পৃষ্ঠা:এলকহ’লিক ঈশ্বৰ.pdf/৬২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

কিন্তু
ঈশ্বৰ অবিনশ্বৰ
ঈশ্বৰ অবিনশ্বৰ

আকাশেদি উৰি আহে
টিক্ টিকীয়া ৰঙা মেঘ
আমাৰ চহৰত সৰি পৰে তেজৰ বৰষুণ
ঈশ্বৰ বীজ হৈ গজে

মোৰ নৰকলৈয়ো পোখাব খোজে ঈশ্বৰৰ বীজ
আৰু মই সিদিনা বেছিকৈ মদ খাওঁ
ঈশ্বৰক যিদিনা চাক্‌ না সজাওঁ
মোৰ পেটত ঘূৰি ফুৰে এলক’হলিক ঈশ্বৰ
ঈশ্বৰ হজম নহয় মোৰ।
নলাৰে উটি যায় মোৰ বমি আৰু ঈশ্বৰ
আৰু গজি উঠে তোমাৰ পথৰ কাষে কাষে

তুমি কঢ়িয়াই নিয়া মোৰ কবৰ
মোৰ কবৰৰ ওপৰত বহি যায় ঈশ্বৰ
বাদাম ভজা চোবাই চোবাই ঈশ্বৰে চাই যায়
অৰণ্য,পাহাৰ-পৰ্বত নদী...

৬২ ॥ এলকহ’লিক ঈশ্বৰ॥