হাতে ধৰাত চুঁচি-মাজি নিমজ কৰি মাজে মাজে জহামালৰ নোমাল ছালৰ কিতাৰে পটি বনাই
চৰাই পাখিৰ সতে পাক দিয়া। তেনে যাঠী আনৰ নাই। তথাপি তাইক ভালকৈ চিনি পালে
সৰুতে শিলত পৰি তাইৰ সোঁ ফালৰ বাহুৰ পিছ ফালে হোৱা এবেগেতীয়া দাগটো দেখি।
মনে মনে পিছ লৈয়ে হাবিৰ মাজৰ নৈখন পালে। নৈখন দেখি তাৰ বাটতো মনত পৰিল। নেদেখা দেৱতাই দয়া কৰিলে পিতাকহঁতো এদিন ওলাবহি।
উলাহতে আইতাকে ঠাইখন ঘূৰি পকি চালে। ফলৰ গছবোৰ আৰু নতুনকৈ হোৱা গছবিলাক দেখি ৰেইনীক ভূয়সী গুণগান গালে।
ৰেইনী ইকৰ পিঠিত উঠি হাবিখনৰ ফালে গুচি গ’ল। যাওঁতে তাই ভাবি গ’ল— নৈখনৰ পাৰত বহি তাই সদায় ভাবিছিল– সিফালে বাৰু কি আছে? বাট হেৰুৱাক ভয়তে এদিনো যোৱাৰ কথা নেভাবিলে। অথচ সেইফালে আইতাকহঁতেই আছিলহি।
তাই নৈখনৰ পাৰত বহিল। আজলি ভৰাই পানীবোৰ দুহাতত তুলি ল’লে আৰু ক’বলৈ ধৰিলে—“ধন্যবাদ মৰমৰ পানীবোৰ! ধন্যবাদ! তুমিয়ে মোৰ ককাইদেউক বাটৰ চিনাকি দিলা।
ৰেইনী ঘূৰি আহিল। য়ুহঁতে তাইক ঘেৰি ধৰি কিবা ক’লেহি। ৰেইনীয়ে দেখিলেহি— চোতালত আইতাকৰসতে এজাক মানুহ।
এজাক চিকাৰী কুকুৰৰ মাজত ঘোঁৰাত উঠি থকা ৰেইনীক দেখি সকলোৱে অবাক হৈ চাই থাকিল।
ৰেইনীয়ে দেখা পালে— সেই মানুহখিনিৰ মাজত তাইৰ লগত যুঁজ কৰা ল’ৰাটোও আছে। কেঁকোৰা চুলিৰ কপালত তাই কৰা আঘাটৰ ঘাঁটো জিলিকি আছে। আইতাকে ৰেইনীক
ক’লে যে তেওঁলোক এই মানুহখিনিৰ লগতে আছিল।
( ২৯)