পৃষ্ঠা:এলকহ’লিক ঈশ্বৰ.pdf/৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

পাতনি

 সাম্প্ৰতিক সময়ৰ এজন প্ৰবল সম্ভাৱনাময় প্ৰতিভা বিতোপন দাস। প্ৰেমময় ভাবনা আৰু নৃশংস বাস্তৱৰ মাজত তেওঁৰ চিন্তাৰ অৱস্থান। যদিও কবিতা ‘চিন্তা’ৰ পৰিৱৰ্তে 'অনুভূতি’হে, তথাপি বিতোপনে অনুভূতিক চিন্তালৈ আৰু চিন্তাক অনুভূতিলৈ ৰূপান্তৰিত কৰিবলৈ নান্দনিক প্ৰচেষ্টা চলাইছে। এই প্ৰচেষ্টাই তেওঁক নতুন কাব্য ভাষা এটা সৃষ্টি কৰিবলৈও প্ৰেৰণা যোগাইছে। হয়তো এই চৰ্চাত তেওঁ ভালেমান উজুটিও খাইছে— সেয়া হৈছে মূলতঃ কবিতাত তেওঁৰ একাণপতীয়া মনোসংযোগৰ বিচ্ছিন্নতা। যেনে চালভাদ'ৰ ডালি বহুবাৰ তেওঁৰ কবিতাত ভুমুকি মাৰিছে যদিও ডালিৰ অনুপস্থিতিয়ে ‘ধৰা হওক’ কবিতাটোত আমাক শূন্যতাৰ গভীৰ দৰ্শনত উপস্থিত নকৰায় অথবা জীৱনৰ অৰ্থহীনতাৰ যি দৰ্শন তাৰো সন্ধান দিবলৈ সক্ষম নহয়৷ কবি বিভ্ৰান্ত তাত। ডালি নতুন খালী গাড়ীৰ চালকৰ আসনত— ই এক চমক হ'লেও সৰ্বস্বান্ত বৌদ্ধগণৰ বাবে আশাৰ বতৰা ই লৈ নাহে। আত্ম প্ৰৱঞ্চনাত লেটি লৈ কবিয়ে অদ্ভুতভাৱে জীয়াই থকাৰ যি আত্মগৌৰৱত নিমজ্জিত— সি আমাক শোকাকুল নকৰে। বিতৃষ্ণাৰ সৃষ্টি কৰে (নিৰুদ্দেশ)। নৈৰাশ্য আৰু জীৱনৰ ভ্ৰান্তিয়ে কবিক যেতিয়া অস্থিৰ কৰি ৰাখে সেই সময়তো 'মৃতালাপ' কবিতাত কবিয়ে জীৱন আৰু সময়ক অনন্য নান্দনিকভাবে উপস্থাপনত সফল হৈছে। 'ভোক' আৰু তাৰ পৰা উৎপত্তি হোৱা বিদ্ৰোহক লৈ তেওঁ অনন্য চিত্ৰ এখন আঁকিবলৈ সক্ষম হৈছে—