এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
ৰেইনী
জু জু হঁতৰ চিঞৰ-বাখৰ আৰু গুহাৰ খোলা দুৱাৰেৰে অহা পোহৰত ৰেইনীয়ে সাৰ পাই গ’ল। কান্দি কান্দি শেষ নিশা তাইৰ টোপনি আহিছিলগৈ।
ডেকাটো সোমাই আহিল। তাইৰ হাত-ভৰিৰ বান্ধবোৰ খুলি দিলে আৰু তাইৰ হাতত ধৰি বাহিৰলৈ লৈ আহিল।
ৰেইনীৰ বাবে বাহিৰত ৰৈ আছিল বৰ আচৰিত কথা এটা— তাই হতবাক হই কিছু সময় চাই থাকিল। তাৰ পিছত আঠুকাঢ়ি দুই হাতেৰে মুখখন ঢাকি হাও হাওকৈ কান্দি উঠিল।— এয়া যে তাইৰ মৰমৰ আইতাক জনী!!
– “ৰেইন, ৰেইন, মোৰ বুকু, মোৰ জীউ, মোৰ চকুৰ মণি—”আইতাকে মঙহাল দুহাতেৰে তেওঁৰ কোমল বুকুত ৰেইনীক সুমুৱাই কান্দিবলৈ
ধৰিলে।
(২৫)