পৃষ্ঠা:ৰেইনী.pdf/২৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
ৰেইনী


পোহৰত মুখামুখি হোৱাৰ কথা ভাবি তাই উভটিব খুজিছিল কিন্তু গম পাই য়ু কুঁ কুঁৱাই দৌৰি আহিল।

 ডেকাটোৱে ঘূৰি চালে। সি তৎক্ষণাত থিয় হ’ল। তাইৰ ফালে আগবাঢ়িব খোজাত তাই যাঠীপাত ডাঙি ল’লে। ডেকাটোৱে আঠু মাটিত থৈ দুই হাত আগবঢ়াই মাতিলে – ‘ৰেইন, ৰেইন।’

 নামটো তাইৰ ক'ৰবাত শুনা শুনা যেন লাগিল। সাত বছৰে মানুহৰ মাতৰ পৰা আঁতৰি শিশুৰ পৰা কিশোৰী হোৱা ৰেইনীয়ে নিজৰ নামটোকে পাহৰি পেলাইছিল। আচৰিত হৈ তাই তালৈ চাই থাকিল। জুইৰ পোহৰত তাই দেখিলে তাৰ হাতত দা, যাঠী একো নাই। গাত মিহি ছালৰ পোছাক। দীঘল চুলিৰ কপালত হৰিণাছালৰ পটি। জুইৰ তাপত তিৰ্‌বিৰাই থকা হালধীয়া বৰণৰ মজবুত ডেকাটো দয়ালু যেনেই লাগিল। তথাপি তাইৰ ভয় দূৰ নহ’ল।

 ৰেইনী উভটি গুচি যাব খোজোতেই একেজাপে ডেকাটোৱে তাইক ধৰি পেলালেহি। তাই বাধা দিবলৈ প্ৰাণপণে চেষ্টা কৰিলে। কিন্তু সি তাৰ কঁকালত থকা নোমাল ৰচীৰে তাইৰ হাত ভৰি বান্ধি পেলালে। তাইক দাং-দোলাকৈ লৈ সি গুহাৰ ভিতৰলৈ আনি শেতেলীত শুৱাই দিলেহি। গুহাৰ ভিতৰত দগ্‌মগকৈ আঙঠাৰ জুই জ্বলি আছিল। সেই পোহৰত তাই দেখিলে কোমল শেতেলীখনত হৰিণাৰ ছাল এখন পাৰি থোৱা আছে।

 ডেকাটোৱে তাইলৈ একেথৰে বহুপৰ চাই থাকিল। তাৰ পিছত কপালত চুমা এটা খালে। তাই তাক কামুৰিবলৈ মুখ মেলি দাঁত নিকটাই গ’ল।

 ডেকাটো ওলাই আহিল। গুহাৰ কাঠৰ দুৱাৰখন বাহিৰৰ পৰা সি জপাই থলে।

 ৰেইনীৰ দুগালেৰে চকুপানীবোৰ বৈ আহিল। বহু চেষ্টা কৰিও তাই বান্ধ খুলিব নোৱাৰিলে।

০০০ ০০০ ০০০ ০০০ ০০০

( ২৪)