পৃষ্ঠা:ৰেইনী.pdf/৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
ৰেইনী


চকুত সতকাই নপৰে। বনৰীয়া জন্তুৰ আক্ৰমণক বাধা দিবলৈ সুবিধা। চিকাৰ ধৰিবলৈও বৰ সহজ আছিল। গছৰ ডাল-পাত আৰু জন্তুৰ শুকান ছালেৰে তেওঁলোকে জুপুৰী এটাও সাজি লৈছিল। সেই বাৰজনীয়া পৰিয়ালটোত ৰেইনী নামৰ কণমাণি ছয় বছৰীয়া ছোৱালী এজনী আছিল। নোদোকা, উৎপতীয়া, মৰম লগা। তাইৰ চাৰিটা ককায়েক আছিল।

 ৰেইনীৰ ককাক বৰ বলবান আৰু সাহসী।

 ৰেইনীৰ জন্মৰ আগতে ককাকহঁত আক’ ক’ৰবাত এদল মানুহৰ লগত আছিল। এবাৰ

তাত খৰাং আহিল। বাৰিষাৰ বৰষুণে যিদৰে মানুহবোৰক অসুবিধা দিয়ে, কেতিয়াবা খৰাং বতৰেও

( ৮ )