পৃষ্ঠা:ৰেইনী.pdf/১৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
ৰেইনী


পায়। আইতাকলৈ তাইৰ বৰ মনত পৰে। কিন্তু দূৰৈত চৰি ফুৰা ভেড়া, ষাঁড় গৰু, ঘোঁৰাবোৰৰ বাহিৰে একোকে চকুত নপৰে।

 তাই বাটকুৰি বাই হাবিখনৰ মাজত থকা শিলনিৰ নৈখনৰ ওচৰলৈ যায়। বহু সময় শিল এছটাত বহি থাকে। নৈখনক কয়— “বহুদূৰলৈ বৈ যোৱা পানীবোৰ, তুমি যদি মোৰ আইতাক লগ পোৱা ক’বাছোন মই বাট চাই আছো।”

 নিজান ঠাইখন নিমাও মাও হৈ থাকে। য়ুৰ ভুক ভুকনি আৰু কেতিয়াবা বনৰ জীৱজন্তুৰ দুই এটা মাতৰ বাহিৰে একো সাৰ সুৰ নেথাকে।

 দিনবোৰ যাবলৈ ধৰিলে।

 ৰেইনী এদিন বৰ আচৰিত হ’ল। তাই পেলাই দিয়া ফলবোৰৰ ঠাইত কিছুমান সৰু সৰু গছ হৈছে। পুলি এটা উভালি তাই পতিয়ন গ’ল— ফলৰ পৰাই ফল গছ হ’বলৈ ধৰিছে। ৰঙতে তাই জপিয়াই উঠিল। কিন্তু কথাটো তাই কাকনো ক’ব? য়ুকে ক’লে।

( ১৫ )