সতীৰ তেজ/দ্বিতীয় অঙ্ক

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
সতীৰ তেজ
লেখক দণ্ডিনাথ কলিতা
[ ১৯ ]
দ্বিতীয় অঙ্ক।

———⁕———


(ৰজাৰ চাংঘৰৰ শোৱা খোটালীৰ আগচালি। তাত এখন শয্যাত

         চুলিক্‌ফা। দুকাষে দুজনী লিগিৰীয়ে চোঁৱৰেৰে বিচি বিচি
            নাম গাইছে। চাংঘৰৰ পৰা বুলিনিলৈ খটখটি। টোলৰ

              দুৱাৰত দুয়ো ফালে সশস্ত্ৰ প্ৰহৰী। সময় আবেলি।)

লিগিৰী।— সোণালী পালেঙত অ’ মন তৰা,
                   ৰূপালী তলিচা অ’ মন তৰা,
                     কমোৱা তুলাৰে তুলী মন তৰা,
                      আহাঁ নিদ্ৰাৱলী স্বৰ্গৰ পৰা।
              চোঁৱৰে সিঁচিছে অ’ মন তৰা,
               সুগন্ধি মলয়া অ’ মন তৰা,
                    স্বৰ্গদেৱ নিদ্ৰা যাওক বুলি মন তৰা,
                              আহাঁ নিদ্ৰাৱলী স্বৰ্গৰ পৰা।
ৰজা।— শত্ৰু! চাৰিওফালে শত্ৰু! আকাশত শত্ৰু, বতাহত শত্ৰু, আন্ধাৰত শক্ৰ, পোহৰত শত্ৰু। যেনি চাওঁ তেনি বিভীষিকা,–খোলা তৰোৱালৰ তিৰবিৰণি। সপোনত ষড়যন্ত্ৰ, দিঠকত অৰাজকতা। সৌৱা গদাপাণি আহিছে, মোৰ তেজ পিবলৈ আহিছে। (চক খাই জাঁপ

[ ২০ ]

মাৰি উঠি ) মই কলৈ যাওঁ। ক’ত লুকাওঁ ! কোনে মোক ৰক্ষা কৰিব !
          (বেগেৰে খটখটিয়েদি নামি আহে, এজনী লিগিৰীও পিচে পিচে আহে। ইজনী ভিতৰলৈ সোমাই যায়।)
ৰজা।—(চকিত ভাবে চাৰিওফাললৈ চাই) স্বপ্ন ! দিনে নিশাই স্বপ্ন ! মই আজি এক বিভীষিকাময় স্বপ্নৰ সমষ্টি ! এয়েই নে সিংহাসনৰ মূল্য !
          ( লিগিৰীৰে সৈতে ৰাণীৰ প্ৰবেশ )
ৰাণী।—বঙ্গহৰ দেও ! আপুনি শয্যা এৰি আহিল কিয় ?আপোনাৰ বিশ্ৰামৰ আৱশ্যক।
ৰজা।—শয্যা দুখীয়াৰ শান্তিৰ আকৰ, পৰিশ্ৰমৰ অৱসাদ দূৰ কৰিবৰ অমোঘ ঔষধ। কিন্তু ৰজাৰ শয্যা কাঁইটেৰে ভৰা ; তাত শান্তি নাই। সজাগত চিন্তাৰ জুয়ে হৃদয় ভস্ম কৰে, টোপনিত চিকমিকীয়া তৰোৱালে বুকৰ তেজ পিবলৈ নাচি আহে।
ৰাণী।—বঙ্গহৰ দেও! আপুনি মিছা আশঙ্কাত বিতত হৈছে কিয় ? এনে ৰখীয়া-পৰীয়াৰ মাজত শত্ৰুৰ ভয় ক’ত ?
ৰজা।—শক্ৰ যে মোৰ মগজুত ! তাক খেদাব নোৱৰোঁৰ।
ৰাণী।—আপুনি ভিতৰলৈ আহক, মূৰত অলপ তেল লওক। - বেজবৰুৱাই কৈছে ৰাজকাৰ্য্যৰ চিন্তাত আপোনাৰ মূৰত তাপ সোমাইছে, অলপ টোপনি আহিলেই সকাহ পাব।

[ ২১ ]

ৰজা।—তাপ সোমাইছে ! ঠিক কথা ! কিন্তু সেই তাপ নকমে। আৰু টোপনি ! টোপনি নহাই মঙ্গল। চকু মুদিলে যি ভয়াবহ দুখ মোৰ চকুত পৰে, সি দিঠকতকৈও ভয়ঙ্কৰ।
ৰাণী।—আপুনি অমূলক চিন্তাত বিতত হৈছে কিয় ?
ৰজা –অমূলক নহয় ৰাণী। চকুৰ আগত ছজন ৰজাৰ হত্যা দেখিছোঁ। তেওঁলোকৰ প্ৰেতাত্মা এতিয়াও ঘূৰিব লাগিছে। যেতিয়ালৈকে গদাপাণি জীয়াই থাকিব, তেতিয়ালৈকে মোৰ জীৱনৰ আশা নাই। ইমান দিন কোঁৱৰ আছিলো, বৰ সুখত আছিলে। চিন্তা নাছিল, চৰ্চা নাছিল, ভয় নাছিল, উদ্বেগ নাছিল। কি শান্তিৰ জীৱন ! আজি সিংহাসন লৈ সকলো হেৰুৱালোঁ। ছজন ৰজাৰ তেজেৰে ৰাঙ্গলী এই সিংহাসন ! আজি ইয়াত প্ৰেতৰ তাণ্ডব লীলা, সম্মুখত বিভীষিকাৰ দানবী মূৰ্ত্তি, পিচত অজ্ঞাত যড়যন্ত্ৰৰ ভীষণ জাল ! কোনে ক’ব—কেতিয়া মোৰ প্ৰাণ যায় !
ৰাণী।—আপুনি চিন্তা এৰক, বিপদৰ ছায়া আপুনি নিলগ হ’ব।
ৰজা।—তুমি বিপদৰ গুৰুত্ব বুজা নাই, নুবুজা। ভিতৰলৈ যোৱাঁ। দুৱৰী !
                        ( দুৱৰীয়ে সেৱা জনায়। )
ৰজা।—বুঢ়াগোঁহাই ডাঙ্গৰীয়া অহা নাই ?
দুৱৰী।—ত'ত অথনিয়েই আহিছিল। স্বৰ্গদেৱে বিশ্ৰাম লৈছে বোলাত চ’ৰাতে ৰৈ আছে।

[ ২২ ]

ৰজা।—ইয়ালৈকে মাতি আন । ৰাণী ! নোযোৱা কিয় ?
              ( এফালে দুৱৰীৰ, আনফালে ৰাণী আৰু লিগিৰীৰ প্ৰস্থান )
ৰজা।—অনৰ্থক ৰক্তপাত ! অনৰ্থক অঙ্গক্ষত ! অনৰ্থক ষড়যন্ত্ৰ ! সকলো কোঁৱৰৰ অন্ত হ’ল, কিন্তু যাৰ ভয়ত মোৰ চকুত টোপনি নাই, প্ৰাণত শান্তি নাই, সেই গদাপাণি পলাল। ইমান আয়োজন, ইমান সতৰ্কতা ব্যৰ্থ হ’ল। নেগুৰ কাটি জীয়া বাঘ চোঙত মেলিলোঁ। তাক ধৰিব নোৱাৰিলে মোৰ ৰক্ষা নাই, সি মোৰ তেজ পিবলৈ কৰবাত জোপ ল’ব লাগিছে। হয় গদাৰ, নহয় মোৰ মৰণ অনিবাৰ্য্য। দুয়োৰে জীৱন অসম্ভব।
             (বুঢ়াগোঁহাইৰ প্ৰবেশ )
ডাঙ্গৰীয়া, গদাপাণিক পালে নে নাই ?
বুঢ়া।—নাই স্বৰ্গদেৱ। চাৰিওফালে সৈন্য পঠিয়ালোঁ, হাবি-বন, জান-জোপোহা পিতপিতকৈ বিচৰালো, কিন্তু গদাপাণি নোলাল। দেখিছোঁ বুলি কওঁতাও কোনো নাই।
ৰজা।—গদাপাণিৰ দৰে এটা প্ৰকাণ্ড মুনিহ অলক্ষিতে পলাই যায়,–ই হ’ব পাৰে নে ডাঙ্গৰীয়া ? নিশ্চয় কোনোবাই দেখিছে। মই বুজিছে মোৰ সকলো প্ৰজা ৰাজভক্ত নহয়। আপুনি চোৰাংচোৱা নিযুক্ত কৰক, যাৰে ওপৰত সন্দেহ হয় তাকেই কঠোৰ শাস্তি দিয়ক।
বুঢ়া।—তাৰ ব্যৱস্থা কৰা হৈছে। অনুসন্ধানৰ কোনো পন্থা বাদ দিয়া নাই।

[ ২৩ ]

ৰজা।—অকল অনুসন্ধান কৰিলেই নহয়, গদাপাণিক ধৰিব লাগিব। যি অভয়-বাণীৰে আপুনি মোক সিংহাসন লবলৈ আহ্বান কৰিছিল, প্ৰতিদ্বন্দ্বীশূন্য কৰিবলৈ প্ৰতিশ্ৰুত হৈছিল, গদাপাণিক ধৰিব নোৱাৰিলে সি প্ৰতাৰকৰ চাটু বাক্যত পৰিণত হ'ব। আপুনি যাওক, জয়মতীক সোধক, গদাপাণি কলৈ গৈছে। আনে নাজনিলেও জয়মতীয়ে নিশ্চয় জানে।
বুঢ়া।—জনাটোৱেই সম্ভব।
ৰজা।—সম্ভব কি ডাঙ্গৰীয়া! নিশ্চয় জানে। আপুনি এতিয়াই জয়মতীক সুধি বাতৰি আনক।
বুঢ়া।—সুধিবলৈ বাকী নাই। জয়মতীয়ে নকয়।
ৰজা।—নকয় ? ক’বলৈ বাধ্য নকৰিলে কিয় ?
বুঢ়া।—স্বৰ্গদেৱ ! সকলে উপায় অবলম্বন কৰিলোঁ, কিন্তু ফল নধৰিলে। অনুনয়-বিনয় কৰি সুধিলে, প্ৰলোভন দেখুৱাই সুধিলোঁ, কুট প্ৰশ্নৰ আশ্ৰয় ললোঁ,—একোৱেই জয়মতীক টলাব নোৱাৰিলে। শেহত ভয় দেখুৱালোঁ, তথাপিও জয়মতী নিৰুত্তৰ।
ৰজা।—তাইক তেতিয়াই বন্দী নকৰালে কিয় ?
বুঢ়া।—তাৰ বাকী ৰখা নাই। জয়মতীক ধৰাই অনা হৈছে। বৰ্ত্তমান তেওঁ বন্দীপাল বৰুৱাৰ তত্ত্বাৱধানত আছে।
ৰজা।— তাইক শাস্তি দিয়া নাই কিয়?
বুঢ়া।—তাৰ কাৰণ আছে। যদিও স্বৰ্গদেৱৰ সিংহাসন দৃঢ় কৰি

[ ২৪ ]

ৰাজ্যত শান্ত স্থাপন কৰাই মোৰ এক মাত্ৰ উদ্দেশ্য, তথাপি সকলোৰে বিশ্বাস কোঁৱৰসকলৰ অঙ্গক্ষতত মোৰ হে যেন কিবা স্বাৰ্থ আছে, যেন ই মোৰ ৰাজক্ষমতা অধিকাৰৰ গোপন ষড়যন্ত্ৰ। তাতে জয়মতী ৰাজ-বোৱাৰী। সেই দেখি জয়মতীৰ বিচাৰৰ দায়িত্ব মোৰ গাত ল'ব নোখোজোঁ। স্বৰ্গদেৱে নিজে বিচাৰ কৰক। যদি স্বৰ্গদেৱৰ আদেশ মানি উত্তৰ দিয়ে, ভালে ভালে পঠিয়াই দিব ; যদি নিদিয়ে এনে শাস্তিৰ বিধান কৰিব যাতে সঙ্কল্পৰ সকলে দৃঢ়তা ছিগি-ভাগি মষিমূৰ হয়।
ৰজা।—ভাল কথা। তাইক আনিবলৈ কওক।
বুঢ়া।—(দুৱৰীৰ প্ৰতি) তই যা। বন্দীপাল বৰুৱাক ক—জয়মতীক লৈ আহক।
                            ( দুৱৰী ওলাই যায়। )
ৰজা।—এজনী সামান্যা নাৰী, তায়ো মোক অৱজ্ঞা কৰে! মই ৰজা, মই তাৰ বিচাৰ কৰিম। মোৰ কাৰ্য্যত ব্যাঘাত জন্মিলে,—নাৰী হওক, পুৰুষ হওক, কাৰো ৰক্ষা নাই।
                           (ৰজা আৰু বুঢ়া গোহাঁয়ে আসন গ্ৰহণ কৰে। তাৰ পাচত বন্দীপাল
                           বৰুৱাআৰু চাওদাং-বেষ্টিতা জয়মতীৰ প্ৰবেশ। জয়মতীয়ে
                                               ৰজাক ওলগ জনায়। )
ৰজা।—জয়মতী, তোমাক নকলেও হ'ব—কিয় তোমাক ইয়ালৈ অনাইছোঁ। কোনো ৰাজনৈতিক কাৰণত তোমাৰ স্বামীৰ

[ ২৫ ]

প্ৰয়োজন হৈছে। তেওঁক আমি পোৱা নাই। তেওঁ ক’ত আছে, আমাক তাৰ বাতৰি লাগে।।
জয়।—( নিমাত। )
বুঢ়া।—গদাপাণিৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ আছে। তেওঁ ৰাজদ্ৰোহৰ ষড়যন্ত্ৰত লিপ্ত বুলি জনা গৈছে।
জয়।—মিছা কথা।
ৰজা।—হ’ব পাৰে মিছা, কিন্তু তাৰ প্ৰমাণ দিয়াৰ ভাৰ তেওঁৰ ওপৰত। তাকে নকৰি তেওঁ পলাই গৈ দোষ বঢ়াইছে কিয় ?
বুঢ়া।—এতিয়াও তেওঁৰ দোষ সাব্যস্ত হোৱা নাই। যদি তেওঁ নিজক নিৰ্দোষ বুলি প্ৰমাণ কৰিব পাৰে, কোনেও তেওঁৰ চুলি এডালো স্পৰ্শ নকৰে।
ৰজা।—তুমি নিৰ্ভয়ে বাতৰি দিয়া। কোৱা—তোমাৰ স্বামী ক’ত ?
জয়।—মই নকওঁ।
ৰজা।—জয়মতী ! মনত ৰাখিবা শাসন-বিধি বৰ কঠোৰ। ই কেচুৱাৰ ধেমালি নহয়। এতিয়াও সময় দিছোঁ। তুমি মোৰ প্ৰশ্নৰ উত্তৰ দিয়াঁ।
জয়।—( নিমাত। )
বুঢ়া।—তুমি বাৰে বাৰে স্বৰ্গদেৱৰ আদেশ অমান্য কৰিছা, নামাতি ৰণ জিকিব খুজিছা। কিন্তু সি নহব। তোমাৰ মুখত কথা নোলালে আমি উলিয়াই লবলৈ বাধ্য হম।

[ ২৬ ]

জয়।—মোৰ কথা মই কৈছোঁ। স্বামীৰ সম্পৰ্কে মোৰ পৰা কোনো বাতৰি নাপায়।
ৰজা।—ইমান দম্ভ ! শেষ বাৰ মই কৈছোঁ-মোৰ প্ৰশ্নৰ উত্তৰ দিয়াঁ। মনত ৰাখিবা—বিচাৰত মতা-তিৰুতা নাই, ডাঙ্গৰ-সৰু নাই, আপোন-পৰ নাই। যদি তুমি মঙ্গল বাঞ্ছা কৰা, ততালিকে কোৱা গদাপাণি ক’ত।
জয়।—(আপোনা-আপুনি) মঙ্গল ! নিজৰ মঙ্গল !
                                বিপদ-বহ্নিৰ ঘোৰ জলন্ত কুণ্ডত
                                স্বামীক অৰ্পণ কৰি আপোন হাতেৰে,
                                নাৰীৰ মঙ্গল যদি, অমঙ্গল ক’ত ?
                                নাৰীৰ সম্পদ-মুখ, জ্যোতি জীৱনৰ,
                                যত দিন নিৰাপদ জীৱন-ঈশ্বৰ।
                                শাসকৰ দণ্ডাঘাতে, নীচ প্ৰলোভনে,
                                নন্দনৰ সুধাসনা মুকলি বাহুৱে
                                পাৰিব নে নিলগাব পূৰ্ব্বে প্ৰলয়ৰ,
                                সতীক পতিৰ পৰা পথ ভুলোৱাই ?
                                আচৰিত। ৰজা আজি ইমান অবোধ !
ৰজা।—জয়মতী । উত্তৰ নিদিয়া তুমি ? তুমি জনা উচিত ধৈৰ্য্যৰে সীমা আছে। এই মুহূৰ্ত্ততে মোক সমিধান লাগে। নহলে-কঠোৰ-অতি কঠোৰ শাস্তি ভোগ কৰিবা।
জয়।—স্বৰ্গদেৱ! আপোনাৰ ক্ষমতা অশেষ,যি ইচ্ছা কৰিব পাৰে। মোৰ সমিধান দি থৈছোঁ। মোৰ স্বামীৰ কথা মই নকওঁ।

[ ২৭ ]

বুঢ়া।—জয়মতী ! তুমি ৰাজ-আদেশ লঙ্ঘন কৰি নিজক দোষী সাব্যস্ত কৰিছা,গদাপাণিৰ বাতৰি গোপন কৰি তুমিও ষড়যন্ত্ৰত লিপ্ত বুলি প্ৰমাণ কৰিছা। ছয়োটাই গুৰু অপৰাধ। তাৰ শাস্তি অতি ভীষণ। তুমি নাৰী, সেই দেখি মই তোমাক অনুৰোধ কৰিছোঁ, তোমাৰ সঙ্কল্প পৰিত্যাগ কৰাঁ, কোঁৱৰ ক’লৈ গ’ল কৈ দিয়া, নিৰ্বিঘ্নে ঘৰলৈ যোৱাঁ।
জয়।—ক্ষমা কৰিব, মই তেনে অনুৰোধ ৰাখিব নোৱাৰোঁ।
ৰজা।—তুমি নোকোৱা ?
জয়।—নকওঁ।
ৰজা।—নোকোৱা ?
জয় ।—( নিমাত। )
ৰজা।—অসহ্য ! বন্দীপাল বৰুৱা ! এইক লৈ যোৱাঁ। যেতিয়ালৈকে তাই গিৰিয়েকৰ কথা নকয়, তেতিয়ালৈকে কঠোৰ শাস্তি দিবা। চাওঁ, তাইৰ অহঙ্কাৰ কিমান পৰ থাকে।
              ( বন্দীপাল বৰুৱাৰ ইঙ্গিত মতে চাওদাঙ্গে কাঁকলত জৰি লগায়। )
জয়।—(আপোনা-আপুনি)
                         ধৈৰ্য্য দিয়াঁ, শক্তি দিয়াঁ, হৃদয়-দেৱতা।
                         শাস্তি যেন হয় মোৰ শান্তিৰ অমিয়া ;
                         পশুবল উটি যায়, হাঁহিৰ সোঁতত।
                         পতিপ্ৰেম হোক মোৰ অক্ষয় কৱচ।

[ ২৮ ]

            
                         উপস্থিত শুভক্ষণ। বলি দি ই প্ৰাণ,
                         পাৰোঁ হে ৰাখিব যদি পতিৰ সম্মান,
                         ধন্য হ’ব নগণ্য ই নাৰীৰ জীৱন।
                         পৰিণাম দেশৰ মঙ্গল। ভয় কিয় ?
                         শাস্তি যে কৰুণা-ধাৰা বিশ্ব-বিধাতাৰ,
                         ধুই যত ধূলি-বালি চেকা সংসাৰৰ
                         নিৰ্ম্মুক্ত নিৰ্ম্মল আত্মা কৰিব স্বাধীন,
                         প্ৰেৰণাত বিশ্ব জুৰি ব'ব শান্তি-ন'ই।
                         ইযে মোৰ জীৱনত দেৱ-আশীৰ্ব্বাদ,
                         আত্ম-পৰীক্ষাৰ এক সুবৰ্ণ-সুযোগ।
                         (ফুটাই ) স্বৰ্গদেৱ ! ডাঙ্গৰীয়া ! নমস্কাৰ গ্ৰহণ কৰিব।
            (বন্দীপাল বৰুৱাই জয়মতীক লৈ যাবলৈ ধৰে। )
ৰজা।—(বহাৰ পৰা উঠি ) কি! ইমান অহঙ্কাৰ ! বন্দীপাল বৰুৱা ! যিমান কঠোৰ শাস্তিৰ কল্পনা কৰিব পাৰা, তাৰ এটাও বাদ নিদিবা। বেতৰ কোব, চমটা, চোৰাত, আম্‌ৰলি—একোৰে বাকী নাৰাখিবা। তেও যদি নকয়, গাৰ মঙ্গহ ডোখৰে ডোখৰে ছিঙ্গি, হাড় গুৰি কৰি, কলিজ ছিৰাছিৰকৈ ফালি অন্তৰৰ পৰা উলিয়াই আনিবা—গদাপাণি ক’ত।
            ( বেগেৰে ওলাই যায়। )

দ্বিতীয় অঙ্ক শেষ।
—————

[Nuvola apps download manager3.png ওপৰলৈ যাওক]

[Gtk-go-forward-ltr.svg পৰৱৰ্তী অঙ্ক পঢ়ক]

Flag of India.svg এই লেখকৰ লেখাসমূহ বৰ্তমান পাবলিক ড'মেইনৰ অন্তৰ্গত কাৰণ এই লেখাৰ উৎসস্থল ভাৰত আৰু "ভাৰতীয় কপিৰাইট আইন, ১৯৫৭" অনুসৰি ইয়াৰ কপিৰাইট ম্যাদ উকলি গৈছে। লেখকৰ মৃত্যুৰ পাছৰ বছৰৰ পৰা ৬০ বছৰ হ'লে তেওঁৰ সকলো ৰচনাৰ কপিৰাইট ম্যাদ উকলি যায়। (অৰ্থাৎ, ২০১৯ চনত ১ জানুৱাৰী ১৯৫৯ৰ পূৰ্বে মৃত্যু হোৱা লেখকৰ সকলো ৰচনা পাব্লিক ড'মেইনৰ আওতাভুক্ত হ’ব।)