সমললৈ যাওক

পৃষ্ঠা:এলকহ’লিক ঈশ্বৰ.pdf/৫২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
 

অজ্ঞতাৰ এটা অনুবাদ কবিতা

আৰু তুমি ক্ৰমশ বিয়পি পৰা
অকস্মাত এটা গোন্ধৰ দৰে
মই সোঁৱে বাঁৱে খেপিয়াই ফুৰো
যন্ত্ৰনাৰ দুডাল দীঘল শিপা

হাজাৰ বছৰীয়া আমাৰ এই অজ্ঞতা
কোনেও নুবুজিলো কাৰো মুখৰ ভাষা

তুমি বিয়পি পৰা
মই খেপিয়াই ফুৰো
পুৱাৰ পৰা ৰাতিলৈ
এন্ধাৰৰ পৰা পোহৰলৈ

৫২ ॥এলকহ’লিক ঈশ্বৰ॥