সমললৈ যাওক

পৃষ্ঠা:ৰেইনী.pdf/১২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
ৰেইনী


নেদেখা দেৱতাৰ দোষ লাগিল বুলি আইতাকহঁতে পূজা-পাতলো কৰিলে, তথাপি ৰেইনী ভাল হৈ নুঠিল।

 প্ৰথমে ৰেইনীক সকলোৱে কোলাই বোকোচাই লৈ চিকাৰলৈ ওলাই গৈছিল। পিছলৈ ঘৰত থৈ যাবলৈ ল’লে। খোৱা আহাৰ, পানী আদি ওচৰত যতনাই থৈ যায়। য়ু ৰখীয়া হৈ থাকে।

 এদিন।

 সকলো ওলাই গ’ল। একেৰাহে দুদিনমান বৰষুণ দি থকাত খোৱা বস্তুৰ নাটনি পৰিছিল। সেয়েহে বৰষুণৰ দিন কেইটাত অসুবিধা নোহোৱাকৈ সৰহকৈ গোটাই লোৱাৰ কথা ভাবিলে।

 তেওঁলোক যাবলৈ ধৰিলে। পিছে বৰষুণে বোকা আৰু পানী কৰি পেলোৱা পথাৰত একো চিকাৰ দেখা নেপালে। সেই কাৰণে তেওঁলোক বহুদূৰ যাব লগা হ’ল।

 বেলি লহিয়ালে। দুই এটা সৰু চিকাৰৰ বাহিৰে একো নাপালে। ইফালে উভটিবৰ পৰতে বৰ ডাঙৰকৈ ধুমুহা এজাক আহিল। লগে লগে ঢেৰেকনি আৰু চাট্‌ চাট্‌কৈ বিজুলি। বতাহৰ কোবত দুই এজোপা গছ চকুৰ আগতে ভাগি পৰিল। আকাশত থকা দেৱতাৰ খঙ উঠিছে বুলি তেওঁলোকে বৰ ভয় খালে। আন্ধাৰ হৈ আহিল। গছৰ খোৰোং, জোপোহা বিচাৰি গোটেইমখা যেনি তেনি দৌৰিবলৈ ধৰিলে।

 অলপ পিছতে হৰ্ হৰাই বৰষুণ পৰিল। তেওঁলোক বৰ বিমোৰত পৰিল। গোটেই নিশা বৰষুণ দিলে। তিতি, বুৰি তেওঁলোকে নিশাটো পাৰ কৰিলে।

 পিছ দিনা পোহৰ আহিল। তেওঁলোকে দেখিলে চাৰিও ফালে পানী আৰু পানী। বৰষুণ কমিল যদিও নেৰা নেপেৰাকৈ দিয়ে থাকিল। ঠাইবোৰ অচিনাকি যেন লাগিল। সকলো আহি গোট খালেহি। পিছে ককাকৰ দেখা দেখি নাই। তেওঁক আৰু কতো বিচাৰি নেপালে।

 ইপিনে ফেনেফোটোকাৰে ক'ৰবাৰ পৰা বাঢ়নী পানী আহি গোটেইখন একাকাৰ কৰি

( ১১ )