এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
ৰেইনী
ৰেইনী দুদিনমান ঘৰতে থাকিল। চাৰিওফালে কোনোবা আহে নেকি জুমি জুমি চাই থাকিল। পিছে, একো চকুত নপৰিল। সকলো যেন শাম কাটিল।
তাই বাহিৰলৈ নোলালেই নহয়। গোটেই মখাৰ খোৱাবোৱাৰ কথা ভাবিব লাগে। আকৌ তাই আগৰ দৰে ঘূৰি ফুৰিবলৈ ল’লে।
এদিন ৰেইনী গধূলি উভটি আহি চোতালত জুইৰ পোহৰ দেখি আচৰিত হ’ল। ইকৰ পিঠিৰ পৰা নামি আঁৰ লৈ তাই মনে মনে আগবাঢ়িল।
তাই দেখিলে, সেই ডেকাটো বহি আছে; যিটোৱে দুহাত মেলি তাইক ৰক্ষা কৰিবলৈ সেইদিনা আহিছিল। সি তাইৰ ঘৰ চিনি পালে কেনেকৈ? আৰু য়ু? তাক ডেকাটোৱে বশ কৰি লৈছে।
ৰেইনীয়ে ভয় খালে। বল আৰু বুদ্ধি থাকিলেও তাই তেৰ
বছৰীয়া এজনী সৰু ছোৱালীহে। দিনৰ
(২৩)