পৃষ্ঠা:এলকহ’লিক ঈশ্বৰ.pdf/৩০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
 

জিন্দাবাদ মহব্বত

‘ইস্ক নে তো গালিবকো নিকম্মা বনা দিয়া
নেহীতো হমভী আদমী থে কামাল কে।’

মিৰ্জা গালিব


কিছু ক্ষোভ :
উস! অসহ্য
ইমান উচ্চস্বৰত নিচিঞৰিবা হে হৃদয়
তোমাৰ ৰিক্ত চিৎকাৰ শুনিবলৈ
মইতো তোমাৰ গোলাম নহয়
নতুবা ভোকত স্বাধীনতা বেচা
মইতো কোনো লাৱাৰিছ কুত্তা নহয়
আৰু শুনা—
তোমাৰ বেদৰ্দী দিলৰুবাক লৈ
দিনেৰাতি সপোন দেখিবলৈ
মই সেই নিকম্মা গালিবো নহয়
ইমান উচ্চস্বৰত নিচিঞৰিবা হে হৃদয়

৩০ ॥এলকহ’লিক ঈশ্বৰ॥