পৃষ্ঠা:সতীৰ তেজ.pdf/৪৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

যাওক, সকলো যাওক,—সুখ যাওক, শান্তি যাওক, প্ৰজা যাওক, পৰিয়াল যাওক, তথাপিও মোৰ প্ৰতিজ্ঞা যাবলৈ নিদিওঁ। উগ্ৰ দণ্ডেৰে সকলোকে বুজাব লাগিব মই ৰজা, মোৰ আদেশ অলঙ্ঘনীয়।
 (প্ৰস্থান। )

———

তৃতীয় দৃশ্য।
জেৰেঙ্গা পথাৰ।
সময়—সূৰ্য্যাস্ত।

এজোপা কোঁটকৰা গছৰ গাতে লগাই জয়মতী বন্ধা অৱস্থাত। তেওঁৰ ককালত
আৰু বুকুৱে হাতে সাবটাকৈ জৰিৰ বান্ধ। তেওঁ গছতে লাগি
স্থিৰ ভাবে থিয় হৈ থাকে, ডিঙ্গি অলপ বেঁকা হৈ মূৰটো দোঁ খায়।
ওচৰত চাওদাংবিলাকৰ এটাৰ হাতত চমটা, এটাৰ হাতত চোৰাত,
আন এটাৰ হাতত বেত। অলপ আঁতৰতে এটাই জুইত লোহা
তপতাইছে। ইফালে সিফালে কেইটামান খাৰণি আৰু পানীৰ
কলহ। অলপ নিলগত বন্দীপাল বৰুৱা। দৰ্শকবিলাক—অহা
আহিছে, যোৱা গৈছে, কোনোৱে থিয় দি চাইছে।
সকলো দৰ্শকৰ চকুত চকু-লো।


জয়। —যিমান বেগাই মোৰ সজা ভাগি যায়,
 সিমানে মুকলি হই দূৰ নীলিমাত,
 উৰি উৰি আনন্দত কৰিম বিহাৰ,–
 ভগা সজা ৰ'ব পৰি মিলিব ধৰাত।