নাৰী
এবাৰ চোৱা সেই কবৰৰ দুৱাৰ খুলি
মোৰ শংকাৰ কংকাল এৰি
তোমাৰ সন্মুখত মই
এবাৰ উচুপি উঠা মোৰ বুকুত সোমাই
জপাই দিওঁ মোৰ দুচকুৰ পতা

॥এলকহ’লিক ঈশ্বৰ॥৫৯