(চাওদাঙে বান্ধ মেলি দিয়ে। জয়মতী পৰি যাবলৈ ধৰে। চাওদাঙে বহুৱাই দিয়ে। জয়মতী ভৰি মেলি বহি গছত আউজি ৰয়। )
জয়। —(লাহে লাহে মূৰ দাঙ্গি ক্ষীণ মাতেৰে )
সংসাৰৰ মায়া-গাঠি ছিঙ্গিবৰ বেলা
সম্মুখত অতীতৰ বিজুলীৰ ৰেখ –
বিশাল আহোম ৰাজ্য, স্বামী-পুত্ৰ মোৰ,
ভাই-ভনী স্বদেশৰ আশ্ৰিতা-আশিত,
ছিঙ্গিম বন্ধন আজি স্থূল সম্বন্ধৰ।
প্ৰাণৰ কামনা মোৰ, – হক সকলোৰে
জয়-জয় ময়-ময় ধৰম-কৰম!
সৃষ্টি-স্থিতি প্ৰলয়ৰ নিত্য আৱৰ্ত্তন
যি মহা শক্তিৰ চক্ৰ ঘূৰে অলক্ষিতে
ঘূৰাব সেয়েই ভাগ্য বিপন্ন ৰাজ্যৰ,
শাস্তিৰ অন্তত কৰি শান্তিৰ প্ৰচাৰ।
যাবৰ সময় হ’ল, বিদায় ধৰণী!
থাকিবা কুশলে দুটি প্ৰাণৰ কুমাৰ,
নাথ মোৰ চিৰসঙ্গী জীৱনে-মৰণে,
জনালোঁ অন্তিম সেৱা শ্ৰীচৰণত।
( কাতি হৈ পৰে। )
বন্দী, ব। —(ওচৰ চাপি ) সকলো অন্ত। ইমান শাস্তিতো একেষাৰ টান কথা নোলাল! যোৱাঁ দেবি! আজিয়েই মোৰো বিষয়ৰ শেষ! বাট দেখুৱাই নিবা। (চকু ঢাকে। )
পৃষ্ঠা:সতীৰ তেজ.pdf/৪৬
অৱয়ব
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে