পেলালে। সেই পানীৰ মাজেৰে উৱাদিহ নেপায় তেওঁলোক যাবলৈ ধৰিলে। বাঢ়নীপানীৰ কোবাল সোতত ৰেইনীৰ পেহীয়েক আৰু ককায়েক এটাৰ চিন মোকাম নাইকীয়া হ’ল।
পানীৰ মাজেৰে গৈ গৈ তেওঁলোক বৰ কষ্টেৰে ওখ ঠাই এখনত উঠিলগৈ। বাট বিচাৰি নেপায় পানীৰ কাষে কাষে গৈ কোনোবা অজান মুলুকত ওলালগৈ। বহু চেষ্টা কৰিও বাট বিচাৰি নেপাই ঘৰলৈ উভটিব নোৱাৰিলে। ৰেইনীৰ চিন্তাই আইতাকহঁতক বৰ ভয় খুৱালে। কিন্তু একো উপায়ো নেপালে।
০০০ ০০০ ০০০ ০০০ ০০০
ৰেইনী গুহাৰ ভিতৰতে দুদিনমান পৰি থাকিল। য়ু বাহিৰত।
ৰেইনীলৈ থৈ যোৱা খোৱা বস্তু আৰু পানী ঢুকায় আহিল। ফল-মূল কিছুমান পকি গেলি গ’ল। মাক, আইতাকহঁত আহিব আহিব বুলি তাই বাট চাই থাকিল।
পানীৰ পিয়াহত আৰু ভোকত তাই এদিন চুচৰি-বাগৰি বাহিৰলৈ ওলাই আহিল। পকি গেলি যোৱা ফলবোৰ দলিয়াই পেলালে। খাবলৈ কিবা পায়নেকি তাই চাৰিও ফালে চাবলৈ ধৰিলে। চকুত হ’লে একো নপৰিল। য়ু অসহায় ভাৱে তাইৰ কাষতে থাকিল।
ৰেইনী আৰু ৰ’ব নোৱাৰা হ’ল। পানীৰ পিয়াহত ডিঙি শুকাল। পিয়াহ আৰু ভোকত চুচৰি বাগৰি গৈ তাই লতা এজোপাৰ কোমল কোমল পাতবোৰ চোবাবলৈ ধৰিলে। তাৰ পিছত ভাগৰত তাই বাহিৰৰ জুপুৰিটোতে শুই পৰিল।
বহু বেলিৰ মূৰত তাই সাৰ পালে। তাই কিছু সতেজ অনুভৱ কৰিলে। দুদিনমান তাই পাতবোৰকে খাই থাকিল। তাইৰ ভয়ো লাগিছিল কিজানি পাতবোৰে অপকাৰ কৰে। সাপ, বেঙ, জন্তু জানোৱাৰে কামুৰিলে গছ-বনৰ পাত পিহি আইতাকহঁতে লেপন দিয়া দেখিছে, খোৱা হ’লে
দেখা নাই।
( ১২)