পৃষ্ঠা:সতীৰ তেজ.pdf/৩৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

গদা। —(একেৰাহে কিছুপৰ ৰেণুলৈ চাই থাকি )
 ক্ৰুৰ সৰ্প গত-প্ৰাণ।
 কিন্তু সেই আশী বিষে হৰিলে জেউতি
 প্ৰকৃতি বুকৰ এটি ফুল্ল কুসুমৰ।
 মোৰেই পাপত এই নাৰীৰ মৰণ।
 আৰু এটি নাৰী-প্ৰাণ যায় যায় যায়!
 নোৱাৰে থাকিব স্থিৰ, নালাগে জীৱন,
 নহওঁ নহওঁ আৰু কাৰো বধ-ভাগী।
 নালাগে নালাগে মোক সহায়-সাৰথি,
 নকৰোঁ কামনা আৰু ৰাজ-সিংহাসন।
 আজি শেষ, নগাবেশ, প্ৰাণৰ মমতা,
 শেষ আজি জীৱনৰ সকলো সাধনা।
 বিদায়! বিদায় মোৰ আশ্ৰয়ৰ স্থল,
 বিপদৰ বন্ধু মোৰ অন্তিম বিদায়।
 যাওঁ, যাওঁ, উৰি যাওঁ, নোৱাৰোঁ থাকিব,
 বিজুলী-সঞ্চাৰে গৈ ৰজাৰ হাতত দিওঁ ধৰা,
 দিওঁ সপি নিষ্কৰ্ম্ম জীৱন।
 খণ্ড খণ্ড কৰি মোৰ মাংস শৰীৰৰ
 বিতৰক মাংসাহাৰী প্ৰাণীৰ মাজত;
 হোক যোগ্য প্ৰায়শ্চিত্ত কাপুৰুষতাৰ।
 লুপ্ত হোক গদা নাম পৃথিবীৰ পৰা!
 (বেগেৰে প্ৰস্থান। )