ৰেইনী

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
[ বেটুপাত ]
ৰেইনী (page 1 crop).jpg

ৰেইনী

সাধুপুথি

নীলিমা বৰা

[ প্ৰথম পৃষ্ঠা ]

ৰেইনী

(ব্যতিক্ৰমী শিশু উপন্যাস)

নীলিমা বৰা

[ প্ৰকাশন ] RAINI : A book written by Nilima Bora and Published by Naba Kalita on behalf of KIRAN PRAKASHAN, D. K. Market Complex, Dhemaji Chariali, Dhemaji, anded at Dhemaji Offset Printers, Ratanpur, Dhemaji-787057


First Edition : Feb., 2013           Price: Rs. 30/-

 

প্ৰকাশক : নৱ কলিতা
  কিৰণ প্ৰকাশন, ডি.কে. মাৰ্কেট কমপ্লেক্স
  ধেমাজি চাৰিআলি, ধেমাজি।
  ৯৮৫৪০৮৮৬০৪


প্ৰথম প্ৰকাশ : ফেব্ৰুৱাৰী, ২০১৩


মূল্য   : ৩০.০০ টকা



মুদ্ৰক :  ধেমাজি অফ্‌চেট্ প্ৰিণ্টাৰ্চ
  ৰতনপুৰ, ধেমাজি -৭৮৭০৫৭
  ৯৮৫৪০৮৮৬০৪

[ পাতনি ]

মোৰ কথা ...

‘ৰেইনী’ এক ব্যতিক্ৰমী শিশু উপন্যাস।

জিজ্ঞাসু মনেৰে খুচৰি ফুৰোতে পোৱা সত্য, ভয়াবহ, ৰোমাঞ্চকৰ আমাৰ অতীত জীৱনৰ সম্পৰ্কে আজিৰ শিশু সমাজক কিছু আভাস দিয়াৰ ইচ্ছাৰে ‘ৰেইনী’ মোৰ মানস পুত্ৰী।

ছবি অঁকাৰ প্ৰশিক্ষণ মোৰ নাই। কিন্তু ছবি আঁকি ভাল পাওঁ। সেয়ে অপৈণত হাতেৰে ছবিবোৰ অঁকা হ’ল। বেটুপাতটি যতনেৰে সজাই তুলিলে মোৰ পুত্ৰ শ্ৰী মানস চেম বৰাই। তেওঁলৈ মোৰ স্নেহাশীষ থাকিল।

‘ৰেইনী’য়ে মোৰ ৰচিত শিশুপুথিৰ ত্ৰিশ সংখ্যাটি পূৰ্ণ কৰিছে। পুথিখনি প্ৰকাশৰ দায়িত্ব লোৱা কিৰণ প্ৰকাশনৰ স্বত্বাধিকাৰী শ্ৰীযুত নৱ কলিতাৰ ওচৰত মই চিৰ ঋণী। লগতে সাধুকথা লেখাৰ বাবে সদায়ে তেখেতে উৎসাহিত কৰি অহাৰ বাবে মোৰ আন্তৰিক কৃতজ্ঞতা আৰু ধন্যবাদ তেওঁৰ বাবে সদায় থাকিব। ধেমাজি বুকষ্টল এণ্ড অফ্‌চেট প্ৰিণ্টাৰ্ছৰ সমূহ কৰ্মী বৃন্দলৈকে মোৰ ধন্যবাদ জনালোঁ।

আশা ৰাখিছো পূৰ্বৰ শিশুপুথি সমূহৰদৰে ‘ৰেইনী’য়েও পাঠক সমাজৰ চেনেহ পাব।

ত্ৰুটি মাৰ্জনাৰে ...

—- লেখিকা

‘চিনাকি’
জোনাক পুৰ, গুৱাহাটী- ১৬
ফোন নং- ৯৮৫৯২৩৬০৬৭

[  ]


 প্ৰায় দহ হাজাৰ বছৰৰ আগৰ কথা।

 যদিও সোতৰ লাখ বছৰৰ আগতে পৃথিৱীত জন্মলোৱা মানুহৰ কিছু উন্নতি হৈছিল, তথাপি আজিৰ মানুহৰ দৰে তেওঁলোকৰ নিয়ম-নীতি একে নাছিল। বাস কৰাৰ নিয়ম, থকা- খোৱাৰ নিয়ম, কাম-কাজৰ নিয়ম, দৈনিক কৰা কামবোৰৰ নিয়ম সকলো বেলেগ আছিল।

 মানুহৰ সংখ্যাও আজিৰ তুলনাত নিচেই তাকৰ। হাবিৰ মাজত, পৰ্বতৰ গুহাত নল-খাগৰিৰ জুপুৰীত, গছৰ খোৰোঙত জীৱন কটাইছিল।

[  ]

[  ]

 ‘চৰাইৰ কণী, চৰাই-চিৰিকটি, ফল-মূল, গছৰ ৰসাল শিপা, জন্তুৰ মঙহ আদি আছিল খোৱা আহাৰ। কেৱল জুইত পুৰিহে খাব জানিছিল।

 বতাহ-ধুমুহা, ঢেৰেকনি, বিজুলীলৈ তেওঁলোকে বৰ ভয় কৰিছিল। মানুহবোৰে সেইয়া নেদেখা দেৱতাৰ খঙ উঠা বুলি ভাবি লৈছিল।

 মানুহবোৰে জাকপাতি একেলগে বাস কৰিছিল আৰু বৰ মিলা-প্ৰীতিৰে আছিল।

 একেলগে আগবেলা চিকাৰলৈ ওলাই যায়। হাতত থাকে শিল আৰু জন্তুৰ হাড়েৰে তৈয়াৰী যাঠী, দা, কাঠ-বাঁহৰ টাঙোন। ডাঙৰ ডাঙৰ গাঁতলৈ ডাঙৰ ডাঙৰ জন্তুবোৰ খেদি নি পেলাই যাঠীৰে খুচি খুচি মাৰে। গধূলি ঘূৰি আহে। চোতালত জুইত পুৰি খায়। জুইৰ পোহৰত জোনাকৰ তলত সুখ দুখৰ কথা পাতে।

 সাজ-পোছাকবোৰ বিশেষকৈ জন্তুৰ ছালৰ আছিল যদিও তেতিয়ালৈ শণ আদি গছৰ বাকলিৰ পৰা মিহি ৰচীৰ সূতা উলিয়াই কাপোৰৰ দৰে ওলোমা সূতাত ব’বলৈ শিকিছিল। তথাপি জন্তুৰ ছালৰ পৰা ধুনীয়া ধুনীয়া সাজ তৈয়াৰ কৰিবলৈকো নেৰিছিল৷ নোমৰ পৰা তৈয়াৰী, গছৰ ছালৰ পৰা তৈয়াৰী ৰচীৰে সাজবোৰত গাঁঠি দি লৈছিল।

 মুঠৰ ওপৰত এইবোৰ আচৰিত যেন লাগিলেও তেনেই সঁচা কথা।

০০০ ০০০ ০০০ ০০০ ০০০

 এছিয়া মহাদেশৰ দক্ষিণ দিশে থকা নিজান এলেকা এটাত বাৰজনীয়া পৰিয়াল এটা আছিল। তেওঁলোকে গুহাত বাস কৰিছিল। তেওঁলোকৰ লগতে কেইজনমান বেলেগ মানুহো আছিল। ঠাইখন দুটা শিল-মাটিৰ সৰু পাহাৰে আগুৰা। মাজত গছ-গছনি থকা সমতল। আনৰ [  ]

চকুত সতকাই নপৰে। বনৰীয়া জন্তুৰ আক্ৰমণক বাধা দিবলৈ সুবিধা। চিকাৰ ধৰিবলৈও বৰ সহজ আছিল। গছৰ ডাল-পাত আৰু জন্তুৰ শুকান ছালেৰে তেওঁলোকে জুপুৰী এটাও সাজি লৈছিল। সেই বাৰজনীয়া পৰিয়ালটোত ৰেইনী নামৰ কণমাণি ছয় বছৰীয়া ছোৱালী এজনী আছিল। নোদোকা, উৎপতীয়া, মৰম লগা। তাইৰ চাৰিটা ককায়েক আছিল।

 ৰেইনীৰ ককাক বৰ বলবান আৰু সাহসী।

 ৰেইনীৰ জন্মৰ আগতে ককাকহঁত আক’ ক’ৰবাত এদল মানুহৰ লগত আছিল। এবাৰ তাত খৰাং আহিল। বাৰিষাৰ বৰষুণে যিদৰে মানুহবোৰক অসুবিধা দিয়ে, কেতিয়াবা খৰাং বতৰেও [  ]

বৰ হাহাকাৰ লগায়। খৰাং বতৰত গছ-গছনি শুকাল। খাল-বিলৰ পানী নোহোৱা হ’ল। চাৰিওফালে শুকান আৰু ৰ’দৰ তাপ। মানুহবোৰ ভাগ ভাগ হ’ল।

 ৰেইনীৰ ককাক-পিতাকহঁত অনাই-বনাই খাদ্য বিচাৰি ঘূৰি ফুৰোতে ফুৰোতে এই ঠাই পাইছিলহি.........। তেওঁলোকে এখন বৰ ডাঙৰ হাবি পালে। ডাঠ হাবিখনৰ মাজতে কৰবাৰ পৰা বৈ আহি শিলনিৰ মাজেৰে যোৱা নৈ এখনো দেখি বৰ ৰং পালে। তেওঁলোক হাবিখনৰ ওচৰতে থাকিবলৈ ল’লে।

 ওচৰতে থকা মুকলি পথাৰখনত ভেড়া, ঘোঁৰা, ষাঁড়গৰু আদি চৰি ফুৰাও তেওঁলোকৰ চকুত পৰিল।

 ঠাইখিনি চাপৰ আৰু জলাতক। ঘাঁহ-বনেৰে ভৰা সৰু সৰু জোপোহাৰে ধুনীয়া ঠাই। পিছে বৰষুণ দিলে পথাৰবোৰ আলতীয়া মাটিৰে বোকা হৈ পৰে। সেয়ে, ওচৰে পাজৰে ক’ৰবাত সুবিধাজনক ঠাই পায়নেকি চাবলৈ ধৰিলে।

 এদিন চিকাৰৰ পিছে পিছে আহি ৰেইনীৰ ককাকে কেইবাটাও গুহা থকা এই ঠাইখন দেখিলেহি। পৰিয়ালটো আৰু মানুহ কেইজনক তেওঁ ইয়ালৈ লৈ আহিল। গুহাত থক৷ ভালুক- শিয়াল জাকক চিকাৰ কৰি ল’লে। ৰেইনীৰ খুড়াক, বৰপিতাকহঁতো বৰ সাহসী। দূৰৈত হ’লেও নৈ খন পাই ভাল সুবিধা হ’ল।

 সকলো সুখে সন্তোষে থাকিবলৈ ল’লে। তাতে খুড়াকৰ ল’ৰা-ছোৱালী আৰু ৰেইনীহঁতে জনম পালে।

 ককাকৰ য়ু নামৰ কুকুৰ এটা আছিল। পোৱালিতে বাটত পাই অনা। এৰেহা খাবলৈ কেতিয়াবা বনৰীয়া কুকুৰ আহে। সিহঁতক সহজে ঘৰচীয়াও কৰিব পাৰি।

০০০ ০০০ ০০০ ০০০ ০০০

[ ১০ ]

 ৰেইনী বৰ কামিলা। ৰেইনীৰ নিচিনা সৰু সৰু ল’ৰা-ছোৱালীবোৰ বেচ্ কামিলা হয়েই। ডাঙৰে চিকাৰ কৰা, ফল-মূল বিচৰা, মাটি খান্দি গছৰ ৰসাল আলু বিচৰা, জন্তুৰ চৰ্বি গুচাই ছাল পৰিষ্কাৰ কৰা, নোমাল ছালবোৰৰ যতন লোৱা কামবোৰ সিহঁতে বৰ মনোযোগেৰে চায় আৰু সহায়ো কৰে।

 হঠাতে ৰেইনী এদিন বেমাৰত পৰিল। পেটৰ বিষত একো খাব নোৱাৰা হৈ পৰিল। হাত, ভৰিবোৰ ক্ষীণাই আহিল। ধুনীয়া মুখখন শেঁতা পৰিবলৈ ধৰিলে। [ ১১ ]

নেদেখা দেৱতাৰ দোষ লাগিল বুলি আইতাকহঁতে পূজা-পাতলো কৰিলে, তথাপি ৰেইনী ভাল হৈ নুঠিল।

 প্ৰথমে ৰেইনীক সকলোৱে কোলাই বোকোচাই লৈ চিকাৰলৈ ওলাই গৈছিল। পিছলৈ ঘৰত থৈ যাবলৈ ল’লে। খোৱা আহাৰ, পানী আদি ওচৰত যতনাই থৈ যায়। য়ু ৰখীয়া হৈ থাকে।

 এদিন।

 সকলো ওলাই গ’ল। একেৰাহে দুদিনমান বৰষুণ দি থকাত খোৱা বস্তুৰ নাটনি পৰিছিল। সেয়েহে বৰষুণৰ দিন কেইটাত অসুবিধা নোহোৱাকৈ সৰহকৈ গোটাই লোৱাৰ কথা ভাবিলে।

 তেওঁলোক যাবলৈ ধৰিলে। পিছে বৰষুণে বোকা আৰু পানী কৰি পেলোৱা পথাৰত একো চিকাৰ দেখা নেপালে। সেই কাৰণে তেওঁলোক বহুদূৰ যাব লগা হ’ল।

 বেলি লহিয়ালে। দুই এটা সৰু চিকাৰৰ বাহিৰে একো নাপালে। ইফালে উভটিবৰ পৰতে বৰ ডাঙৰকৈ ধুমুহা এজাক আহিল। লগে লগে ঢেৰেকনি আৰু চাট্‌ চাট্‌কৈ বিজুলি। বতাহৰ কোবত দুই এজোপা গছ চকুৰ আগতে ভাগি পৰিল। আকাশত থকা দেৱতাৰ খঙ উঠিছে বুলি তেওঁলোকে বৰ ভয় খালে। আন্ধাৰ হৈ আহিল। গছৰ খোৰোং, জোপোহা বিচাৰি গোটেইমখা যেনি তেনি দৌৰিবলৈ ধৰিলে।

 অলপ পিছতে হৰ্ হৰাই বৰষুণ পৰিল। তেওঁলোক বৰ বিমোৰত পৰিল। গোটেই নিশা বৰষুণ দিলে। তিতি, বুৰি তেওঁলোকে নিশাটো পাৰ কৰিলে।

 পিছ দিনা পোহৰ আহিল। তেওঁলোকে দেখিলে চাৰিও ফালে পানী আৰু পানী। বৰষুণ কমিল যদিও নেৰা নেপেৰাকৈ দিয়ে থাকিল। ঠাইবোৰ অচিনাকি যেন লাগিল। সকলো আহি গোট খালেহি। পিছে ককাকৰ দেখা দেখি নাই। তেওঁক আৰু কতো বিচাৰি নেপালে।

 ইপিনে ফেনেফোটোকাৰে ক'ৰবাৰ পৰা বাঢ়নী পানী আহি গোটেইখন একাকাৰ কৰি [ ১২ ]

পেলালে। সেই পানীৰ মাজেৰে উৱাদিহ নেপায় তেওঁলোক যাবলৈ ধৰিলে। বাঢ়নীপানীৰ কোবাল সোতত ৰেইনীৰ পেহীয়েক আৰু ককায়েক এটাৰ চিন মোকাম নাইকীয়া হ’ল।

 পানীৰ মাজেৰে গৈ গৈ তেওঁলোক বৰ কষ্টেৰে ওখ ঠাই এখনত উঠিলগৈ। বাট বিচাৰি নেপায় পানীৰ কাষে কাষে গৈ কোনোবা অজান মুলুকত ওলালগৈ। বহু চেষ্টা কৰিও বাট বিচাৰি নেপাই ঘৰলৈ উভটিব নোৱাৰিলে। ৰেইনীৰ চিন্তাই আইতাকহঁতক বৰ ভয় খুৱালে। কিন্তু একো উপায়ো নেপালে।

০০০ ০০০ ০০০ ০০০ ০০০

 ৰেইনী গুহাৰ ভিতৰতে দুদিনমান পৰি থাকিল। য়ু বাহিৰত।

 ৰেইনীলৈ থৈ যোৱা খোৱা বস্তু আৰু পানী ঢুকায় আহিল। ফল-মূল কিছুমান পকি গেলি গ’ল। মাক, আইতাকহঁত আহিব আহিব বুলি তাই বাট চাই থাকিল।

 পানীৰ পিয়াহত আৰু ভোকত তাই এদিন চুচৰি-বাগৰি বাহিৰলৈ ওলাই আহিল। পকি গেলি যোৱা ফলবোৰ দলিয়াই পেলালে। খাবলৈ কিবা পায়নেকি তাই চাৰিও ফালে চাবলৈ ধৰিলে। চকুত হ’লে একো নপৰিল। য়ু অসহায় ভাৱে তাইৰ কাষতে থাকিল।

 ৰেইনী আৰু ৰ’ব নোৱাৰা হ’ল। পানীৰ পিয়াহত ডিঙি শুকাল। পিয়াহ আৰু ভোকত চুচৰি বাগৰি গৈ তাই লতা এজোপাৰ কোমল কোমল পাতবোৰ চোবাবলৈ ধৰিলে। তাৰ পিছত ভাগৰত তাই বাহিৰৰ জুপুৰিটোতে শুই পৰিল।

 বহু বেলিৰ মূৰত তাই সাৰ পালে। তাই কিছু সতেজ অনুভৱ কৰিলে। দুদিনমান তাই পাতবোৰকে খাই থাকিল। তাইৰ ভয়ো লাগিছিল কিজানি পাতবোৰে অপকাৰ কৰে। সাপ, বেঙ, জন্তু জানোৱাৰে কামুৰিলে গছ-বনৰ পাত পিহি আইতাকহঁতে লেপন দিয়া দেখিছে, খোৱা হ’লে দেখা নাই। [ ১৩ ]

আচৰিত ভাৱে ৰেইনী ভাল হৈ আহিল। পেটৰ বিষ নাইকীয়া হ’ল। হাত-ভৰিলৈ শকতি আহিল। লাখুটি এডালৰ সহায়ত তাই খোজ কাঢ়িবও পৰা হ’ল।

 খোজ কাঢ়িব পৰা হ’লত তাই ফৰ্মুটিয়াই গুই, চৰাই-চিৰিকটি বধিলে। তাকে পুৰি য়ু আৰু তাই পেট পূৰালে। য়ুয়েও তাইক চিকাৰত সহায় কৰিলে। লাহে লাহে ৰেইনী একেবাৰে [ ১৪ ]

আগৰজনী হৈ উঠিল। ৰেইনীয়ে বুজিলে— তাই খোৱা লতা-পাতবোৰ আচলতে ঔষধি গছহে আছিল। আইতাকে তাইক অনেক ঔষধি গছ চিনাকি কৰি দিছে। এই জোপাৰো তাই চিন ৰাখি থলে।

০০০ ০০০ ০০০ ০০০ ০০০

 অকলে অকলে ৰেইনীৰ বৰ বেয়া লাগিবলৈ ধৰিলে। দিনৰ দিনটো তাই য়ুৰ লগতে টলৌ, টলৌকৈ ঘূৰি ঘূৰি গধূলি আমন জিমনকৈ উভটি আহে। নিশাটো কান্দি কান্দি গুহাৰ ভিতৰত শুই থাকে। য়ুৱে পহৰা দি বাহিৰতে থাকে।

 অকলশৰীয়া ৰেইনীয়ে কামতে মন বহুৱাবলৈ ধৰিলে। আলতীয়া মাটিৰ বল সাজি জুইত পুৰি টান কৰিলে। এইবোৰে ফৰ্মূটিয়াই চিকাৰ কৰিবলৈ ভাল। শিল কিছুমান গোটাই ঘঁহি ঘঁহি জোঙা কৰিও থলে।

 ককাকহঁতে সাজি থৈ যোৱা শিলৰ দা, কুঠাৰবোৰত শিলেৰে ধাৰ দিয়ে। চাৰিও ফালে চাফ্ চিকণ কৰি থয়। সৰু সৰু ডালবোৰ কাটি আনি শুকুৱায়।

 বতাহ বৰষুণ আহিলে তাই ভয়তে য়ুৰ লগত গুহাত সোমাই থাকেগৈ।

 ৰেইনীয়ে নেদেখা দেৱতাজনৰ ছবি এখন আঁকি ল’লে। তাত নিতৌ পূজা সেৱা কৰিবলৈ ল’লে, যাতে তাইক তেওঁ ৰক্ষা কৰে।

 ৰাতিপুৱা সূৰ্যটো দেখিলে তাইৰ বৰ ভাল লাগে। কাৰণ দিনটো পোহৰ দি থাকে। আকাশলৈ চাই তাই দুহাত মেলি কয় —“হে পোহৰ দিয়া দেৱতা, তুমি মোৰ আইতা পিতাহঁতক ক’ৰবাত দেখিছানে? তেওঁলোকক কবাছোন— মইনো অকলে কেনেকৈ থাকিব পাৰো?” জোনাক নিশা জোন বাইক সোধে— “তোমাৰ ঘৰটো দূৰতনে? এবাৰ গুচি গলে আহোঁতে ইমান পলম কৰা।”

 প্ৰায়ে তাই পাহাৰটোৰ ওপৰ পায়গৈ। চাৰিওফালে চায়—কিজানি পিতাকহঁতক দেখা [ ১৫ ]

পায়। আইতাকলৈ তাইৰ বৰ মনত পৰে। কিন্তু দূৰৈত চৰি ফুৰা ভেড়া, ষাঁড় গৰু, ঘোঁৰাবোৰৰ বাহিৰে একোকে চকুত নপৰে।

 তাই বাটকুৰি বাই হাবিখনৰ মাজত থকা শিলনিৰ নৈখনৰ ওচৰলৈ যায়। বহু সময় শিল এছটাত বহি থাকে। নৈখনক কয়— “বহুদূৰলৈ বৈ যোৱা পানীবোৰ, তুমি যদি মোৰ আইতাক লগ পোৱা ক’বাছোন মই বাট চাই আছো।”

 নিজান ঠাইখন নিমাও মাও হৈ থাকে। য়ুৰ ভুক ভুকনি আৰু কেতিয়াবা বনৰ জীৱজন্তুৰ দুই এটা মাতৰ বাহিৰে একো সাৰ সুৰ নেথাকে।

 দিনবোৰ যাবলৈ ধৰিলে।

 ৰেইনী এদিন বৰ আচৰিত হ’ল। তাই পেলাই দিয়া ফলবোৰৰ ঠাইত কিছুমান সৰু সৰু গছ হৈছে। পুলি এটা উভালি তাই পতিয়ন গ’ল— ফলৰ পৰাই ফল গছ হ’বলৈ ধৰিছে। ৰঙতে তাই জপিয়াই উঠিল। কিন্তু কথাটো তাই কাকনো ক’ব? য়ুকে ক’লে। [ ১৬ ]


 অকণমাণি গছবোৰ যাতে বতাহ বৰষুণত ভাগি নপৰে তাই মাটি, বালি চপাই দিলে।

 য়ু এদিন হঠাতে নাইকীয়া হ’ল। ৰেইনীয়ে তাক কতো বিচাৰি নেপালে। য়ু নাইকীয়া হোৱাত তাই তেনেই অকলশৰীয়া হৈ পৰিল।

 পিছে এমাহমানৰ পিছতে য়ু আহি ওলালহি। লগত এজনী কুকুৰ লৈ আহিল। দুটাকৈ কুকুৰ পাই ৰেইনীৰ মনত মহা ৰঙ। তিনিওটাই ৰং, ধেমালি কৰি সময়বোৰ কটাবলৈ ধৰিলে। কুকুৰজনীক তাই নাম এটা দি ল’লে ‘জু’। জু য়ুৰ নিচিনা শুৱনী নহ’লেও ভাল চিকাৰী।

 জুয়ে এদিন ছটা পোৱালি জন্ম দিলে। পোৱালি কেইটালৈ ৰেইনীৰ বৰ চেনেহ লাগিল। সিহঁতক কেনেকৈ যতন ল’ব ভাবিবলৈ ধৰিলে। পিছে পোৱালি কেইটাই কেৱল মাকৰ গাখীৰ খায়ে থাকিল আৰু দুমাহমানতে তজ্‌ বজীয়া হৈ উঠিল। ৰেইনীয়ে সিহঁতক জু জু বুলিয়ে মাতিলে। [ ১৭ ]

সিহঁত তাইৰ পিছে পিছে ঘূৰি ফুৰে।

 ৰেইনীৰ কাম বাঢ়িল। নিজৰ বাবে জু জু হঁতৰ বাবে খোৱাৰ চিন্তা আহিল। তাৰ বাহিৰেও বাঁহৰ চুঙা, পশুৰ চামৰাৰে তৈয়াৰী মোনাত পানী কঢ়িয়াই পিতাকহঁতে শকত গছৰ গুৰি কাটি খোৰোং কৰা পাত্ৰত জমা থ’ব লাগে।

 ফলৰ গছবোৰ ডাঙৰ হৈ আহিল। কিছুমানত ফুল ফুলিল। এদিন সৰু সৰু ফল লাগিল। সৰু সৰু ফলবোৰ পূৰঠ হ’ল। পকিল। কিছু মাহৰ পিছত আনবোৰ ফলৰ গছতো ফুল ফুলিল, কলি ওলাল। এদিন পূৰঠ হৈ পকিল। ৰেইনীৰ খোৱাৰ অভাৱ নোহোৱা হ’ল।


 ফলৰ গছবোৰৰ দৰেই ৰেইনীও ডাঙৰ হৈ আহিল। ওখ পাখ হৈ পৰা ৰেইনীৰ কজলা চুলিকোচাও দীঘল হ’ল। ৰঙচুৱা সোণালী গাৰ ৰঙটো আৰু চকুত লগা হৈ উঠিল। হাত-ভৰিবোৰ পূৰঠ জোৰ থকা হৈ উঠিল। বয়সতকৈ তাই বেছি ওখ আৰু শকত আৱত হ’ল। নহ’বনো কিয়? এপলকো বহি নাথাকে। চিকাৰৰ পিছে পিছে দৌৰে, গছৰ ডাল কাটে, তাৰে ক’ত যে হাথিয়াৰ নবনায়! পানী কঢ়িয়ায়। ফলৰ গছবোৰৰ যতন লয়। ঠাইবোৰ চাক্‌চিকুণ কৰে। পেট পূৰাই খাই বৈ নিশাতো ভালকৈ শুই পৰে। কাম-বনে মানুহক সৱল আৰু সুঠাম কৰে।

 পিন্ধা সাজৰ তাইৰ অসুবিধা নহ’ল। পিতাকহঁতে চিকাৰ কৰা জন্তুৰ ছাল কেইবাখনো মজুত আছিল। তাতে তাই গছৰ কেঁচা বাকলি মিহিকৈ ফালি খাৱবোৱা নিচিনাকৈ বৈ ল’বলৈ যত্ন কৰিছিল। এইবোৰ তাই মাক আৰু আইতাকক কৰা দেখিছিল। আইতাকে বৰ চকুত লগাকৈ গছৰ বাকলিৰ সাজ বব জানিছিল। তদুপৰি তাই গছৰ পাতবোৰ জাপি জাপি চকুত লগা কৰি সাজপাৰ কৰি ভাল পাইছিল।

০০০ ০০০ ০০০ ০০০ ০০০

[ ১৮ ]

 ৰেইনীয়ে লাহে লাহে ডাঙৰ চিকাৰ কৰিবলৈ অভ্যাস কৰিলে। হাতত থাকে ককায়েকৰ যাঠি এপাত। পিঠিত থাকে জন্তুৰ ছালেৰে তৈয়াৰী মোনাটোত জৰীগছৰ জৰীৰে পকাই পকাই কৰা ৰচী এসোপা, জোঙা শিলৰ টুকুৰা। কাঠত বন্ধা ধাৰ থকা শিলৰ দা এখন থাকেই। ককালত থাকে আক’ ভালুকৰ দাঁতৰ কাচি এখন। সেইখন পিতাকে ধাৰ থকা শিলৰ টুকুৰা লগ লগাই সাজিছিল। য়ুহঁত লগত থাকেই জুজনীক হ’লে ঘৰত থৈ যায়।

 ৰেইনীয়েও শিলৰ জোঙেৰে কিছুমান হাতিয়াৰ সাজি লৈছে। কাঠৰ টাঙোন দুফাল কৰি তাত ছটা ছটা শিল বান্ধি কুঠাৰ সাজি গছৰ ভাল কটা সুবিধা কৰি লৈছে।

 আইতাকে আলতীয়া মাটিৰে গাঁত এটা কৰি সজা চৌকাটোৰ তাই যতন কৰি ৰাখিছে। জুই তাত থাকেই। নুমালেও শিল দুটা খুন্দিয়াই শুকান পাতেৰে জুইকুৰা জ্বলাবলৈ তাইৰ সৰহ সময় নেলাগে


০০০ ০০০

 একেৰাহে কেইবাদিনো বৰষুণ দিছিল। এদিন বৰষুণ এৰি বতৰ ফৰকাল হ’ল। ৰেইনী [ ১৯ ]

বাহিৰলৈ ওলাই আহিল। মুকলি বতৰটো দেখি তাইৰ ভাল লাগিল। তাই কিছু দূৰ আগবাঢ়ি আহিল। ভিতৰত সোমাই থাকি আমনিও লাগিছিল।

 অলপদূৰ গৈয়ে ৰেইনীয়ে খাল এটাত ঘোঁৰা পোৱালি এটা পৰি থকা দেখা পালে। সি উঠিবলৈ চেষ্টা কৰিও পৰা নাই।

 খালটো বেছি দ’ নাছিল। ৰেইনীয়ে বৰ কষ্টেৰে তাক ওপৰলৈ তুলিলে, পিছে পিছ ঠেঙ এটাত দুখ পোৱাৰ কাৰণে সি পোন হ’ব নোৱাৰিলে।

 তাই ভৰি কেইটাত পাত জাৱৰ এসোপাদি ৰচীৰে আলসুৱাকৈ বান্ধিলে ৷ তাৰ পিছত চোঁচৰাই কোনোমতে আনি ঘৰ পোৱালেহি।

 ঘোঁৰা পোৱালিটোৰ তাই ভালকৈ যতন ল’বলৈ ধৰিলে। দুখ পোৱা ঠেংটোত বন ঔষধি পাত পিহি [ ২০ ]

লেপন দি বান্ধিলে। জুইত সেক দিলে। শুকান ঠাইত গৈ জাৰ গুচাবলৈ গাত ডাল-পাত জাগি দিলে। কুমলীয়া ঘাঁহ আনি খুৱালে। গছৰ টান বাকলিত পানী ঢালি পি খুৱালে। জুবে যাতে আমনি কৰিব নোৱাৰে তালৈ চকু দিলে।

০০০   ০০০  ০০০  ০০০ ০০০

 ভালেমান দিনৰ মূৰত ঘোঁৰা পোৱালীটো ভাল হৈ উঠিল। দৌৰিব পৰা হ’ল। এদিন ৰেইনীয়ে তাক পথাৰত এৰি থৈ আহিল যাতে মাকৰ ওচৰলৈ যাব পাৰে। পিছে সি উভটি আহি আকৌ ৰেইনীৰ ওচৰ পালেহি। উপাই নেপায় তাই তাক লগতে ৰাখি থলে। মৰমতে তাক ‘ইক’ বুলি মাতিবলৈ ল’লে।

 ৰেইনীৰ সময়বোৰ পলকতে পাৰ হোৱা হ’ল। নিজৰ বাবে, ‘য়ুহঁতৰ বাবে, ইকৰ বাবে। খাদ্য বিচৰা, গছবোৰৰ যতন লোৱা ক’তযে কাম! তাৰ মাজতে আজৰি পালে জুইৰে পুৰি টান কৰা মাটিৰ ফলিত, গুহাৰ বেৰবোৰত চূণশিলৰ টুকুৰা আৰু এঙাৰেৰে ছবি আঁকে। ছবি আঁকিবলৈ তাই বৰ ভাল পায়। জোনবাইৰ ছবি, বেলি দেৱতাৰ ছবি, জু হঁতৰ ছবি, তাই কৰা কামবোৰৰ ছবি,— ক’ত ধৰণৰ যে তাই ছবি আঁকে।

০০০   ০০০  ০০০  ০০০ ০০০


 ৰেইনী এদিন বাৰুকৈয়ে আচৰিত হ’ল। তাই দেখিলে — কামত আহিব বুলি কাটি আনি গোজ পুতি থোৱা গছৰ ডালবোৰৰ পৰা নতুনকৈ পাত ওলাইছে। গছৰ ডালৰ পৰা গছ, ফলৰ পৰা ফলৰ গছ এইবোৰ তাই নতুন কথা দেখিলে। গছ বিলাকৰ প্ৰতি তাইৰ বৰ চেনেহ সোমাল আৰু মৰমেৰে যতনো ললে। দুটামান ডাল কাটি আনি আকৌ পুতিলেহি। নতুন নতুন কথাবোৰে তাইক বৰ আমোদ দিলে।

 এনেকৈয়ে তাইৰ দিন, মাহ, বছৰ পাৰ হ’বলৈ ধৰিলে।

০০০   ০০০  ০০০  ০০০ ০০০

[ ২১ ]

 আজি-কালি ৰেইনী নিপুণ চিকাৰী। ঘোঁৰাত উঠি চিকাৰলৈ যায়। য়ুহঁত লগত থাকেই য়ুহঁত থকাৰ কাৰণে তাইৰ ভয় কৰিবলগীয়া একো কাৰণ নেথাকে। বিপদ যেন দেখিলেই য়ুহঁতে ভুকিবলৈ ধৰে। তাই লগে লগে সাৱধান হয়।

 সাতোটা কুকুৰ লগত লৈ ৰেইনীয়ে যেতিয়া ঘোঁৰা চেকুৰাই যায়, তাইৰ কজলা চুলিকোচা মতলীয়া হৈ নাচিবলৈ ধৰে। বাগৰি নপৰিব কাৰণে ইকৰ ডিঙিত থকা চামৰাৰ নোমাল ফিটাত বন্ধা ৰচীডাল খামুচি ধৰা তাইৰ বাওঁহাতৰ তলুৱা কঠিন হৈ উঠে। যাঠিপাত ধৰিযোৱা সোঁ হাতৰ আঙুলি টান হৈ পৰে। মাটি বোকা, শিলে টান কৰি পেলোৱা গোৰোহা ইকৰ পেটত ঘঁহনি খায়। ৰ’দৰ পোহৰত তাইৰ গাৰ ৰং জিলিকি উঠে। বতাহ জাকে তাইক বাট এৰি দিয়ে ৷ হাঁহি হাঁহি বেলিটো তাইৰ লগে লগে দৌৰি ফুৰে।

 ৰেইনী চিকাৰলৈ ওলাল।

 আজি পিছে ৰেইনীয়ে জুহঁতক লগত নল’লে। সৰু সুৰা দুই এটা চিকাৰ কৰি তাই হাবিৰ ফালে গ’ল ৷ আজি পানী আনিব লাগিব।

 তাই হাবিত সোমাইছিল হে। গাহৰি এটা তৰা- নৰা ছিঙি দৌৰ মৰা চকুত পৰিল। তাই যাঠি পাত [ ২২ ] মাৰি পঠিয়ালে। জোঙা মূৰৰ দীঘল যাঠীপাত গাহৰিটোৰ পেট সৰকি গ’ল। তাই ঘোঁৰাৰ পৰা নামিল আৰু দাৰে ঘপিয়াই আধ্যা পেলালে। তেনেতে তাইক পিছ ফালৰ পৰা কঠিন হাত এযোৰে গবা মাৰি ধৰিলে লগতে তাইৰ পিঠিত আঘাটো কৰিলে।

 তাই উভটি চালে। দেখিলে, তাইতকৈ অলপ ডাঙৰ ল’ৰা এটা। চকুৰ পৰা যেন জুইহে ওলাব। সি চিকাৰটো তাৰ বুলি দাবী কৰিলে।

 ৰেইনীৰ বৰ খঙ উঠিল। তাৰ কপালত হাতৰ দাখনেৰে আঘাট কৰিলে আৰু এটা প্ৰচণ্ড ঠেলা মাৰিলে। ল’ৰাটো হামখুৰি খাই পৰিলগৈ পিছে তৎক্ষণাত উঠি তাইক পুনৰ আক্ৰমণ কৰিবলৈ কঁকালত থকা দাখন উলিয়াই ললে। চকুৰ পলকতে ডেকা এটা আহি দুহাত মেলি ৰেইনীক আঁৰ কৰি ধৰিলেহি৷ ল’ৰাটোক বুজাবলৈ কিবা কিবি ক’লে।

 ৰেইনী অকণো সময় নৰ’ল। সেই সুযোগতে পিঠিত থকা মোনাৰ পৰা ৰচী উলিয়াই গাহৰিটোৰ ডিঙিত চোঁচা গাঁঠি দি জাপমাৰি ইকৰ পিঠিত উঠিল, আৰু গাহৰিটো চোঁচৰাই চেঁকুৰ ল’লে।

 অকোৱা পকোৱা বাটেৰে আহি ৰেইনী কোনোবাখিনি পালেহি; যাতে অনুসৰণ কৰি সিহঁতে তাইৰ ঘৰটো উলিয়াব নোৱাৰে। য়ুৰ মুখত তাই লতাৰে বান্ধি গোটেই বেলাটো লুকাই থাকিল।

 নিশাৰ এন্ধাৰত তাই ঘৰলৈ আহিল। জুহঁতৰ চিঞৰ বাখৰ যাতে দূৰলৈ নেযায় তাৰ বাবে সিহঁতক গুহাৰ ভিতৰত সুমুৱাই থলে।

 মানুহ বিচাৰি ফুৰা ৰেইনীয়ে এনেদৰে হঠাতে মানুহ লগ পাই বৰ ভয় খালে। তাই ভাবিলে, হিংসাকুৰীয়া মানুহৰ লগত থকাতকৈ অকলে থকাই ভাল।

০০০ ০০০ ০০০ ০০০ ০০০

[ ২৩ ]

 ৰেইনী দুদিনমান ঘৰতে থাকিল। চাৰিওফালে কোনোবা আহে নেকি জুমি জুমি চাই থাকিল। পিছে, একো চকুত নপৰিল। সকলো যেন শাম কাটিল।

 তাই বাহিৰলৈ নোলালেই নহয়। গোটেই মখাৰ খোৱাবোৱাৰ কথা ভাবিব লাগে। আকৌ তাই আগৰ দৰে ঘূৰি ফুৰিবলৈ ল’লে।

 এদিন ৰেইনী গধূলি উভটি আহি চোতালত জুইৰ পোহৰ দেখি আচৰিত হ’ল। ইকৰ পিঠিৰ পৰা নামি আঁৰ লৈ তাই মনে মনে আগবাঢ়িল।

 তাই দেখিলে, সেই ডেকাটো বহি আছে; যিটোৱে দুহাত মেলি তাইক ৰক্ষা কৰিবলৈ সেইদিনা আহিছিল। সি তাইৰ ঘৰ চিনি পালে কেনেকৈ? আৰু য়ু? তাক ডেকাটোৱে বশ কৰি লৈছে।

 ৰেইনীয়ে ভয় খালে। বল আৰু বুদ্ধি থাকিলেও তাই তেৰ বছৰীয়া এজনী সৰু ছোৱালীহে। দিনৰ [ ২৪ ] পোহৰত মুখামুখি হোৱাৰ কথা ভাবি তাই উভটিব খুজিছিল কিন্তু গম পাই য়ু কুঁ কুঁৱাই দৌৰি আহিল।

 ডেকাটোৱে ঘূৰি চালে। সি তৎক্ষণাত থিয় হ’ল। তাইৰ ফালে আগবাঢ়িব খোজাত তাই যাঠীপাত ডাঙি ল’লে। ডেকাটোৱে আঠু মাটিত থৈ দুই হাত আগবঢ়াই মাতিলে – ‘ৰেইন, ৰেইন।’

 নামটো তাইৰ ক'ৰবাত শুনা শুনা যেন লাগিল। সাত বছৰে মানুহৰ মাতৰ পৰা আঁতৰি শিশুৰ পৰা কিশোৰী হোৱা ৰেইনীয়ে নিজৰ নামটোকে পাহৰি পেলাইছিল। আচৰিত হৈ তাই তালৈ চাই থাকিল। জুইৰ পোহৰত তাই দেখিলে তাৰ হাতত দা, যাঠী একো নাই। গাত মিহি ছালৰ পোছাক। দীঘল চুলিৰ কপালত হৰিণাছালৰ পটি। জুইৰ তাপত তিৰ্‌বিৰাই থকা হালধীয়া বৰণৰ মজবুত ডেকাটো দয়ালু যেনেই লাগিল। তথাপি তাইৰ ভয় দূৰ নহ’ল।

 ৰেইনী উভটি গুচি যাব খোজোতেই একেজাপে ডেকাটোৱে তাইক ধৰি পেলালেহি। তাই বাধা দিবলৈ প্ৰাণপণে চেষ্টা কৰিলে। কিন্তু সি তাৰ কঁকালত থকা নোমাল ৰচীৰে তাইৰ হাত ভৰি বান্ধি পেলালে। তাইক দাং-দোলাকৈ লৈ সি গুহাৰ ভিতৰলৈ আনি শেতেলীত শুৱাই দিলেহি। গুহাৰ ভিতৰত দগ্‌মগকৈ আঙঠাৰ জুই জ্বলি আছিল। সেই পোহৰত তাই দেখিলে কোমল শেতেলীখনত হৰিণাৰ ছাল এখন পাৰি থোৱা আছে।

 ডেকাটোৱে তাইলৈ একেথৰে বহুপৰ চাই থাকিল। তাৰ পিছত কপালত চুমা এটা খালে। তাই তাক কামুৰিবলৈ মুখ মেলি দাঁত নিকটাই গ’ল।

 ডেকাটো ওলাই আহিল। গুহাৰ কাঠৰ দুৱাৰখন বাহিৰৰ পৰা সি জপাই থলে।

 ৰেইনীৰ দুগালেৰে চকুপানীবোৰ বৈ আহিল। বহু চেষ্টা কৰিও তাই বান্ধ খুলিব নোৱাৰিলে।

০০০ ০০০ ০০০ ০০০ ০০০

[ ২৫ ]

 জু জু হঁতৰ চিঞৰ-বাখৰ আৰু গুহাৰ খোলা দুৱাৰেৰে অহা পোহৰত ৰেইনীয়ে সাৰ পাই গ’ল। কান্দি কান্দি শেষ নিশা তাইৰ টোপনি আহিছিলগৈ।

 ডেকাটো সোমাই আহিল। তাইৰ হাত-ভৰিৰ বান্ধবোৰ খুলি দিলে আৰু তাইৰ হাতত ধৰি বাহিৰলৈ লৈ আহিল।

 ৰেইনীৰ বাবে বাহিৰত ৰৈ আছিল বৰ আচৰিত কথা এটা— তাই হতবাক হই কিছু সময় চাই থাকিল। তাৰ পিছত আঠুকাঢ়ি দুই হাতেৰে মুখখন ঢাকি হাও হাওকৈ কান্দি উঠিল।— এয়া যে তাইৰ মৰমৰ আইতাক জনী!!

 – “ৰেইন, ৰেইন, মোৰ বুকু, মোৰ জীউ, মোৰ চকুৰ মণি—”আইতাকে মঙহাল দুহাতেৰে তেওঁৰ কোমল বুকুত ৰেইনীক সুমুৱাই কান্দিবলৈ ধৰিলে। [ ২৬ ]  বহু সময় তেনেকৈয়ে পাৰ হ’ল। জু জুহঁতে পাৰ হৈ চাই থাকিল। য়ু আইতাকৰ গাতে গাটো লগাই থাকিল। তাৰ মনতো মহাৰঙ।

 আইতাকে দুই হাতেৰে নিজৰ চকুৰ পানী মুছিলে। ৰেইনীৰ হাতত ধৰি আঙুলিয়ালে— ‘তোৰ ককায়েৰ – ৰেমছ্।

 ডেকাটো আগবাঢ়ি আহিল। তাইৰ কাষলতিৰ তলেৰে দুহাত পাৰ কৰি গবা মাৰি ধৰি দুপাক মান ঘূৰালে—ঠিক সৰু কালৰ দৰে।

  ৰেইনীৰ চকুৰ পানীৰে ককায়েকৰ বুকু তিয়াই পেলালে।

 ৰেইনীয়ে অভিযোগ কৰিলে— কিয় তাইক অকলে এৰি থৈ গুচি গৈছিল।

 আইতাকে ঘটি যোৱা ভয়ংকৰ কথাবোৰ ক’লে— কেনেকৈ বিপদে পালে, ককাককো হেৰুৱালে, পেহীয়েক আৰু ককায়েকটো পানীত জাঁহ গ’ল। বাট হেৰুৱাই অনাই বনাই ফুৰাৰ পিছত এদিন মানুহ এদল লগ পালে। এদিন তাত খৰাং আহিল। খোৱা মুঠিৰে হাহাঁকাৰ লাগিল। আনকি সৰু সৰু ল’ৰা-ছোৱালীবোৰেও নিজৰ আহাৰ নিজেই বিচাৰি ল’বলগীয়া হ’ল। মানুহবোৰ

[ ২৭ ]

সৰু সৰু দল হৈ ঘূৰি ফুৰিল। তেওঁ আৰু ৰেমছও দল এটাৰ লগত আহি এই ফালে ওলালহি। হাবিখনৰ সিপাৰে থাকিবলৈ ল’লে। এদিন হাবিখনতে ককায়েকে তাইক লগ পালে। তাৰ যাঠী পাততে সি তাইক চিনি পালে। নাপাবইবা কিয়?— সেইপাত যাঠী সি ছয়বছৰ বয়সতে যেতিয়া গাহৰি এটা বধিছিল, মৰমতে ককাকে তাক বৰ যতনকৈ নিজ হাতে গঢ়ি দিছিল।— ষাঁড় গৰুৰ হাড় শিলত ঘঁহি ঘঁহি টিঙটিঙিয়াকৈ জোঙা কৰিছিল। ডেৰহাত দীঘল। তাৰ পিছত ফোপোলা কাঠৰ টাঙোনত শুকান ছালৰ ৰচীৰে আঁতি আঁতি বান্ধিছিল। আগভাগত জোঙা শিল বন্ধোৱা। ফুটাবোৰ কৰিবলৈ কম কষ্টেৰে শিলৰ বিন্ধনা কৰিছিলনে! তাৰ ওপৰত আক’ তাম গলাই বন্ধা। [ ২৮ ]

[ ২৯ ]

হাতে ধৰাত চুঁচি-মাজি নিমজ কৰি মাজে মাজে জহামালৰ নোমাল ছালৰ কিতাৰে পটি বনাই চৰাই পাখিৰ সতে পাক দিয়া। তেনে যাঠী আনৰ নাই। তথাপি তাইক ভালকৈ চিনি পালে সৰুতে শিলত পৰি তাইৰ সোঁ ফালৰ বাহুৰ পিছ ফালে হোৱা এবেগেতীয়া দাগটো দেখি।

 মনে মনে পিছ লৈয়ে হাবিৰ মাজৰ নৈখন পালে। নৈখন দেখি তাৰ বাটতো মনত পৰিল। নেদেখা দেৱতাই দয়া কৰিলে পিতাকহঁতো এদিন ওলাবহি।

 উলাহতে আইতাকে ঠাইখন ঘূৰি পকি চালে। ফলৰ গছবোৰ আৰু নতুনকৈ হোৱা গছবিলাক দেখি ৰেইনীক ভূয়সী গুণগান গালে।

 ৰেইনী ইকৰ পিঠিত উঠি হাবিখনৰ ফালে গুচি গ’ল। যাওঁতে তাই ভাবি গ’ল— নৈখনৰ পাৰত বহি তাই সদায় ভাবিছিল– সিফালে বাৰু কি আছে? বাট হেৰুৱাক ভয়তে এদিনো যোৱাৰ কথা নেভাবিলে। অথচ সেইফালে আইতাকহঁতেই আছিলহি।

 তাই নৈখনৰ পাৰত বহিল। আজলি ভৰাই পানীবোৰ দুহাতত তুলি ল’লে আৰু ক’বলৈ ধৰিলে—“ধন্যবাদ মৰমৰ পানীবোৰ! ধন্যবাদ! তুমিয়ে মোৰ ককাইদেউক বাটৰ চিনাকি দিলা।

 ৰেইনী ঘূৰি আহিল। য়ুহঁতে তাইক ঘেৰি ধৰি কিবা ক’লেহি। ৰেইনীয়ে দেখিলেহি— চোতালত আইতাকৰসতে এজাক মানুহ।

 এজাক চিকাৰী কুকুৰৰ মাজত ঘোঁৰাত উঠি থকা ৰেইনীক দেখি সকলোৱে অবাক হৈ চাই থাকিল।

 ৰেইনীয়ে দেখা পালে— সেই মানুহখিনিৰ মাজত তাইৰ লগত যুঁজ কৰা ল’ৰাটোও আছে। কেঁকোৰা চুলিৰ কপালত তাই কৰা আঘাটৰ ঘাঁটো জিলিকি আছে। আইতাকে ৰেইনীক ক’লে যে তেওঁলোক এই মানুহখিনিৰ লগতে আছিল। [ ৩০ ]

 তাই ঘোঁৰাৰ পৰা নামিল। ল’ৰাটো আগবাঢ়ি আহি তাইৰ হাতত ধৰি মাফ্ খুজিলে। তাই মন কৰিলে সেইদিনাৰ কঠোৰ বলবান ল’ৰাটো নতুন হৈ তাইৰ ওচৰত থিয় দিছে। মুখখন ধুনীয়া লাগিছে। চকুত অকণো খং নাই। কঠিন হাতখনো কোমল, বন্ধুত্বৰ চিন।

 ৰেইনীয়ে তাক হাতেৰে মাফ্ কৰাৰ ইঙ্গিত দিলে। [ ৩১ ]


 ৰেইনীতকৈ সৰু-ডাঙৰ ল’ৰা-ছোৱালী এমখাই সিহঁত দুটাক ঘেৰিধৰি হাত চাপৰি বজাই ঘূৰি ঘূৰি আং বাং সুৰত কিবা গালে। কথাবোৰ আছিল—

“আমি তোমাক পায়
ইমান ভাল পাইছো
তুমি হ’বা দেই আমাৰ গৰাকী
তুমি যাবা আগে-আগে

[ ৩২ ]

আমি যাম পিছে-পিছে
যাম দেই ল’ৰি–ল’ৰি–ল’ৰি— ”

 সেই দৃশ্যটোত আনন্দৰ চকুলো বোৱাই আইতাকে প্ৰাণভৰি উপভোগ কৰিলে। উপভোগ কৰিলে ককায়েক ৰেমছয়েও।

 অধীৰ আনন্দত ৰেইনীয়ে আকাশৰ পোহৰ দিয়া দেৱতালৈ চালে। তাই দেখিলে— ফট্ ফটীয়া নীলা আকাশত বহি পোহৰ দিয়া দেৱতা সূৰ্যটোৱে তাইলৈ চাই হাঁহি আছে।

:: সমাপ্ত ::


এই লেখা ক্ৰিয়েটিভ কমন্স এট্ৰিবিউচন-শ্বেয়াৰ এলাইক 4.0 আন্তৰ্জাতিক অনুজ্ঞাপত্ৰৰ অধীনত মুকলি কৰা হৈছে, ইয়াৰ মতে আপুনি এই লেখাৰ অনুজ্ঞাপত্ৰ পৰিবৰ্তন নকৰাকৈ আৰু স্পষ্টকৈ উল্লেখ কৰি, আৰু মূল লেখকৰ নাম উল্লেখ কৰি বিনামূলীয়াকৈ ব্যৱহাৰ, বিতৰণ, আৰু বিকাশ কৰিব পাৰিব—আৰু যদি আপুনি বিকল্প, পৰিবৰ্তন, বা এই লেখাৰ পৰা অন্য কোনো লেখা প্ৰস্তুত কৰে, সেই লেখাও একে অনুজ্ঞাপত্ৰৰ অধীনতহে মুকলি কৰিব পাৰিব।

 

এই লেখাটো মুক্ত আৰু ইয়াক সকলোৱে যিকোনো কাৰণত বা যিকোনো উদ্দেশ্যত ব্যৱহাৰ কৰিব পাৰে। আপুনি যদি এই সমল ব্যৱহাৰ কৰিব বিচাৰে, তেন্তে এই পৃষ্ঠাত উল্লিখিত অনুজ্ঞাপত্ৰৰ প্ৰয়োজনীয়তাসমূহ অনুসৰণ কৰিলে আপুনি অনুমতি বিচৰাৰ প্ৰয়োজন নাই ।

ৱিকিমিডিয়াই ই-মেইলযোগে এই লেখাৰ স্বত্বাধীকাৰীৰ পৰা এই লেখাক এইটো পৃষ্ঠাত উল্লিখিত চৰ্তসমূহৰ অধীনত ইয়াৰ ব্যৱহাৰৰ অনুমোদন লাভ কৰিছে। এই বাৰ্তালাপক এজন OTRS সদস্যই পৰিদৰ্শন কৰিছে আৰু ইয়াক আমাৰ অনুমতিৰ সংগ্ৰহালয়ত সংৰক্ষণ কৰি ৰখা হৈছে। এই বাৰ্তালাপ বিশ্বাসযোগ্য স্বেচ্ছাসেৱকসকলৰ বাবে এই লিংকত উপলব্ধ।