পৃষ্ঠা:সতীৰ তেজ.pdf/৪০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

বন্দী, ব। —কেতিয়াও কৰা নাই স্বৰ্গদেৱ। এনে গুৰুতৰ শক্তি পৃথিবীত কোনেও কাকো দিয়া নাই। আপুনি নিজে তাৰ প্ৰমাণ চাব পাৰে। বেতৰ কোবত গোটেই গা ডোখৰে ডোখৰে ছিগি গৈছে, কাপোৰ-কানি তেজেৰে ৰাঙ্গলী হৈছে, কোৰ তপতাই গোটেই গা পুৰি দিয়া হৈছে। তাৰ ওপৰত খাৰণি, চোৰাত, আমৰলি। ইমানতো জয়মতীৰ কান্দোন ওলোৱা নাই, হাঁহি-মুখ মলিন হোৱা নাই। যেনে অৱস্থা হৈছে, শাস্তি দিবলৈ আৰু ঠাই নাই।
ৰজা। —ঠাই ধাকক বা নাথাকক, শাস্তি বন্ধ হ'ব নোৱাৰে।
বন্দী, ব। —স্বৰ্গদেৱ! জয়মতীৰ আয়ুস আৰু এদিন কি ছদিন মাথোন। এতিয়া শাস্তি দিয়াত লাভ কি? ৰজা। —লাভ হওক, ক্ষতি হওক, তাৰ বিচাৰ তোমাৰ কাম নহয়। তোমাৰ কৰ্ত্তব্য আদেশ পালন। যোৱাঁ, শাস্তিৰ কোব তিনি গুণ চৰাই দিয়া। হয় গদাপাণিৰ বাতৰি, নহয় মৃত্যু—এয়ে তাইৰ মুক্তিৰ উপায়। ইয়াৰ যেন অন্যথা নহয়। পৰিণামলৈ লক্ষ্য ৰাখি কাম কৰিবা।
 ( বন্দীপাল বৰুৱাৰ প্ৰস্থান। )
এজনী সামান্য তিৰুতা, মোহাৰিলেই মৰে, তাইৰ ইমান অহঙ্কাৰ!
 (ৰাণীৰ প্ৰবেশ। )
ৰাণী। —বঙ্গহৰ দেও! দাসীৰ এটি মিনতি ৰাখক,–এতিয়াও জয়মতীক এৰি দিয়ক।