পৃষ্ঠা:এলকহ’লিক ঈশ্বৰ.pdf/৩২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

অ’ হাফিজ ভাই
ইমান উদাস কিয়?
শুনিছোঁ হিন্দুস্তান, চমৰখণ্ড আৰু পাৰস্য
দিবা হেনো দিলৰুবাৰ গালৰ এটা তিলৰ বাবে বিলায়?
বেজান দিলৰ মৰমী তাই
বেপনাহ প্ৰেমৰ ৰাগিণী তাই
কিন্তু হাফিজ ভাই
হবস্ বিহীন তো জিন্দেগীয়েই নাই।

তুমি বাৰু কি পাবা?
এপিয়লা জিন্দেগী!
সোধা তোমাৰ দিলৰুবাক সোধা
মহব্বতৰ পিয়লাত কি বিচাৰে তাই

কিছু ক’বলগীয়া :
ভুল নুবুজিবা মোক হে মোৰ বেকচ্ হৃদয়
তোমাৰ আৰ্ত চিৎকাৰে মোক বাৰে বাৰে কন্দুৱাই
সঁচায়ে নিকম্মা মই,
কাবাবত হাড্ডি মই
সেয়ে চাগে’ দিলৰুবা দূৰতে বিদূৰ হয়

৩২॥এলকহলিক ঈশ্বৰ॥