পৃষ্ঠা:এলকহ’লিক ঈশ্বৰ.pdf/৪৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

তেনেকুৱা কোনো কথা নাছিল যাৰ বাবে
এই মৃত্যুদণ্ড মোৰ প্ৰাপ্য
যাৰ বাবে তুমি ফালি পেলাইছা মোৰ আকাশ
লুকুৱাই থৈছা মোৰ প্ৰিয় ৰাতিবোৰ
যাৰ বাবে তুমি হাঁহিছা
তেনেকুৱা কোনো কথা নাছিল
তেনেকুৱা কোনো কথাই নাছিল
যাৰ বাবে তুমি কান্দিবা..

॥ এলকহ'লিক ঈশ্বৰ ॥ ৪৯