পৃষ্ঠা:এলকহ’লিক ঈশ্বৰ.pdf/৪৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

বিঃ দ্ৰঃ
পিছদিনা মৃতকে বাতৰি কাকতত পঢ়িলে
পুলিচৰ গুলীত নিহত গৰখীয়া বেশধাৰী
অচিনাক্ত উগ্ৰপন্থী।
পুলিচে সুধিছিল
কি নাম তোৰ?
কি নাম তোৰ?
মৃতক হোৱাৰ পিছত গৰখীয়াজনে উত্তৰ দিছিল—
যি নাম ভাতৰ
যি নাম ভোকৰ।

পুনশ্চঃ
মৃতকৰ সভাত আজি আৰু এজন মৃতক উপস্থিত হৈছে
চিনাকি গৰখীয়াজন অথবা
অচিনাক্ত উগ্ৰপন্থী এজন।

৪৬॥ এলকহ'লিক ঈশ্বৰ॥