পৃষ্ঠা:ৰেইনী.pdf/২৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
ৰেইনী


মাৰি পঠিয়ালে। জোঙা মূৰৰ দীঘল যাঠীপাত গাহৰিটোৰ পেট সৰকি গ’ল। তাই ঘোঁৰাৰ পৰা নামিল আৰু দাৰে ঘপিয়াই আধ্যা পেলালে। তেনেতে তাইক পিছ ফালৰ পৰা কঠিন হাত এযোৰে গবা মাৰি ধৰিলে লগতে তাইৰ পিঠিত আঘাটো কৰিলে।

 তাই উভটি চালে। দেখিলে, তাইতকৈ অলপ ডাঙৰ ল’ৰা এটা। চকুৰ পৰা যেন জুইহে ওলাব। সি চিকাৰটো তাৰ বুলি দাবী কৰিলে।

 ৰেইনীৰ বৰ খঙ উঠিল। তাৰ কপালত হাতৰ দাখনেৰে আঘাট কৰিলে আৰু এটা প্ৰচণ্ড ঠেলা মাৰিলে। ল’ৰাটো হামখুৰি খাই পৰিলগৈ পিছে তৎক্ষণাত উঠি তাইক পুনৰ আক্ৰমণ কৰিবলৈ কঁকালত থকা দাখন উলিয়াই ললে। চকুৰ পলকতে ডেকা এটা আহি দুহাত মেলি ৰেইনীক আঁৰ কৰি ধৰিলেহি৷ ল’ৰাটোক বুজাবলৈ কিবা কিবি ক’লে।

 ৰেইনী অকণো সময় নৰ’ল। সেই সুযোগতে পিঠিত থকা মোনাৰ পৰা ৰচী উলিয়াই গাহৰিটোৰ ডিঙিত চোঁচা গাঁঠি দি জাপমাৰি ইকৰ পিঠিত উঠিল, আৰু গাহৰিটো চোঁচৰাই চেঁকুৰ ল’লে।

 অকোৱা পকোৱা বাটেৰে আহি ৰেইনী কোনোবাখিনি পালেহি; যাতে অনুসৰণ কৰি সিহঁতে তাইৰ ঘৰটো উলিয়াব নোৱাৰে। য়ুৰ মুখত তাই লতাৰে বান্ধি গোটেই বেলাটো লুকাই থাকিল।

 নিশাৰ এন্ধাৰত তাই ঘৰলৈ আহিল। জুহঁতৰ চিঞৰ বাখৰ যাতে দূৰলৈ নেযায় তাৰ বাবে সিহঁতক গুহাৰ ভিতৰত সুমুৱাই থলে।

 মানুহ বিচাৰি ফুৰা ৰেইনীয়ে এনেদৰে হঠাতে মানুহ লগ পাই বৰ ভয় খালে। তাই ভাবিলে, হিংসাকুৰীয়া মানুহৰ লগত থকাতকৈ অকলে থকাই ভাল।

০০০ ০০০ ০০০ ০০০ ০০০

( ২২)