পৃষ্ঠা:ৰেইনী.pdf/১৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
ৰেইনী



 অকণমাণি গছবোৰ যাতে বতাহ বৰষুণত ভাগি নপৰে তাই মাটি, বালি চপাই দিলে।

 য়ু এদিন হঠাতে নাইকীয়া হ’ল। ৰেইনীয়ে তাক কতো বিচাৰি নেপালে। য়ু নাইকীয়া হোৱাত তাই তেনেই অকলশৰীয়া হৈ পৰিল।

 পিছে এমাহমানৰ পিছতে য়ু আহি ওলালহি। লগত এজনী কুকুৰ লৈ আহিল। দুটাকৈ কুকুৰ পাই ৰেইনীৰ মনত মহা ৰঙ। তিনিওটাই ৰং, ধেমালি কৰি সময়বোৰ কটাবলৈ ধৰিলে। কুকুৰজনীক তাই নাম এটা দি ল’লে ‘জু’। জু য়ুৰ নিচিনা শুৱনী নহ’লেও ভাল চিকাৰী।

 জুয়ে এদিন ছটা পোৱালি জন্ম দিলে। পোৱালি কেইটালৈ ৰেইনীৰ বৰ চেনেহ লাগিল। সিহঁতক কেনেকৈ যতন ল’ব ভাবিবলৈ ধৰিলে। পিছে পোৱালি কেইটাই কেৱল মাকৰ গাখীৰ খায়ে থাকিল আৰু দুমাহমানতে তজ্‌ বজীয়া হৈ উঠিল।

ৰেইনীয়ে সিহঁতক জু জু বুলিয়ে মাতিলে।

( ১৬ )