এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
প্ৰথম দৃশ্য।
নগা পাহাৰৰ এটা টিলা। কাষে দি এটা জুৰি বৈ গৈছে; বেলিৰ
পোহৰত পানীত এটা তিৰবিৰণি উঠিছে। পাৰত নানা জাতীয়
গছ, মাজে মাজে শিল আৰু ঠায়ে ঠায়ে গহ্বৰ। সময়
আবেলি। ভৈয়ামলৈ মুখ কৰি নগাবেশ গদাপাণি,
সম্মুখত গছৰ তলত লুকুৱা গাওঁ, নগৰ আদি,
গদা। –যিমান হেপাহে মোৰ দৃষ্টি বিয়পাওঁ,
সিমানে আন্ধাৰে কৰে সৃষ্টি অন্ধতাৰ।
নেদেখে সি ৰম্যপুৰী ৰজাৰ কাৰেং,
সৌন্দৰ্যা-পোহাৰী নাই চঞ্চলা ফুলনি,
দিখৌৰ সঙ্গীত-ধ্বনি নপশে কাণত।
সম্মুখত মাত্ৰ এক অৰণ্য বিশাল,
আন্দোলিত পল্লৱৰ অনন্ত সাগৰ।
তাৰেই গৰ্ভত হায়! কোন এচুকত
অভাগাৰ জীৰ্ণাবাস অভাব-মলিন,
অনন্ত ই আন্ধাৰৰ বুকত বিলীন!
চিৰহাস্যময় সেই মুকুতা-উজ্জল
জয়াৰ বদনখনি স্নিগ্ধ সুষমাৰ,
বিজুলী চমকে যায় দেখা দি লুকায়।