সমললৈ যাওক

পৃষ্ঠা:এলকহ’লিক ঈশ্বৰ.pdf/৩৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

আহা আমি আকৌ প্ৰেমত পৰোঁ
প্ৰেমৰ পিয়লাত হেনো জিন্দেগী বিচাৰি পায়
বেকাৰ প্ৰেম জানিও গালিব, ওমৰহঁতে তাকেই বিচাৰি যায়
প্ৰেমবিহীন তো খাল্লাচ জিন্দেগী, নাথাকো জীয়াই

সামৰণি :
ইস্ক নে তো মুঝে ভী নিকম্মা বনা দিয়া
নহীতো হমভী আদমী থে কামাল কে।

পুনশ্চ :
বহুতো ক্ষোভ ৰৈ যায়, বহুতো নক’বলগীয়া কোৱা যায়
বহুতো ক’বলগীয়া ৰৈ যায়
সামৰণিত স্পষ্টতঃ একোৱেই নাই

কত প্ৰেমিক এনেকৈয়েই শেষ হৈ যায়
দুগালেদি ধাৰাসাৰে চকুলো বোৱাই
মহব্বত জিন্দাবাদ ভাই।

॥এলকহ’লিক ঈশ্বৰ॥ ৩৩