পৃষ্ঠা:সতীৰ তেজ.pdf/৩৪

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে


          কিমান সম্মান কৰে দেও ৰজা বুলি।
          কিমান শ্ৰদ্ধাৰে মোক শুশ্ৰূষে যতনে
          নাগবালা ৰেণু মোৰ ভগিনী মিত্ৰব।
          জানিলেহেতেন যদি প্ৰাণৰো প্ৰাণত
          একেখনি ছবি মোৰ যাউতিযুগীয়
          জীৱনে-মৰণে, নতু জন্মজন্মান্তৰে,
          —যাৰ অভাবত মোৰ অস্তিত্ব নৰয়,—
          নাৰীৰ মস্তকমণি জয়মতী মোৰ।
                                                        ( প্ৰস্থান )
                    ( ৰেণু আৰু জেনুৰ প্ৰবেশ)
জন্ম।–দেও ৰজা দেও ৰজা কৰি কেলে গুৰি পুৰিছে ? বলিয়া ৰজা, বনাই পুৰিছে, তাকে নাপাবি। কেলে বিচাৰিব লাগিছে ? বোক লাগিলে এনেয়ে গৰতে যাব।
ৰেণু।—নাযায়। আমি আগে ডেকিছে। পাহাড়তে বহি টাকিব, হুমুনিয়া কাঢ়িব ; নহলে বৈয়ামলে চাই বকি টাকিব।
জেনু।—বাট নেকোৱাকে নো কেইদিন টাকিব। টাকিব নাপাৰিলে নাযাব না? আমি নবহে, এতিয়া আহিবি।
ৰেণু।—নাযায়। হি নাকালে আমিও নাকায়। আমি কাব, হি লগোনে টাকিব, হেইটো হ’ব নাপাৰে। আমি তাকে ডেকিব। ইয়াতে বাগ আছে, ম' আছে, হাতী আছে, তাকে দৰি মাৰিব।
জেনু।–হেইটো মানু মাৰিব পাৰে না ?