পৃষ্ঠা:ৰেইনী.pdf/২৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
ৰেইনী


সৰু সৰু দল হৈ ঘূৰি ফুৰিল। তেওঁ আৰু ৰেমছও দল এটাৰ লগত আহি এই ফালে ওলালহি। হাবিখনৰ সিপাৰে থাকিবলৈ ল’লে। এদিন হাবিখনতে ককায়েকে তাইক লগ পালে। তাৰ যাঠী পাততে সি তাইক চিনি পালে। নাপাবইবা কিয়?— সেইপাত যাঠী সি ছয়বছৰ বয়সতে যেতিয়া গাহৰি এটা বধিছিল, মৰমতে ককাকে তাক বৰ যতনকৈ নিজ হাতে গঢ়ি দিছিল।— ষাঁড় গৰুৰ হাড় শিলত ঘঁহি ঘঁহি টিঙটিঙিয়াকৈ জোঙা কৰিছিল। ডেৰহাত দীঘল। তাৰ পিছত ফোপোলা কাঠৰ টাঙোনত শুকান ছালৰ ৰচীৰে আঁতি আঁতি বান্ধিছিল। আগভাগত জোঙা শিল বন্ধোৱা। ফুটাবোৰ কৰিবলৈ কম কষ্টেৰে শিলৰ বিন্ধনা কৰিছিলনে! তাৰ ওপৰত আক’ তাম গলাই বন্ধা।

( ২৭)