পৃষ্ঠা:সতীৰ তেজ.pdf/৪৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

 উৰ্ব্বৰ মূৰৰ যত উগ্ৰ আবিষ্কাৰ
 –শাসন-নীতিৰ নামে যমৰ যাতনা
 সকলো কৰিছোঁ জয় স্থিৰ সাধনাত।
 সংসাৰৰ লীলা-খেলা অৱসান প্ৰায়।
 ধিমিকি জ্যোতিৰে পৰে ৰিণিকি চকুত
 সাধনাৰ শেষলক্ষ্য – জীৱন-প্ৰভাত।
 এখন্তক—আৰু এখন্তক ৰাখাঁ প্ৰভু!
 স্থিৰ মনোবল, নাহে যেন ভ্ৰান্তি, মোৰ
 লক্ষ্য নেহেৰায়।

গীত।

ব্ৰহ্মা আদি কৰি জীৱ যত       ৰাম ৰাম ৰাম ৰাম ৰাম,
মায়া-শয্যা মাজে আছয় ঘুমটি যাই।
তুমি সি চৈতন্য সনাতন,       ৰাম ৰাম ৰাম ৰাম ৰাম ,
আমি অচেতন নিয়োক নাথ জগাই ॥
ক্ষুদ্ৰ সুখে বহু আশা কৰি,       ভৱকূপে জীৱ আছে পৰি,
কালসৰ্পে দংশি হৰিল চেতনা তাৰ।
মোক্ষৰূপ তযু বাক্যামৃত,       কৃপায়ে সিঞ্চিয়া প্ৰতিনিত

দয়াময় কৃষ্ণ কৰিও মোক উদ্ধাৰ ॥

 (লাহে লাহে মূৰটো ওলমি পৰে। বন্দীপাল বৰুৱা আদিয়ে ওচৰ চাপি মৰিল নে আছে চায়। )
জয়। —(মূৰ তুলি) চকুৰ আগত দৃশ্য কি যে জ্যোতিৰ্ম্ময়!
 অন্তিমত অনন্তৰ অনন্ত আলোক।