পৃষ্ঠা:ৰেইনী.pdf/২০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
ৰেইনী


বাহিৰলৈ ওলাই আহিল। মুকলি বতৰটো দেখি তাইৰ ভাল লাগিল। তাই কিছু দূৰ আগবাঢ়ি আহিল। ভিতৰত সোমাই থাকি আমনিও লাগিছিল।

 অলপদূৰ গৈয়ে ৰেইনীয়ে খাল এটাত ঘোঁৰা পোৱালি এটা পৰি থকা দেখা পালে। সি উঠিবলৈ চেষ্টা কৰিও পৰা নাই।

 খালটো বেছি দ’ নাছিল। ৰেইনীয়ে বৰ কষ্টেৰে তাক ওপৰলৈ তুলিলে, পিছে পিছ ঠেঙ এটাত দুখ পোৱাৰ কাৰণে সি পোন হ’ব নোৱাৰিলে।

 তাই ভৰি কেইটাত পাত জাৱৰ এসোপাদি ৰচীৰে আলসুৱাকৈ বান্ধিলে ৷ তাৰ পিছত চোঁচৰাই কোনোমতে আনি ঘৰ পোৱালেহি।

 ঘোঁৰা পোৱালিটোৰ তাই ভালকৈ যতন ল’বলৈ ধৰিলে। দুখ

পোৱা ঠেংটোত বন ঔষধি পাত পিহি

( ১৯)