ভেকোলাৰ সপোন

ৱিকিউৎসৰ পৰা
[ বেটুপাত ]

ভেকোলাৰ সপোন

(শিশু পদ্য)

নীলিমা বৰা

[ প্ৰথম পৃষ্ঠা ]

ভেকোলাৰ সপোন

(শিশু পদ্য)

 

নীলিমা বৰা

 

বনফুল
গুৱাহাটী

[ প্ৰকাশন ]

BHEKULAR SAPUN
A Collection Children poems of NILIMA BORA, M.A.

নীলিমা বৰাৰ শিশু কবিতা পৃথি
“ভেকোলাৰ সপোন”

প্ৰকাশক: বনফুল, গুৱাহাটী
মো: নং:- ৯৪৩৫০-৪৪৯২৩

© লেখিকা

প্ৰচ্ছেদ: শ্ৰীনৃপেন বৰ্মন

আৰ্হিপাঠ: লেখিকা

প্ৰথম প্ৰকাশ: ২০১৭

মূল্য: ৫০.০০ টকা

ডি.টি.পি: শ্ৰীনীলাক্ষী দত্ত

মুদ্ৰক: বৰ্ণালী
ভঙাগড়, গুৱাহাটী – ৫
ফোন নংঃ- ৯৯৫৭৫-৯৪৮১৪

[ সূচীপত্ৰ ]

ইয়াত আছেঃপৃষ্ঠা

১। আইতাক বিচাৰি যাওঁ

২। শালিকাৰ কাজিয়া

৩। ভেকোলাৰ সপোন

৪। ঘোৰা আৰু গৰু কোন বাৰু সৰু

৫। বিহু১০

৭। ফল১১

৮। বছৰৰ আহ-যাহ১২

৯। সপ্তাহৰ সাতদিন১৫

১০। ৰিম্ জিম্‌ বৰষুণ১৬

১১। ফুল১৭

১২। ৰঙৰ কথা১৯

১৩। ৰামধেনু২০

১৪। ৰাতি ওলায় কোন২২

১৫। আমৰলিৰ হেৰাল বাট২৩

১৬। আঘোণৰ কুঁৱলি২৪

১৭। হাঁহজনীৰ হাঁহি২৫

১৮। কোনে২৭

[  ]

আইতাক বিচাৰি যাওঁ

সোলা মুখৰ আইতাৰ
 মিঠা মিঠা হাঁহি
সোতোৰা সোতোৰ গাল
 ৰূপালী চুলি।
হলৌ চোলা বগা চাদৰ
 হাতত লাখুটি
তামোল খোৱা মুখখনি
 ওঠ সেলেঙি।

সাধু কয় ৰজা-ৰাণী
 জোনাকত বহি,
তামোল খুন্দি গুম্ গুমায়
 জুহালৰ গুৰি৷
আইতাহঁতৰ কথা শুনি
 বৰ ভালপাওঁ
বলাছোন বলা ভাই
 বিচাৰি যাওঁ৷

⸺⸺o⸺⸺

[  ]

শালিকাৰ কাজিয়া

শালিকী শালিকাৰ
 এদিন দুপৰীয়া
লাগিল চোতালতে
 বৰ কজিয়া

মুখ চোকা শালিকাৰ
 তালফাল মাত
ওচৰত থকা সৱে
 কাণত দিলে হাত।

[  ]

উৰি অহা কপৌজনী
 দৰক্‌ মৰি ৰ’ল
কাজিয়া কৰা বেয়া কথা
 তাই কৈ গ'ল।

শুনি শালিকীয়ে
 দাঁত কৰচি
বোলে চুপ থাক
 থম ঢেঁটু মুচৰি।
ঘৰ চিৰিকাই লাজতে
 ক’লে চিঃ চিঃ চিঃ
পাতৰ আঁৰত বালিমাহীয়ে
 হাঁহে হিঃ হিঃ হিঃ॥
 ⸺⸺o⸺⸺

[  ]

ভেকোলাৰ সপোন

ভেকোলাই এদিন
দেখিলে সপোন
তাৰ আছে ছোন
ৰজা হোৱা গুণ।
পানীত মাছ
গছত চৰাই
মৌ মাখি ভোমোৰা
ফুৰে গুণগুণাই।

[  ]

হাতীৰ আছে
 ডাঙৰ গা
জিৰাবলৈ বিচাৰে
 গছৰ ছাঁ
বাঘ সিংহ
 ৰজা মাথো বননিত,
পাৰিবনে বাৰু
 তাৰদৰে থাকিব পানীত?

 

পানীতো পাৰে সি
 মাটিতো পাৰে
তেনে কিয়-
 এনেকে থাকে?

[  ]

ভেমতে ওফন্দি
চিঞৰি ক'লে,
সকলোৰে ৰজা মই
জানিবি হ’লে।’
এইবুলি দিলে
এটা দীঘল জাপ
পিছে সমূখতে
এটি ফেঁটি সাপ।

 

আই ঐ য’তে যাওঁ
থাকে ই তাত,
ভেকোলা পটং
বাপৰ বাপ্।
 ⸺⸺o⸺⸺

[  ]

ঘোঁৰা আৰু গৰু কোন বাৰু সৰু

ঘোঁৰাই ক’লে– গৰু
 তই মোতকৈ সৰু,
মোক দেখি লাগেনে
 হিংসা বাৰু?
কথাশুনি গৰুৱে
 কাণ জোকাৰি থলে
দেখি ঘোৰাৰ খঙ
 গল চুলিৰ আগে।

[  ]

বোলে তই সঁচায়
 মুৰুখ প্ৰাণী,
সেয়েহে তোৰ
 আলায় আথানি।
গৰুৱে ক’লে হাঁহি
 শুন অ’ ঘোৰা,
বেয়া লাগে ভাই
 তই বৰ ভোদা।
দিনে নিশাই কাম কৰ
 নাই আহৰি,
তথাপিও কিয় কৰ
 তই বাহাদুৰি।

[  ]

মোলৈ চাছোন
 সুখৰ জীৱন,
খাঁও আৰু পাগলো
 কৰা নাই নে মন?
বছৰটোত হাল বাও
 মাথো দুমাহ,
মৰণাত দি থওঁ
 দুটামান পাক।
কথাশুনি ঘোৰাই
 মাৰিলে নিটাল,
কথাত কথা বাঢ়ে
 নমতাই ভাল।

⸺⸺o⸺⸺

[ ১০ ]

বিহু

বহাগত ব’হাগ বিহু
 বাজে ঢোল পেপা
অকণিৰহঁতৰ হয়
 তত্‌ নইকিয়া।
মাঘত মাঘ বিহু
 পিঠা-দৈ চিৰা।

 

মুখৰ সোৱাদ
 যিমান পাৰা খাবা৷
কাতি বিহুত হৰিনাম
 মাহ-প্ৰসাদ পাবা
তুলসীৰ তলত বহি
 হৰি নাম গাবা।

⸺⸺o⸺⸺

[ ১১ ]

বতাহ

 

বতাহ বতাহ
 বতাহ থাকে ক'ত,
বতাহ থাকে
 উদং ঠাই য'ত।
বতাহে খেলে
 লুকাই লুকাই,
ঘূৰি ফুৰে মাথো
 ঢপলিয়াই।
বতাহ হয় ধুমুহা
 যদি উঠে খঙ,
বৰ ভয় লগে
 দেখি খঙৰ ঢঙ।

⸺⸺o⸺⸺

[ ১২ ]

ফল

আম খাবা গছত পকা
 সদায় জানিবা
পাৰিলে এজুপি গছ
 ঘৰতে ৰুবা৷

 

ফল খালে বল হয়
 সকলোৱে জানে
পিছ বাৰীত কলগছ
 থাকিবই লাগে৷

[ ১৩ ]

মধুৰী, অমিতা ফল
 দেহলৈ ভাল
 য’তে ত’তে ৰুব পাৰি
 নাই আহুকাল।

 

ঘৰ শুৱনি গছ লতা
 গিয়ানী জনৰ কথা
নিৰ্মল বায়ু দিয়ে
 মনত ৰাখিবা।

⸺⸺o⸺⸺

[ ১৪ ]

বছৰৰ আহ-যাহ

এমাহ দুমাহ মিলি
হয় বাৰ মাহ
বাৰ মাহে এবছৰ
কৰে আহ-যাহ৷

⸻০⸻

[ ১৫ ]

সপ্তাহৰ সাত দিন

সপ্তাহত সাত দিন
জানানে নাজানা
তাৰো আছে নাম
কওঁ শুনি যোৱা।


সোম মঙ্গল বুধ
বৃহস্পতি শুক্ৰ
শনি আৰু দেওবাৰ
এয়ে পাক চক্ৰ।

⸻০⸻

[ ১৬ ]

ৰিম্‌ জিম্‌ বৰষুণ

ৰিম্ জিম্‌ বৰষুণ
 ডাৱৰৰ পানী
মেঘে মেঘে লাগি
 আহে বিজুলী।
আকাশ আকাশ
 ক’ত যে ঢঙ
দি দিয়ে তাপ
 উঠিলে খঙ।
কেতিয়াবা চুপ চাপ
 ৰ’দ বৰষুণ নাই
বতাহ ছাতিয়ে দেখি
 আহি নিচুকায়৷

কেতিয়াবা গাজনি,
 ৰণ তয়া ময়া
কাৰ লগত জানো
 লাগে কাজিয়া।
কেতিয়াবা দিনতে
 হয় এন্ধাৰ
বেলিটো হেৰাল বুলি
 লাগে হাহাঁকাৰ৷
⸺⸺o⸺⸺

[ ১৭ ]

ফুল

গোলাপ পাহি শুৱনি
 আলসুৱা ফুল
গুটি গুটি বকুলৰ
 গোন্ধে আমোল মোল।
গুটিমালী তগৰ পাহি-
 আৰু খৰিকাজাঁই
তেনে সুবাস আৰু
 পাবলৈ নাই।

[ ১৮ ]

গধুলি গোপাল আক’
 গধুলি ফুলে
ভেট পাহ ফুলি উঠে
 জোন ওলালে।
সূৰুযমুখী ঘূৰে
 বেলিৰ লগে লগে
শেৱালী সৰি পৰে
 দোক্ মোকালি হ’লে।

⸺⸺o⸺⸺

[ ১৯ ]

ৰঙৰ কথা

সৌৱা কি ৰং
 চোৱাছোন চোৱা
ৰঙা নীলা আৰু
 ৰঙ সেউজীয়া।
ৰঙা আৰু নীলা মিলি
 হয় বেঙুনীয়া
হালধীয়া নীলা মিলি
 হয় সেউজীয়া।
ৰঙাৰ লগত যদি
 দিয়া হালধীয়া
ৰঙ হয় জানা ভাই
 কমলা কমলা।

⸻০⸻

[ ২০ ]

ৰামধেনু

ৰামধেনুৰ সাতৰঙ
 বৰ মনোমোহা
উজলিছে আকাশত
 চালে চকুৰোৱা
ৰঙা নীলা বেঙুনীয়া
 আৰু সুমথিৰা
সেউজীয়া আছে তাত
 আৰু হালধীয়া৷

[ ২১ ]

ঘন নীলা জিলিকে
 কেনে বিতোপন
 ওচৰলৈ গই
 চুই চাবৰ মন৷
এটি এটি কৰি
 ৰঙৰ পোহাৰ
সূৰুযে আকাশক
 দিছে উপহাৰ৷৷
⸻০⸻

[ ২২ ]

ৰাতি ওলায় কোন

ৰাতি ওলায় জোন
 আৰু ওলায় কোন
ওলায় জোনাকী
 কৰি সাজোন কাচোন।
ফেঁচাই উৰুলি দিয়ে

 নিশা পৰে পৰে
ঝিলিয়ে গীত গায়
 আপোন মনে।
শিয়ালে গীত জোৰে
 কে কে হোৱা
শুনি কেনে লাগিছে
 কোৱাচোন কোৱা

⸺⸺o⸺⸺

[ ২৩ ]

আমৰলিৰ হেৰাল বাট

আমৰলি পৰুৱাৰ
হেৰাল বাট
খৰখোজে কেৰেলুৱা
ওলাল তাত।
আমৰলিয়ে খঙতে
মাৰিলে কামোৰ
কেৰেলুৱাই বোলে
সেয়ে এনে দশা তোৰ।

⸺○⸺

[ ২৪ ]

আঘোণৰ কুঁৱলি

আঘোণৰ কুঁৱলি
 একোকে নেদেখি
সিৰ্ সিৰয়া বতাহে
 কৰেহি আমনি।
আই যায় পথাৰলৈ
 হাতত কাচি লই
ধান ডাই আনিব
 ভৰালত থবলই।

⸻⸻০⸻⸻

[ ২৫ ]

হাঁহজনীৰ হাঁহি

হাঁহি হাঁহি হাঁহজনীৰ
হিঁকটি আহিল
ছাগলী জনীৰ দেখোন
ডাঢ়ি গজিল?
তাকে দেখি ছাগলীৰ
উঠি গ'ল খঙ
বোলে, তোৰো পাখি মাথো
দেখুৱাবলৈ ঢঙ।
⸻০⸻

[ ২৬ ]
 

চৰাই হৈও খোজ কাঢ়
 উৰিব নোৱাৰি
সেয়ে ভনী আহ আমি
 হওঁ দুয়ো সখী।


⸻o⸻

[ ২৭ ]

কোনে

সোনকনে সোধে
 বাইদেউ কোৱা
কথাবোৰ মই
 বুজি নাই পোৱা৷
ইমানবোৰ বস্তু
 এই পৃথিৱীত
সকলোৰে আছে নাম
 বৰ আচৰিত ৷
কোনে দিলে গছৰ নাম
 কোনে দিলে ফুলৰ
কোনে দিলে জন্তুৰ
 কোনে দিলে ফলৰ?

[ ২৮ ]

কোনে দিলে খঙ, ৰাগ
 কোনে দিলে কান্দোন
কোনে দিলে হাঁহি, ৰঙ
 কোনে দিলে ওফোন্দ।
এধানি বাইদেৱেও
 খালে থত্ মত্
এৰা, দেখোন কথাটো
 বৰ জট্ পট।
বাইদেৱে বোলে ভাই
 দিলে ছাগৈ কোনোবাই
তোৰ মোৰ নামটো হ'লে
 দিলে মা-দেউতাই।

⸻⸻o⸻⸻

[ লেখিকাৰ বিষয়ে ]

ভেকোলাৰ সপোন

শিশু পদ্য

শিশু সাহিত্যিক ৰাষ্ট্ৰীয় পুৰস্কাৰপ্ৰাপ্ত শ্ৰীমতী নীলিমা বৰাৰ প্ৰকাশিত তিনিকুৰিতকৈও অধিক গ্ৰন্থৰ দুকুৰি পাঁচখন শিশু গ্ৰন্থ। শিশুৰ মানসিকতাৰ ওপৰত গুৰুত্ব দি ৰচনা কৰা তেওঁৰ প্ৰতিখন শিশু গ্ৰন্থই উচ্চ মানদণ্ডৰ। শিশুৰ মনোগ্ৰাহীকৈ সৰস আৰু অনুপম লেখনিৰে শিশুপুথি ৰচনা কৰাত নীলিমা বৰাক সিদ্ধহস্ত বুলিব পাৰি। শিশুৰ মনৰ বিস্ময় আৰু মনোৰম জগতখনত প্ৰৱেশ কৰা অতি কঠিন তাতোকৈ কঠিন শিশুৰ মনঃস্বত্ব অধ্যয়ন কৰি মানসিকভাৱে নিজকে শিশু শাৰীলৈ নমাই নি তেওঁলোকৰ ভাব আৰু ভাষাৰে সাহিত্য সৃষ্টিকৰণতো। ইতিমধ্যে অসম সাহিত্য সভাৰ পৰা শিশু সাহিত্যিক হিচাপে সন্মান প্ৰাপ্ত হোৱা শ্ৰীমতী বৰাৰ তেৰখন শিশুগ্ৰন্থ ৰাজ্যিক ভিত্তিত পুৰুস্কৃত।

বাংলা সাহিত্য গোষ্ঠী ‘পইঠা’ই তেওঁক শিশু সাহিত্যৰ কৰ্মৰ বাবে ‘দিলীপ কুমার চন্দ’ বঁটাৰে সন্মানিত কৰিছে। তেওঁলৈ শুভকামনা আৰু দীৰ্ঘায়ু কামনা কৰিছো।

—মীৰা ঠাকুৰ


এই লেখাটো মুক্ত আৰু ইয়াক সকলোৱে যিকোনো কাৰণত বা যিকোনো উদ্দেশ্যত ব্যৱহাৰ কৰিব পাৰে। আপুনি যদি এই সমল ব্যৱহাৰ কৰিব বিচাৰে, তেন্তে এই পৃষ্ঠাত উল্লিখিত অনুজ্ঞাপত্ৰৰ প্ৰয়োজনীয়তাসমূহ অনুসৰণ কৰিলে আপুনি অনুমতি বিচৰাৰ প্ৰয়োজন নাই ।

ৱিকিমিডিয়াই ই-মেইলযোগে এই লেখাৰ স্বত্বাধীকাৰীৰ পৰা এই লেখাক এইটো পৃষ্ঠাত উল্লিখিত চৰ্তসমূহৰ অধীনত ইয়াৰ ব্যৱহাৰৰ অনুমোদন লাভ কৰিছে। এই বাৰ্তালাপক এজন OTRS সদস্যই পৰিদৰ্শন কৰিছে আৰু ইয়াক আমাৰ অনুমতিৰ সংগ্ৰহালয়ত সংৰক্ষণ কৰি ৰখা হৈছে। এই বাৰ্তালাপ বিশ্বাসযোগ্য স্বেচ্ছাসেৱকসকলৰ বাবে উপলব্ধ।

 

এই লেখা ক্ৰিয়েটিভ কমন্স এট্ৰিবিউচন-শ্বেয়াৰ এলাইক 4.0 আন্তৰ্জাতিক অনুজ্ঞাপত্ৰৰ অধীনত মুকলি কৰা হৈছে, ইয়াৰ মতে আপুনি এই লেখাৰ অনুজ্ঞাপত্ৰ পৰিবৰ্তন নকৰাকৈ আৰু স্পষ্টকৈ উল্লেখ কৰি, আৰু মূল লেখকৰ নাম উল্লেখ কৰি বিনামূলীয়াকৈ ব্যৱহাৰ, বিতৰণ, আৰু বিকাশ কৰিব পাৰিব—আৰু যদি আপুনি বিকল্প, পৰিবৰ্তন, বা এই লেখাৰ পৰা অন্য কোনো লেখা প্ৰস্তুত কৰে, সেই লেখাও একে অনুজ্ঞাপত্ৰৰ অধীনতহে মুকলি কৰিব পাৰিব।