পৃষ্ঠা:এলকহ’লিক ঈশ্বৰ.pdf/৩১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

কিছু নক’বলগীয়া :
এৰা, নিকম্মা গালিব
শ্বয়েৰী লিখিতো আৰু যৌৱনৰ দাম দিয়া নাযায়
চুন্নাজানৰ দিলদৰিয়াত কিনো বিচাৰিলা ভাই
মহব্বতৰ নীলা নীলা সাগৰ তলিত শামুকৰ খোলাহে পায়
শুনা গালিব ভাই—
ফেনিল সাগৰৰ উত্তাল তৰংগত এবাৰলৈয়ো নকঁপে তাই!

লাভ নাই ওমৰ
ৰুৱাইয়েৎ লিখি ওঁঠত ওঁঠ লগাবলৈ টিকট জানো পোৱা যায়?
কিহৰ পিয়লাত চুমুকিছিলা তুমি
সুৰাৰ ৰাগিত তোমাৰ আজিও ৰুবাইয়েৎ ওলাই?
তাতকৈ যৌৱনৰ জস্ন মনোৱা ভাই
হাজাৰ দিল কুৰৱানী কৰাৰ কোনোতো অৰ্থই নাই।
"Eat, drink and be merry
For tomorrow you die"

॥ এলকহলিক ঈশ্বৰ॥ ৩১