পৃষ্ঠা:ৰেইনী.pdf/১১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
ৰেইনী


 ৰেইনী বৰ কামিলা। ৰেইনীৰ নিচিনা সৰু সৰু ল’ৰা-ছোৱালীবোৰ বেচ্ কামিলা হয়েই। ডাঙৰে চিকাৰ কৰা, ফল-মূল বিচৰা, মাটি খান্দি গছৰ ৰসাল আলু বিচৰা, জন্তুৰ চৰ্বি গুচাই ছাল পৰিষ্কাৰ কৰা, নোমাল ছালবোৰৰ যতন লোৱা কামবোৰ সিহঁতে বৰ মনোযোগেৰে চায় আৰু সহায়ো কৰে।

 হঠাতে ৰেইনী এদিন বেমাৰত পৰিল। পেটৰ বিষত একো খাব নোৱাৰা হৈ পৰিল।

হাত, ভৰিবোৰ ক্ষীণাই আহিল। ধুনীয়া মুখখন শেঁতা পৰিবলৈ ধৰিলে।

( ১০ )